Assamese Short Story With Moral | Hadhu Assamese
assamese short story with moral,hadhu assamese,assamese story assamese story,assamese short story
Assamese Short Story With Moral | Hadhu Assamese
মোৰ দেউতাৰ দ্বিতীয় বিবাহ
পত্ৰিছ বছৰ বয়সত যেতিয়া মোৰ মাৰ মৃত্যু হৈছিল সকলোৱে মোৰ দেউতাক কৈছিল তেওঁ হেনো দ্বিতীয় বিয়া কৰিব লাগে। সেই সময়ত দেউতাই কৈছিল তেঁওৰ ওচৰত মোৰ মায়ে দি যোৱা উপহাৰ স্বৰূপ সন্তানটো (অৰ্থাৎ মই) আছে। ইয়াকে লৈয়েই তেও বাকী দিনবোৰ পাৰ কৰিব খোজে।
মই যেতিয়া কিছু ডাঙৰ হলো, ঘৰৰ কাম কাজ চলাব পৰাকৈ কৰ্মথ হলো দেউতাৰ ব্যৱসায়ৰ সমস্ত ভাৰ মোৰ হাতলৈ দিলে আৰু মোক বিয়া কৰাই দিলে। নীৰব ঘৰখনত পত্নী বুলি কব পৰাকৈ মই এজন সংগিনী আৰু বোৱাৰী বুলি কব পৰাকৈ তেঁওৰ বাবে এজনী নতুন জীয়ৰী আহিল......
এবছৰ খুব ধুনীয়াকৈ পাৰ হল। মই নিতৌ ৰাতিপুৱা শুই উঠি অফিচ যাঁও। গধূলি ঘুৰি আহো। কব পৰাকৈ একেবাৰে....... হেপ্পী মেৰিড লাইফ........
..
অন্যদিনাৰ দৰে সিদিনাও হাত মুখ ধুই খোৱাৰ বাবে সাজু হৈছে। দেউতাই সিটো ৰুমৰ পৰা কৈ উঠিল, তেওঁক হেনো দৈ লাগে । মোৰ পত্নীয়ে কৈ উঠিল "ঘৰত দৈ নাই" ।
কিছু সময় পিছত মোৰ পত্নীৰ সৈতে খাবলৈ বহি দেখিলো কাষত বাটি ভৰ্তি দৈৰ সুগন্ধি। কোনো প্ৰতিক্ৰিয়া নজনাকৈ মই সিদিনা খালো। আৰু সধাৰণ ভাবে অফিচলৈ বুলি ওলাই আহিলো।
কেইদিনমান পৰা হল... আজি মই অফিচ বাদ দিছো। দুদিনমান আগতে ঘৰৰ সকলো পুৰণি পৰ্দা সলনি কৰি নতুন কৰা হৈছে। আজি মই ভীষন ব্যস্ত হৈ দিনটো পাৰ কৰিম। হঠাৎ অফিচ যাবলৈ ওলাল... মই পিচপিনৰ পৰা মাত দিলো। - "দেউতা আজি তুমি অফিচ নহয়, কোর্টত যাব লাগিব হবে। আজি তোমাৰ বিয়া। দেউতা আশ্চর্য হৈ মোক চাই থাকিল আৰু কলে- 'মোৰ আৰু বিয়াৰ দৰকাৰ নাই, আৰু মই তোমাক ইমান মৰম কৰো যে তোমাৰো নতুন মা'ৰ দৰকাৰ নাই। তেতিয়াহলে আকৌ বিয়া কৰাৰ কিহৰ দৰকাৰ " ?
মই কলো 'দেউতা, মই মোৰ বাবে মা আনিবলৈ খোজা নাই, নাকি তোমাৰ বাবে পত্নী। মইতো কেবল তোমাৰ দৈৰ হে ব্যৱস্থাখিনি হে কৰিছো। ' ।
কালিৰ পৰা মই ভাৰাঘৰত তোমাৰ বোৱাৰীজনীৰ সৈতে থাকিম আৰু তোমাৰ অফিচত এজন কৰ্মচাৰীৰ দৰে কাম কৰিম। দৰমহা লম। যাতে তাই বুজিব পাৰে,
দৈৰ দাম কিমান
-ভাবানুবাদ
-স্বপ্ননীল আকাশ
Join the conversation