সেনাবাহিনী নথকা দেশখন Country Without Armed Force
সেনাবাহিনী নথকা দেশখন A World Without Armies
সেনাবাহিনী নথকা দেশখন Country Without Armed Force
✔আগৰ দিনবোৰ বেছি ভাল আছিল। আজিকালি দিনকাল বেয়া হ’ল। প্ৰায় প্ৰতিজন লোকে কৰা মন্তব্য এয়া। পিছে কথাটো কিমানদূৰ সত্য? ইতিহাসৰ পৃষ্ঠা লুটিয়ালেই বুজিব পাৰি যে আগৰ দিনবোৰ অধিক ভয়াৱহ আছিল, নাছিল জীৱনৰ কোনো নিৰাপত্তা। যুদ্ধ-বিগ্ৰহ আছিল তেনেই সাধাৰণ ঘটনা। ৰাজ্যবোৰ তেতিয়া সৰু সৰু আছিল। কোনো আন্তৰ্জাতিক নীতি-নিয়ম নথকাত ৰজাৰ মন গ’লেই চুবুৰীয়া ৰাজ্য আক্ৰমণ কৰিছিল। এনে যুদ্ধত কিমান লোকে অকাৰণতে প্ৰাণ হেৰুৱাইছিল তাৰ কোনো সীমা সংখ্যা নাই।
✔মানৱ সমাজ এৰি এইবাৰ আহিছো গভীৰ অৰণ্যৰ জীৱ-জন্তুৰ পৃথিৱীখনলৈ। এবাৰলৈ হ’লেও 'এনিমেল প্লেনেট বা 'নেশ্যনেল জিঅ’গ্ৰাফিক’ নোচোৱা লোক নিশ্চয় বৰ্তমান সময়ত এজনো নাই বুলিব পাৰি। অৰণ্যৰ দৃশ্যবোৰ চালেই স্পষ্ট হৈ পৰে যে কিদৰে প্ৰতিটো জীৱ-জন্তুৱে মূৰত মৃত্যু লৈ ঘূৰি ফুৰে। ক্ষণে ক্ষণে কেৱল যুদ্ধ আৰু যুদ্ধ। খাবৰ বাবে যুদ্ধ, জীয়াই থাকিবৰ বাবে যুদ্ধ।
✔কোৱা হয় মানুহ জীৱশ্ৰেষ্ঠ। মানুহে নিজেই নিজক দি লোৱা এক উপাধি অথবা সন্মান। মানুহৰ আছে সভ্যতা। এটা সময়ত মানুহেও অৰণ্যৰ জীৱন কটাইছিল। জীয়াই থাকিবৰ বাবে লিপ্ত হৈছিল যুদ্ধত। কেতিয়াবা যদি বাঘ-সিংহৰ সৈতে, কেতিয়াবা ভালুকৰ সৈতে। অৰণ্যৰ সেই জীৱন এৰি এদিন মানুহে সমাজ পাতি বাস কৰিবলৈ ল’লে। তাৰ পিছতো যুদ্ধ-বিগ্ৰহ চলিয়েই থাকিল। বাঘ-ভালুকৰ পৰিৱৰ্তে এইবাৰ যুদ্ধ হ’ল নিজৰ মাজতে। সেই যুদ্ধত বৈ যোৱা অগণন সৈন্য আৰু নীৰিহৰ তেজেৰেই লিপিৱদ্ধ আমাৰ ইতিহাস।
✔সময় সলনি হ’ল। সমগ্ৰ বিশ্বখন ৰূপান্তৰিত হৈ পৰিল তেনেই এখন ক্ষুদ্ৰ গাঁৱলৈ। এয়া একবিংশ শতিকা। ইমানৰ পিছতো এতিয়াও মানুহৰ তেজৰ পৰা নাইকিয়া হোৱা নাই যুদ্ধৰ উন্মাদনা। এনে যুদ্ধ উন্মাদনাৰ বাবেই মানৱতাই প্ৰাধান্য পোৱা আজিৰ যুগতো এটকা এটাৰ বাবে চিনাকিজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে মানুহে। ব্যক্তিৰ পৰা গৈ যদি দেশ হিচাপে চাও তেতিয়াও সেই একেই যুদ্ধ উন্মাদনা। কোনো কথাক লৈ মত-পাৰ্থক্য হ’লেই মানুহে যুদ্ধ বিচাৰে। এইখিনি মোৰ মাটি, এইখিনি তোমাৰ মাটি, নহয় এইখিনি মোৰ, এইখিনি তোমাৰ। এনেকৈয়ে আৰম্ভ হয় মৃত্যুৰ কিৰিলি- যুদ্ধ। বিজ্ঞানৰ যুগত জীৱনধাৰণৰ মানদণ্ডৰ দৰেকৈ যুদ্ধৰ সা-সৰঞ্জামসমূহো উন্নত আৰু সহজলভ্য। ফলত নিমিষতে ছাই হৈ পৰে হিৰোশ্বিমা-নাগাচাকি। তছনছ হৈ পৰে ছিৰিয়া, ইৰাক, আফগানিস্তান, ভিয়েটনাম!
✔জয় অথবা পৰাজয়... যুদ্ধ মানেইতো সৈন্যৰ কুচকাৱাজ, অস্ত্ৰৰ ঝনঝননি। যুদ্ধত নাথাকে বৈধ-অবৈধৰ কোনো কথা। হত্যা, ধৰ্ষণ, শিৰচ্ছেদ, বীভৎস অত্যাচাৰ যুদ্ধত তেনেই স্বাভাৱিক। যুদ্ধত সেইটো পক্ষৰেই জয় হয় যিটো পক্ষই বেছি লোকক হত্যা কৰিব পাৰে। যিজন সৈন্যই প্ৰতিপক্ষৰ অধিক সৈন্য অথবা সাধাৰণ লোকক হত্যা কৰিব পাৰে সেইজনেই পৰিগণিত হয় অধিক বীৰৰূপে। বিপৰীতে যিসকল সৈন্য যুদ্ধত যুঁজি প্ৰতিপক্ষৰ হাতত মৃত্যুবৰণ কৰে সেইসকলক দিয়া হয় শ্বহীদৰ সন্মান।
✔এইখিনিতে উত্থাপিত হয় এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। যুদ্ধৰ সম্ভাৱনা আছে বাবে সৈন্য আছে নে সৈন্য আছে বাবেই যুদ্ধৰ সম্ভাৱনা আছে? যদিহে যুদ্ধৰ কোনো সম্ভাৱনা নাথাকে তেন্তে সৈন্যৰ প্ৰয়োজন নাইকিয়া হৈ পৰিব। একেদৰে যদিহে কোনো দেশতে এজনো সৈন্য নাথাকে তেন্তে যুদ্ধৰো সম্ভাৱনা নিজে নিজে নাইকিয়া হৈ পৰিব। পিছে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত যুদ্ধহীন পৃথিৱী অথবা সৈন্যহীন পৃথিৱী সম্ভৱনে? পাৰমাণৱিক শক্তিৰ অধিকাৰী কেবাখনো দেশ থকালৈ চাই ইয়াক অধিকাংশ লোকে একমুখে উদ্ভট বুলিয়েই ধাৰণা কৰিব।
✔কিন্তু সমগ্ৰ বিশ্বতে যি পাৰমাণৱিক নিৰস্ত্ৰীকৰণ প্ৰক্ৰিয়া চলি আছে তালৈ চাই সৈন্যহীন আৰু যুদ্ধহীন পৃথিৱী এখনৰ কল্পনা বাস্তৱ হ’বলৈ বেছিদিনৰো প্ৰয়োজন নহয়। কিয়নো লাহে লাহে প্ৰতিজন বিশ্ব নেতাই উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে পাৰমাণৱিক অস্ত্ৰই সমগ্ৰ মানৱ জাতিলৈ ভাবুকি কঢ়িয়াই আনিছে। এনে উপলব্ধিৰ ফলতে ডনাল্ড ট্ৰাম্প আৰু কিম জং উনৰ দৰে নেতাইয়ো আলোচনাত বহিবলৈ ৰাজী হৈছে।
Why Costa Rica Has No Army?
✔এতিয়া আহিছো মূল কথালৈ। আচৰিত হ’লেও এয়া সত্য যে চৌদিশে যুদ্ধ উন্মাদনা অব্যাহত থকাৰ মাজতো এই পৃথিৱীত আছে সৈন্য-সামন্তহীন কেবাখনো দেশ। এখন-দুখন নহয় ২৩খনকৈ সাৰ্বভৌম ৰাষ্ট্ৰত নাই সৈন্যবাহিনী। সৈন্যবিহীন এই ২৩খন ৰাষ্ট্ৰৰ ভিতৰত অন্যতম হৈছে কোষ্টাৰিকা। পৃথিৱীৰ সুখী দেশসমূহৰ অন্যতম আমেৰিকা মহাদেশৰ ৰাষ্ট্ৰ কোষ্টাৰিকালৈ বছৰি লাখ লাখ পৰ্যটকৰ আগমন ঘটে যদিও অধিকাংশ পৰ্যটকেই অৱগত নহয় যে তেওঁলোকে এখন সৈন্যবিহীন দেশত ভৰি থৈছে।
✔১৯৪৮ চনৰ ১ ডিচেম্বৰ। সেইদিনাই ৰাষ্ট্ৰপতি জ’ছ ফিগাৰছে কোষ্টাৰিকাক সৈন্য-সামন্ত মুক্ত দেশ হিচাপে ঘোষণা কৰে। 'আপোনালোকৰ মূৰৰ ভিতৰত একোটাকৈ মগজু আছে। আপোনালোকৰ জোতাৰ ভিতৰত আছে দুখন ভৰি। গতিকে মই বিশেষ একো নকও। মই ইয়াকে কও যে আপোনালোকে এতিয়াৰে পৰা নিজৰ দেশত পছন্দৰ যিকোনো ঠাইলৈ মুক্তমনে অহা-যোৱা কৰিব পাৰে।’-সেইদিনা হাতত এটা প্ৰকাণ্ড হাতুৰী লৈ ৰাজধানী ছেন জ’ছস্থিত সেনাৰ মুখ্য কাৰ্যালয়ৰ শিলৰ দেৱালত কোব মাৰি এইদৰে কয় ৰাষ্ট্ৰপতি ফিগাৰছে। ১৯১৭ চনত স্থাপিত সেনাৰ উক্ত কাৰ্যালয়ত হাতুৰীৰে কোব শোধাই দিয়া উদাত্ত ভাষণ কেৱল প্ৰদৰ্শনকামিতা নাছিল। ভাষণৰ শেষ কৰিয়েই তেওঁ আৰম্ভ কৰে 'সেনা হাতাও’ অভিযান।
✔'সেনা হতাও’ অভিযান অনুষ্ঠানৰ সামৰণিৰ পিছতে ৰাষ্ট্ৰপতি ফিগাৰছে সেনাৰ মুখ্য কাৰ্যালয়ৰ ছাবি আনুষ্ঠানিকভাৱে অৰ্পণ কৰে শিক্ষামন্ত্ৰীৰ হাতত। ছাবি শিক্ষামন্ত্ৰীক অৰ্পণ কৰিয়েই তেওঁ কয় যে সেনাৰ মুখ্য কাৰ্যালয়তো ৰাষ্ট্ৰীয় কলা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হ’ব আৰু সৈন্য বাজেটৰ সকলো ধন স্বাস্থ্য সেৱা, শিক্ষা আৰু পৰিৱেশ সংৰক্ষণত ব্যয় কৰা হ’ব।
✔সেই তেতিয়াৰে পৰা আজিলৈকে কোষ্টাৰিকাত স্থল, বায়ু আৰু নৌ কোনোধৰণৰ সেনাই নাই। দেশখনৰ আভ্যন্তৰীণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু কোনো প্ৰাকৃতিক দুৰ্যোগ তথা অন্যান্য সমস্যাৰ মোকাবিলা কৰিব পৰাকৈ আছে কেইহাজাৰমান অৰ্ধসামৰিক বাহিনী। যদিহে দেশখনলৈ কোনো বিদেশী ৰাষ্ট্ৰনেতাৰ আগমন ঘটে তেন্তে কোনো সেনাৰ পোছাকধাৰী লোকে আদৰি নিয়াৰ পৰিৱৰ্তে আদৰি নিয়ে ৰাষ্ট্ৰীয় পোছাক পৰিহিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে।
✔ইমানৰ পিছতো লেখক David P. Barash-এ দেশখনত ধৰা পেলাইছে বায়ুসেনাৰ উপস্থিতি। এটা লেখাত তেওঁ লিখিছে, 'কোষ্টাৰিকাৰ উপকূল অঞ্চলত ভৰি থলেই মন-প্ৰাণ ভৰি পৰে। কিয়নো সৈন্যবিহীন এই দেশখনৰ উপকূলত দেখা যায় বায়ুসেনাৰ দল। সাগৰৰ পানীৰ পৰা বিয়লি ভাগত আকাশলৈ উৰে জাক জাক পেলিকান পখী। সৈন্যবিহীন দেশখনত সমুদ্ৰ তটত উৰি থকা এই পেলিকানবোৰকে আপুনি দেশখনৰ বায়ুসেনা বুলি ধৰি ল’ব পাৰে।’
✔১৯৮৭ চনত দেশখনৰ ৰাষ্ট্ৰপতি অস্কাৰ এৰিয়াছ অতিথি হিচাপে আমন্ত্ৰিত হৈছিল আমেৰিকাৰ সংসদলৈ। আমেৰিকান সংসদত দিয়া ভাষণে ভাবুক কৰি তুলিছিল যুদ্ধ উন্মাদ প্ৰতিজন ৰাষ্ট্ৰপ্ৰধানক। ভবাই তুলিছিল বিশাল সেনা বাহিনীৰ মূৰব্বীসকলক। তেওঁ কৈছিল, 'মই এখন তেনেই সৰু দেশৰ নাগৰিক। কিন্তু আকাৰত সৰু হ’লেও আমাৰ শক্তি ইমানেই বেছি যে আমি সৈন্যবাহিনী ভংগ কৰি দিবলৈ সমৰ্থ হৈছো। আমাৰ দেশত আপোনালোকে এটাও টেংক দেখিবলৈ নাপাব, দেখিবলৈ নাপাব এটাও বৰটোপ, যুদ্ধজাহাজ অথবা সামৰিক হেলিকপ্টাৰ। আজি আমাৰ দেশ কাৰো বাবে ভাবুকি নহয়, নিজৰ দেশৰ নাগৰিকৰ বাবেতো নহয়েই, চুবুৰীয়া দেশৰ বাবেও নহয়। পিছে কথাটো এনে নহয় যে বন্দুক-বাৰুদ, কামান-টেংক নাই বাবে তেনেধৰণৰ ভাবুকি নাই, তেনেধৰণৰ ভাবুকি নথকাৰ প্ৰকৃত কাৰণ এইটোৱে যে আমাৰ দেশত এতিয়াও এনে দুই-চাৰিজন লোক আছে যিসকল ভোকাতুৰ, নিৰক্ষৰ আৰু নিৱনুৱা।’
✔চুবুৰীয়া নিকাৰাগুৱাত গৃহযুদ্ধ চলি থকা সত্বেও কূটনৈতিক কৌশল প্ৰয়োগ কৰি কোনোধৰণৰ সৈন্যবল নোহোৱাকৈ শক্তিশালী আমেৰিকাক নিজ দেশলৈ মাৰ্কিন সৈন্য প্ৰেৰণত বাধা দিয়াৰ লগতে নিজৰ নিৰপেক্ষতা বজাই ৰাখিবলৈ সমৰ্থ হোৱা কোষ্টাৰিকাক লৈ সমগ্ৰ বিশ্বই নকৈ ভাবিবলৈ বাধ্য হৈ পৰে। কোষ্টাৰিকাৰ এনে শক্তিশালী স্থিতিৰ বাবেই সেই সময়ৰ ৰাষ্ট্ৰপতি এৰিয়াছক সংসদলৈ অতিথি হিচাপে আমন্ত্ৰণ জনাই ইউ এছ কংগ্ৰেছে। ইউ এছ কংগ্ৰেছত দিয়া উক্ত ভাষণৰ দুমাহ পিছতে উক্ত বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত হয় ৰাষ্ট্ৰপতি অস্কাৰ এৰিয়াছ।
✔যুদ্ধবিহীন আৰু সৈন্যবিহীন পৃথিৱীৰ ধাৰণা বাস্তৱ ৰূপ দিবলৈ হাতে-কামে লাগি সফলতা অৰ্জন কৰা বাবেই এই দেশখনত স্থাপন কৰা হৈছে ৰাষ্ট্ৰসংঘৰ University for Peace আৰু Inter-American Court of Human Rightsৰ মুখ্য কাৰ্যালয়। যি সময়ত সমগ্ৰ পৃথিৱীতে অস্ত্ৰৰ ঝনঝননি শুনা গৈছে সেই সময়তো যুদ্ধৰ বিৰুদ্ধে শক্তিশালী কণ্ঠেৰে সজোৰে থিয় হৈ আছে মধ্য আমেৰিকাৰ এইখন দেশ। দেশখনৰ নাগৰিকসকলে মনে-প্ৰাণে ঘৃণা কৰা শব্দটোৱেই হৈছে যুদ্ধ। সেয়ে দেশখনত অপৰাধৰ সংখ্যাও তুলনামূলকভাৱে যথেষ্ট কম। সৈন্য নাই বাবে তাত নাই সৈন্য বাহিনীক লৈ ৰাজনীতিৰ খেল খেলি মানুহক মিছাতে আৱেগিক কৰাৰ কূট-কৌশল। সৈন্য নাই বাবেই তাত নাই এজনো দেশদ্ৰোহী, নাই শ্বহীদক লৈ ৰাজনীতি। সৈন্যবিহীন ৰাষ্ট্ৰৰ ধাৰণাক বাস্তৱ ৰূপ দিয়া ৰাষ্ট্ৰপতি ফিগাৰছে কোৱাৰ দৰেকৈ কোষ্টাৰিকাৰ নাগৰিকসকলৰ মূৰৰ ভিতৰত আছে এটাকৈ মগজু।
