১৯৭১ ৰ ভাৰত পাকিস্তানৰ যুদ্ধ | ভাৰতীয় সেনা প্ৰধান শ্বাম বাহাদুৰ মানেকশ্ব
১৯৭১ ৰ ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতীয় সেনা প্ৰধান শ্বাম বাহাদুৰ মানেকশ্ব’ৰ সৈতে কি হৈছিল
কংগ্ৰেছৰ ৰাজনীতিৰ অন্যতম উদাহৰণ। ভাৰতৰ সেনাক "গলিৰ গুণ্ডা" বুলি কোৱা কংগ্ৰেছৰ দেশপ্ৰেমহীনতাৰ পৰম্পৰা আজিৰ নহয়।
এখেতৰ নাম শ্বাম মানেকশ্ব ৷ তেখেত স্বাধীন ভাৰতৰ ২য় জন সেনাৰ জেনেৰেল যাক ফিল্ড মাৰ্শ্বাল পদলৈ উন্নীত কৰা হৈছিল ৷ ১৯৭১ চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সময়ত তেওঁ ভাৰতীয় সেনা প্ৰধান হিচাপে নিয়োজিত আছিল ৷ স্বভাৱত ধীৰ ও নিৰ্ভীক শ্বাম বাহাদুৰ মানেকশ্ব কেতিয়াও কোন ৰাজনৈতিক নেতাক খাতিৰ কৰা বিধৰ বিষয়া নাছিল ৷ আনকি নিজৰ কৰ্তব্যৰ আগত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীকো প্ৰাধান্য দিয়া নাছিল ৷ আৰু এই কাৰ্য্যই কাল হ’ল এখেতৰ ৷
ঘটনা ১৯৭১ ৰ ৷ ভাৰত পাকিস্তানৰ যুদ্ধ ৷ শ্বাম বাহাদুৰ মানেকশ্ব’ আছিল ভাৰতীয় সেনা প্ৰধান ৷ ইন্দিৰা গান্ধীয়ে সৈন্য বিষয়ক প্ৰতিটো কথাতে আপত্তি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিলে ৷ সেনাৰ সুবিধা অসুবিধাৰ পৰিস্থিতিৰ বিৰুদ্ধে সেনাক যুদ্ধ কৰিবলৈ আদেশ দিলে ৷ সেই সময়ত জেনেৰেল মানেকশ্ব’য়ে প্ৰধানমন্ত্ৰী ইন্দিৰাক কলে যে..
“ যিদৰে সেনাই আপোনাৰ ৰাজনীতিত হস্তক্ষেপ নকৰে সেইদৰে আপুনিও সেনাৰ প্ৰতিটো বিষয়ত হস্তক্ষেপ নকৰিব ৷ যুদ্ধৰ আদেশ দিয়া আপোনাৰ কাম , কিন্তু আক্ৰমণ কোন সময়ত আৰু কেনেকৈ কৰা হব এইবোৰ আমাৰ মতে হব ৷ যুদ্ধ আৰম্ভ আপুনি কৰিছে আৰু শেষ আপুনি নকৰে, সেনাই হে কৰিব ৷”
এজন দেশভক্ত’ৰ মূল্য বুজি পালে এজন দেশভক্তই ৷ সুদীৰ্ঘ ৩৬ বছৰ পাছত মহাত্মা আব্দুল কালাম ছাৰে চিকিৎসালয়ত মৃত্যুৰে যুঁজি থকা জেনেৰেল মানেকশ্ব’ক প্ৰায় ১২.৫ কোটি টকাৰ এখন চেক প্ৰদান কৰিলে ৷
আনকি খ্ৰীষ্টান সকলৰ প্ৰধান পোপ জনৰ মৃত্যুত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক অৰ্ধনৰ্মিত কৰা কংগ্ৰেছ চৰকাৰে ২০০৮ চনত ভাৰতীয় সেনাৰ প্ৰথম ফিল্ড মাৰ্শ্বাল জনৰ মৃত্যুত নজনালে কোনোধৰণৰ ৰাষ্ট্ৰীয় শোক ৷ তেতিয়া চোনীয়া গান্ধীৰ চৰকাৰ চলিছিল।
আইৰ’ণ লেডী বুলি পৰিচিত ইন্দিৰা গান্ধীৰ আচল ৰূপটো আছিল এনেকুৱাই ৷ আৰু সেই ইন্দিৰাৰ নাতিয়ে আজি নৰেন্দ্ৰ মোদীৰ দৰে স্বদেশপ্ৰেমী প্ৰধানমন্ত্ৰী জনক সেনাৰ নামত ৰাজনীতি কৰা বুলি প্ৰচাৰ কৰে ৷দেশদ্ৰোহী পৰিয়াল ৷
Join the conversation