ষ্টেলিনগ্ৰাডৰ যুদ্ধ Battle of Stalingrad In Assamese

War of Stalingrad In Assamese Language | Assamese History War

ষ্টেলিনগ্ৰাডৰ যুদ্ধ Battle of Stalingrad In Assamese

দ্বিতীয় মহাসমৰৰ সময়ত 1942 চনৰ 23 আগষ্টৰ পৰা 1943 চনৰ 2 ফেব্ৰুৱাৰীলৈ চলা ষ্টেলিনগ্ৰাডৰ যুদ্ধ ইতিহাসৰ আটাইতকৈ ভয়াবহ যুদ্ধ সমূহৰ ভিতৰত অন্যতম ৷ ছোভিয়েট ৰুছিয়াৰ দক্ষিনত থকা ষ্টেলিনগ্ৰাড চহৰ দখল কৰিবলৈ এই যুদ্ধ চলিছিল জাৰ্মান মিত্ৰশক্তি আৰু ৰাছিয়াৰ মাজত ৷ এই যুদ্ধ ইমানেই ভয়ানক আছিল যে সেই সময়ত ষ্টেলিগ্ৰাডৰ যুদ্ধত অংশগ্ৰহন কৰাৰ পিছত সাধাৰণ ৰুছ সৈনিক এজনৰ গড় জীৱনকাল আছিল এদিনতকৈও কম ৷ আনহাতে ৰুছ সেনা বিষয়া সকল জীয়াই আছিল গড়ে তিনিদিন মাত্ৰ ৷ Enemy at the gates নামৰ বিখ্যাত চলচিত্ৰখনৰ ষ্টালিনগ্ৰাডৰ যুদ্ধৰ পটভূমিত বনোৱা ৷

ষ্টালিনগ্ৰাডৰ এই যুদ্ধৰ সময়চোৱাত এনে এটা ঘটনা ঘটিছিল যিটো ইতিহাসৰ কোনো যুদ্ধক্ষেত্ৰত সম্ভৱত আন কোনোদিনেই হোৱা নাই ৷ 1942 চনৰ 12 চেপ্তেম্বৰৰ দিনা ৰুছ আৰু জাৰ্মান সৈন্যই ষ্টালিনগ্ৰাডৰ এক নম্বৰ ৰেল ষ্টেচনটো হস্তগত কৰিবলৈ যুঁজিছিল ৷ এই যুদ্ধ ইমানেই অনিশ্চিত আৰু কল্পনাতীত ভাৱে ভয়াবহ আছিল যে ষ্টালিনগ্ৰাডৰ এক নম্বৰ ৰেল ষ্টেচনটো সেইদিনা মাত্ৰ ছয় ঘন্টাৰ ভিতৰত 14 বাৰ দুয়োপক্ষই সালসলনি কৰি হস্তক্ষেপ কৰিছিল ৷ অৰ্থাৎ এক নম্বৰ ষ্টেচনটো যদি এবাৰ ৰুছ সৈন্যই হস্তক্ষেপ কৰিছিল তেন্তে তাৰ আধা ঘন্টাৰো কম সময়ৰ ভিতৰত সেই দখল গৈছিল জাৰ্মান সেনাৰ হাতলৈ ৷ আকৌ কেইমিনিটমান পিছত পুনৰ ৰুছ সেনাই তাক পুনৰোদ্ধাৰ কৰিছিল ৷ তাৰ আধাঘন্টাৰ ভিতৰত ‘ষ্টেচন 1‘ পুনৰ জাৰ্মান সেনাই দখল কৰি লৈছিল ৷ মাত্ৰ ছয় ঘন্টাৰ ভিতৰত 14 বাৰকৈ দখল হস্তান্তৰিত হোৱা এই ভয়াবহ যুদ্ধত সেইদিনা সন্ধিয়ালৈ ষ্টেচনটো ৰক্ষাৰ বাবে যুঁজ দি থকা ৰাছিয়াৰ ‘13th গাৰ্ডছ্ ৰাইফলচ ডিভিজন‘ নামৰ গোটেই বাহিনীটোয়েই সম্পূৰ্ণ ৰূপে নিঃশেষ হৈ গৈছিল ৷

-alakesh bhagawati 
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog