Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

10 Assamese Sad Story You Must Read | Story In Assamese Language

10 Assamese Sad Story You Must Read | Story In Assamese Language

10 Assamese Sad Story You Must Read | Story In Assamese Language

কোনোৱা আহিব বুলি অপেক্ষাত ৰোৱা ৷ কিবা যেন আধৰুৱা এইবোৰ কথা

ৰাতিবোৰত হঠাৎতেই সাৰ পাই উঠো ৷ চিল মিল টোপনিটো ভাগি যায় ৷ কি যে ভয়ানক সপোনবোৰ আহি থাকে ৷ কোনেও হয়তো নুৱুজে ৷কেতিয়াবা আমিবোৰ এই পৃথিবীৰ আটাইকৈ অকলশৰীয়া মানুহ জন হৈ পৰো ৷ যিদৰে আমিবোৰ এদিন আহিছিলো ৷ আৰু এদিন গুচি যামগৈ ৷ আপোনজনে হয়তো কেইদিনমানৰ বাবে কান্দিব লাহে লাহে তেওলোকৰ মাজৰ পৰাও ইতিহাস হৈ যাম ৷ কেতিয়াবা কেতিয়াবা জীৱনটোৱেই এনেকুৱা হৈ যায় ৷ আহিছা অকলেই… উপভোগ কৰা অকলেই… গুচিও যাবা অকলেই ৷

ভালপোৱা ৷ হা হা ৷ একেবাৰেই ফাল্টু ৷ হয়তো মোৰ দৰে প্ৰতিজনে বুজে হয়তো কি ভালপোৱা, হয়তো কি বিষাদ, যেতিয়া টোপনি যাব খুজিলেও টোপনি নাহে ৷ যদি প্ৰচেষ্টা ৰ মুৰত সপোন আহিলেওঁ ভযংকৰ হৈ আহে 

দৰাচলতে এনেকুৱা হোৱা নাছিল ৷ যেতিয়া মেঘালীজনী আছিল ৷ যাৰ দুচকুৰ সিপাৰেই মোৰ সিমাহীন সপোন আৰম্ভ হৈছিল ৷ অইন দহজনৰ দৰে দেখা পোৱাৰ লগে লগে ভালপোৱা হোৱা নাছিল ৷ ভালপোৱাৰ সিহৰণ জাগিছিল ৷ এই যে তাই ৰ কাষৰে দুবাৰমান যাম বন্ধুবোৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰিব ৷ কাষ পালেই জোকাব ৷কেতিয়াবা কেতিয়াবা তাই ক্লাছত থাকিব মইও আকৌ বাৰান্দাৰে এপাক মাৰি চাই যাম ৷ তাই হাহিব লগৰজনীক কিবা কৱ ৷ মই সপোন দেখিম পোৱা নোপোৱাৰ ৷ মই অনুভৱ কৰিবলৈ লম ভালপোৱাবোৰ সচাই ধুনীয়া …

শুনিলেই ভালেই লাগে, অভিজ্ঞতাও ধুনীয়া … যেতিয়া সপোনবোৰ গছকি যায় তাৰ মজাটোও ধুনীয়া 

ভঙি যোৱা বস্তবোৰ ঘুৰাই পোৱাটো টান, সহজে জোৰা নালাগে আৰু সেইবোৰ ভাঙিবলৈও টান যত আপোনাৰ স্মৃতি বিতাড়িত হৈ থাকে ৷ হয়তো ভাঙি দিয়াৰ আগতে তাইয়ো ভবা নাছিল ৷ আৰু ভাঙিব বুলি জানিও মই আগবঢ়াই দিছিলো "এষাৰ লোৱা হৃদয়খন ৷ আজিৰ পৰা তোমাৰেই ইয়াৰ ওপৰত সৰ্বঅধিকাৰ ৷ "

ছেন্টি৷ You can’t avoid pain. No matter what you do in life .. Pain makes you stronger. Tears make you braver.. .ওকে ওকে ৷ .. আৰু ভালপোৱা ৷ লগৰ কোনোৱাই কৈ দিব ৷ "আৰে ইয়্যাৰ নতুন লৈ ল ৷ তই এনেও ধুনীয়া ৷ " যদি মই সোধো ভালপোৱা ? কৈ দিব ৷ ভালপোৱাবোৰ তো ভালপোৱাই হৈ ৰয় ৷ মাঠো মানুজন সলনি হয় ৷ নাই মই মানি নলও ৷ যিজন মোৰ নহয় ৷ যাৰবাবে মই আজিও দুখীও হৈ ৰয় ৷ যিজনৰ মোক বুজিবলৈ সমৰথই নাথাকিল সেইজনতো মোৰ নহয় ৷ আৰু ভালপোৱা আৰু বিষাদ লোৱা ৷ কোনোৱা আহিব বুলি অপেক্ষাত ৰোৱা ৷ কিবা যেন আধৰুৱা এইবোৰ কথা 

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment