যদি আপুনি এটা সম্পৰ্কত আছে তেন্তে পঢ়ক
যদি আপুনি এটা সম্পৰ্কত আছে তেন্তে পঢ়ক
এহাল কণমানি লৰা-ছোৱালীয়ে একেলগে খেলি আছিল। ল’ৰাটোৰ ওচৰত এমোনা ৰংবিৰঙৰ মাৰ্বল আছিল আৰু ছোৱালীজনীয়ে লৈ ফুৰিছিল এসোপামান চকলেট। ল’ৰাটোৱে ছোৱালীজনীক ক’লে যে সি তাৰ গোটেইবোৰ মাৰ্বল ছোৱালীজনীক দি দিব, যদিহে তাই নিজৰ চকলেটবোৰ তাক দিয়ে। প্ৰস্তাৱটোত ছোৱালীজনী একে আষাৰে সন্মত হ’ল।
ল’ৰাটোৱেমনে মনে তাৰ আটাইতকৈ ডাঙৰ আৰু ধুনীয়া মাৰ্বলটো লুকুৱাই ৰাখিলে আৰু বাকীবোৰ ছোৱালীজনীক দি দিলে। ছোৱালীজনীয়ে কিন্তু প্ৰতিশ্ৰুতিমতেই নিজৰ গোটেইবোৰ চকলেট ল’ৰাটোৰ হাতত তুলি দিলে।
সেই ৰাতি ছোৱালীজনী শান্তিৰে শুলে, কিন্তু বহু ৰাতিলৈকে ল’ৰাটোৰ টোপনি নাহিল। সি ভাবি থাকিল - তাৰ দৰে কিজানি ছোৱালীজনীয়েও নিজৰ আটাইতকৈ ভাল চকলেটটো নিজৰ বাবে লুকুৱাই ৰাখিছে। অবিশ্বাস আৰু সন্দেহৰ পৰুৱাটোৱে ল’ৰাটোৰ চকুৰ টোপনিবোৰ কুটি কুটি খাবলৈ ধৰিলে।
যদি আপুনি এটা সম্পৰ্কত ১০০ শতাংশই উজাৰি নিদিয়ে, তেতিয়া আনজনেও আপোনাক এশ শতাংশ দিয়া নাই বুলি আপুনি সদায় সংশয়ত থাকিব লাগিব। প্ৰেম, বন্ধুত্ব, কৰ্মক্ষেত্ৰ আদি সকলো ক্ষেত্ৰতে এই কথা খাটে।
সেয়ে আপুনি কৰিবলগীয়া যিকোনো ভাল কামতেই সদায় নিজকে সম্পূৰ্ণৰূপে উজাৰি দিয়ক, দুদিন দেৰি হ’লেও তাৰ ফলাফলো সম্পূৰ্ণৰূপেই পাব। আন নহ’লেও, তাত্ক্ষণিকভাৱে, অন্ততঃ সেইদিনাৰ ৰাতিটো আপুনি শান্তিৰে টোপনি যাব পাৰিব।
Join the conversation