✔কোষ্টাৰিকাৰ খোজতে খোজ মিলাই সৈন্য বাহিনীৰ বিলোপ সাধন কৰা আন দেশসমূহ হৈছে মৰিচাছ, ডমিনিকা, গ্ৰেনাডা, হেইটি, পানামা, ছেইণ্ট কিটছ এণ্ড নেভিছ, ছেইণ্ট লুচিয়া, ছেইণ্ট ভিনচেণ্ট, গ্ৰেনাডিনছ, এণ্ডোৰা, আইচলেণ্ড, লিষ্টেনষ্টাইন, মনাকো, ছেন মেৰিনো, ভেটিকান চিটী, কুক আইলেণ্ড, কিৰিবাটি, মাৰ্শ্বাল আইলেণ্ড, মাইক্ৰনেছিয়া, নৌৰু, নিউ, পালাউ, ছলমন আইলেণ্ড, ছামোৱা, টুভালু আৰু ভানুৱাটু। তাৎপৰ্যপূৰ্ণ কথা এয়ে যে ভেটিকানৰ বাদে সৈন্যবিহীন এই ৰাষ্ট্ৰসমূহৰ প্ৰতিখনেই গণতান্ত্ৰিক ৰাষ্ট্ৰ।
✔শেহতীয়াকৈ বিশ্বৰ সুখী দেশৰ শীৰ্ষস্থানত থকা ছুইজাৰলেণ্ড, ছুইডেন আৰু নৰৱেয়ো নিজকে সৈন্যবিহীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ যো-জা অব্যাহত ৰাখিছে। সৈন্যবিহীন ৰাষ্ট্ৰৰ ধাৰণাটোক অধিক বাস্তৱায়িত কৰি তুলিবলৈ কোষ্টাৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰড্ৰিগো কাৰ্জোৰ নেতৃত্বত a world without armies নামেৰে এটি বিশ্ব পৰ্যায়ৰ সংগঠনো গঢ়ি তোলা হৈছে। 'একবিংশ শতিকাত যুদ্ধ কৰিবলগীয়া হোৱাতো আৰু সৈন্যবাহিনীৰ নামত দেশসমূহে কোটি কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিবলগীয়া হোৱাতো মানৱ সভ্যতাৰ বাবে লজ্জাজনক।’-সংগঠনটোৰ প্ৰতিষ্ঠা কৰি এই মন্তব্য কৰিছিল ৰড্ৰিগোৱে। সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশৰ পৰা সেনাবাহিনী আৰু যুদ্ধক বিদায় দিয়াৰ লক্ষ্যৰে জন্মলগ্নৰে পৰা বিভিন্ন ধৰণে পদক্ষেপ হাতত লৈ আহিছে এই সংগঠনটোৱে।
✔এনে সংগঠন তথা দেশ আছে বাবেই সৈন্যবাহিনী আৰু শ্বহীদক অধিক মহিমামণ্ডিত কৰি তুলিবলৈ ভালপোৱা যুদ্ধ উন্মাদ লোকেৰে ভৰি থকা পৃথিৱী এখনৰ বাসিন্দা হৈয়ো আমি কামনা কৰো যে এদিন সঁচাকৈয়ে পৃথিৱীৰ পৰা নাইকিয়া হৈ পৰিব যুদ্ধ। নাইকিয়া হৈ পৰিব বন্দুক-বাৰুদ, নাইকিয়া হৈ পৰিব পাৰমাণৱিক অস্ত্ৰ। নাইকিয়া হৈ পৰিব ভাত মুঠিৰ বাবে প্ৰতিটো মুহূৰ্ততে মৃত্যুক হাতৰ মুঠিত লৈ পৰিয়াল-পৰিজনক এৰি সীমান্তত ডিউটি কৰিবলৈ বাধ্য হৈ পৰা সেনাসকল। সেনাৰ পৰিৱৰ্তে তেওঁলোকে হৈ পৰিব মানুহ, জীয়াই থাকিব মানুহ হৈ। অসম্ভৱ যেন লাগিলেও এয়া কিন্তু অবাস্তৱ নহয়। উদাহৰণ হিচাপে জলজল-পটপট হৈয়ে আছে কোষ্টাৰিকা।
-Dhrubajyoti Dhanantari
Join the conversation