কিতাপত নোহোৱা ভাৰতৰ বুৰঞ্জী Hidden History Of India

কিতাপত নোহোৱা ভাৰতৰ বুৰঞ্জী Hidden History Of India

দ্বিতীয় বিশ্বযুদ্ধত জাপান আৰু জাৰ্মানে ব্ৰিটিছৰ কমৰ ভাঙি দিছিল এক প্ৰকাৰ । আনহাতে ভাৰতত সুভাষ চন্দ্ৰ বসেও ব্ৰিটিছৰ পানীত হাঁহ নচৰা অৱস্থা কৰি দিছিল ।ভাৰতক ব্ৰিটিছে স্বাধীনতা দিয়াৰ বাহিৰে আন উপায় দেখা পোৱা নাছিল । সেই সময়ত ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী ক্লিমেট অতলী আছিল আৰু ভাৰতৰ দায়িত্ব লৰ্ড মাউন্টবেটেনক দিছিল । জিন্না আৰু নেহৰুৰ লগত মাউন্টবেটেনে আলোচনাত বহিল । সেই আলোচনা গোপন কৰি ৰখা হল । 3 জুন 1947 চনত ব্ৰিটিছ চৰকাৰে এখন আঁচনি ঘোষণা কৰিলে । যাক 3 June plan বুলিও কোৱা হয় ।

এই আচনীখনৰ কেইটামান বিশেষ কথা আছিল :

  • 1. ভাৰতক পাকিস্তান আৰু ইণ্ডিয়া বুলি দুভাগ কৰা হব ।
  • 2. ভাগ হোৱা ভাৰত আৰু পাকিস্তান উভয়কে 'অধিকৃত' (dominion) কৰি ৰখা হব ব্ৰিটিছৰ ।
  • 3. ব্ৰিটিছে ভাৰতত গভর্নৰ নিযুক্তি কৰিব আৰু সেই গভৰ্নৰ ব্ৰিটিছৰ ৰাণীৰ নিৰ্দেশত কাম কৰিব ।



সেই মতেই ব্ৰিটিছে এখন আইন বনালে ব্ৰিটেইন পাৰ্লিয়ামেণ্টত । আইনখনৰ নাম হল 'indian Indipendence Act 1947 ' .

এই আইনখনক ভাৰতত লাগু কৰি ভাৰতখন আংশিক স্বাধীন কৰি দিয়া হল কিন্তু চিৰদিনলৈ অধিকৃত কৰি ৰাখিলে ব্ৰিটিছৰ ।সেইমতেই লৰ্ড মাউণ্টবেটেনে এবছৰ ভাৰতত থাকিল আৰু তেওঁ যোৱাৰ পিছত গভৰ্নৰৰ আসনখন তেওঁৰ ঘনিষ্ঠ চি ৰাজগোপালচাৰিক দি গল । চি ৰাজগোপালচাৰিক দৰমহা ব্ৰিটিছে দিছিল ।তাৰ পিছত ভাৰতত 1950 চনৰ 26 জানুৱাৰীৰ পৰা গণতন্ত্ৰ প্ৰতিষ্ঠা হল , কিন্তু ব্ৰিটিছ commonwealth ৰ ভিতৰত থাকিল । আজিও আমি ব্ৰিটিছ commonwealth ৰ পৰা বাহিৰত ওলাব পৰা নাই ।ব্ৰিটিছ commonwealth ৰ পৰা ওলাবলৈ বা ভাৰতক সম্পূৰ্ণ স্বাধীন কৰিবলৈ পূৰ্বতে যে কোনেও সাহস কৰা নাই তেনে নহয় , পূৰ্বৰ বহুকেইজন প্ৰধানমন্ত্ৰীয়ে সাহস কৰিছিল । কিন্তু সেই আটাইকেইজৰে ৰহস্যজনক মৃত্যু হৈছিল ।

প্ৰথম চেষ্টা কৰিছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে । 1965 চনত হোৱা ভাৰত আৰু পাকিস্তানৰ যুদ্ধত পাকিস্তাক লাহোৰলৈ খেদি গৈছিল ভাৰতীয় সেনাই । বিপদত পৰি পাকিস্তানে ব্ৰিটিছৰ মধ্যস্থতা বিচাৰিছিল ।ব্ৰিটিছে মাজত আহি 10 জানুৱাৰী 1966 চনত উজবেকিস্তানতৰ টাস্কেনত আলোচনা পাতিলে ।সেই আলোচনতাত শাস্ত্ৰীৰ ৰহস্যজনক মৃত্যু হল ।। মৃতদেহ ঘূৰি আহিল ভাৰতত । পাকিস্তানো যিহেতু ব্ৰিটিছ commonwealth ৰ অংশ , সেইবাবে ব্ৰিটিছে পাকিস্তানৰ লোকচান হোৱাটো নিবিচাৰে ।তাৰ পিছত ভাৰতক সম্পূৰ্ণ স্বাধীন কৰিবলৈ চেষ্টা কৰিলে ইন্দিৰা গান্ধীয়ে ।

ভাৰতক সকলো প্ৰকাৰে সক্ষম কৰি তুলিলে । পাৰমাণৱিক শক্তিশালী কৰি তুলিলে ভাৰতক । কিন্তু ইন্দিৰা গান্ধীও মৰি থাকিল ৰহস্যজনক ভাবে ।

তাৰ পিছত ৰাজীৱ গান্ধী ।ভাৰতে বিচাৰিলেও পাকিস্তানক বিশ্বক দেখুৱাই একো কৰিব নোৱাৰে । কৰিলেও লুকাই কৰিব লাগিব ।

দৰাচলতে ব্ৰিটিছে যি চুক্তি অনুসৰি ভাৰতক আংশিক স্বাধীনতা দিছিল , তাৰ বিপৰীতে যোৱা বা সিহঁতে লুটিবলৈ আৰু দমন কৰিবলৈ বনাই থৈ যোৱা কোনো আইন বন্ধ হোৱাটো নিবিচাৰে ।ব্ৰিটিছে বনাই যোৱা আইন ভাঙিবলৈ ভাৰত চৰকাৰে বা ভাৰতৰ সংসদৰ অধিকাৰ নাই ।

  • Income Tax Act
  • Indian Police Act,
  • Land Acquisition Act,
  • Indian Forest Act
  • Motor vehicle Act,
  • Weapons Act 


আদিৰ দৰে প্ৰায় 36 হেজাৰ আইন ব্ৰিটিছে ভাৰতত লগাইছিল ভাৰতীয় সকলক দমন কৰিবলৈ ।কিন্তু যোৱা 5 বছৰত তেনে প্ৰায় 3000 আইন ধ্বংস কৰা হৈছে , যিবোৰ ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত বাধা হৈ আছিল ।ভাৰতৰ দুৰ্ভাগ্য যে বগা ব্ৰিটিছ যোৱাৰ পিছতো কলা ব্ৰিটিছে একেদৰে বহু বছৰ ভাৰতখন শাসন কৰিলে ।সেয়ে ভয় হয় , মোদী ডাঙৰীয়াক যেন ভগৱানে কুশলে ৰাখে ।

-পংকজ পাঠক 

0/Post a Comment/Comments

Previous Post Next Post