Best Inspirational Lines In Assamese | Good For Everyone
Best Inspirational Lines In Assamese | Good For Everyone
সৰু হৈ গলে ডাঙৰ হোৱাৰ প্রয়োজন নহয়
ক্রিকেটাৰ ৰাহুল দ্রাবিড়ক বাঙ্গালোৰ বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্ৰদান কৰিছিল , ৰাহুল দ্রাবিড়ে সেয়া ওভোটাই দিছিল । একমাত্ৰ ওভোটাই দিয়াই নহয় , তাৰ লগতে এটি চমৎকাৰ বক্তব্য দিছিল , তেও কৈছিল -মোৰ পত্নী ডাক্টৰ , তাই এই উপাধিটো পাবলৈ বহুকেইটা ৰাতি সাৰে থাকি পাৰ কৰিছে।
মোৰ মা কলা বিভাগৰ অধ্যাপিকা , এই ডিগ্রীটোৰ বাবে দীর্ঘ পঞ্চাশ বছৰজুৰি অধ্যবসায় কৰিছে, অপেক্ষা কৰিছে। ক্রিকেট খেলত বহুত পৰিশ্রম কৰিছো ঠিক, কিন্তু সেই পৰিমাণৰ পঢ়াশুনা মই কৰা নাই , এই ডিগ্রীটো মই কেনেকৈ গ্ৰহণ কৰিম ?
১৯৫২ চনত আইনষ্টাইনক ইজৰাইল চৰকাৰে দেশৰ প্রধানমন্ত্রী হবলৈ আমন্ত্রণ জনাইছিল । আইনষ্টাইনে বিনীতভাবে কৈছিল - মই ফিজিক্সৰহে ছাত্র। ৰাষ্ট্ৰ পৰিচালনা কেনেকৈ কৰিম ?
গ্ৰিগৰি পেৰেলমান নামৰ জগতবিখ্যাত গণিতবিদ গোটেই পৃথিবীতে গণিত বিষয়ৰ নোবেল পুৰস্কাৰ ফিল্ড মেডেল আৰু পুরস্কাৰৰ বিশাল অর্থ ওভোটাই দিছিল । তেও কৈছিল - খুব অভাবৰ সংসাৰ আছিল আমাৰ। মাহৰ টকা হিচাপ কৰি কৰি চলিব লগীয়া হৈছিল । সেইসূত্রে গনিতত ইমান দক্ষতা দেখাবলৈ পাৰিছো । এতিয়া সেই অভাব নাই, এতিয়া ধনখিনি কি কৰিম?
এই মানুহবোৰৰ বিনয় দেখি সম্মানত লাজত মুৰ দো খাই যায় । নিজলৈ চালে দেখা পাঁও অবিনয়ী, দাম্ভিক, কিম্ভূত কিমাকাৰ মানুহৰ প্রতিচ্ছবি। এই মানুহবোৰে বাৰবাৰ প্ৰমাণ কৰি দেখুৱায় বিনয়ী হোৱা মানে সৰু হৈ যোৱা নহয় , আৰু বহুত বেছি ডাঙৰ হোৱা ।
কাৰণ আমিবোৰ সৰু হও আমাৰ অবিনয়ী উদ্ধত দাম্ভিকতাত, আমি ডাঙৰ হও বাৰবাৰ আমাৰ বিনয়ী হৈ সৰু হোৱাৰ চেষ্টাত ।
পৃথিবীৰ সকলোতকৈ অদ্ভুত সত্যটো হল - ডাঙৰ হৈ গলে সৰু হোৱাৰ প্ৰয়োজন , সৰু হৈ গলে ডাঙৰ হোৱাৰ প্রয়োজন নহয়
ডা. চাজ্জাদ
1 comment