Inspirational Story In Assamese Language

কাৰ বাবে কোন আছে- Inspirational Story In Assamese Language
অফিচৰ পৰা খোজ কাঢ়ি ঘৰলৈ আহি আছিলো। ৰাস্তাতে এখন ৱালত কাগজ লগোৱা আছিল। মই ওচৰলৈ গৈ সেই কাগজ খন চালো, তাত লিখা আছিল যে - "কৃপা কৰি সম্পূৰ্ণ পঢ়িব!
এইটো ৰাস্তাত যোৱা কালি মই ৫০ টকা নোট এখন হেৰুৱালোঁ, মই ভালদৰে চকুৰে দেখা নাপাওঁ। যিয়ে সেই ৫০ টকা নোট খন পায়, তেওঁ কৃপা কৰি এইটো ঠিকনাত দি যাব'হি !" এইবুলি তলৰ ফালে তাত এটা ঠিকনা দিয়া আছিল। মই সেই ঠিকনাটো মনত ৰাখিলো। এই খিনি কথা পঢ়ি কিয় নাজানো কিন্তু সেই ঠিকনালৈ এবাৰ যাবলৈ মন গ'ল। তাৰপিছত মই সেই ঠিকনা পালোগৈ আৰু মই যেতিয়া মাত লগালোঁ তেতিয়া এটা সৰু জুপুৰিৰ পৰা এগৰাকী বৃদ্ধা এডাল লাঠিৰ সহায়ত বাহিৰলৈ ওলাই আহিল। মই তেওঁক দেখি গম পালো যে, তেওঁ তাত অকলে থাকে। তেতিয়া মই তেওঁক মৃদু কণ্ঠৰে ক'লো যে - "আইতা, মই আপোনাৰ সেই হেৰুওৱা ৫০ টকা নোট খন পালোঁ, তাকে দিবলৈ আহিছোঁ!"
মোৰ পৰা এইষাৰ কথা শুনি সেই বৃদ্ধা গৰাকীয়ে কান্দিব ধৰিলে আৰু কম্পিত কণ্ঠৰে মোক ক'লে যে - "বোপাই, এতিয়ালৈকে কমেও ৪০-৫০ জন লোক আহি মোক ৫০ টকাকৈ দি গৈছে। মই লিখা-পঢ়া নাজানো, ভালদৰে চকুৰে দেখাও নাপাওঁ। মই নাজানো, কোনে মোৰ এই অৱস্হাটো দেখি দুখ পাই মোৰ সহায় কৰিবলৈ সেই কাগজত তেনেদৰে লিখি থ'লে!"
মই বহুত কাকুতি মিনতি কৰা পিছত তেওঁ মোৰ পৰা সেই ৫০ টকাতো ল'লে কিন্তু মোৰ ওচৰত এটি মিনতি কৰিলে এইবুলি যে -"বোপাই, সেইখন চিঠি মই লিখা নাছিলো। কোনোবাই মোৰ ওপৰত সহানুভূতি দেখুৱাই লিখিছিল। তুমি যাওঁতে সেইখন কাগজ ফালি পেলাই দিবা!"
মই তেওঁক "হ'ব, ঠিক আছে" বুলি কৈ দিলো কিন্তু মোৰ মন-মগজুৰে মোক এইটো
ভাবিবলৈ বাধ্য কৰিলে যে - "সেই ৪০-৫০ জন লোককো হয়তো এই বৃদ্ধা গৰাকীয়ে এই
একেটা কথাকে কৈছিল কিন্তু কোনেও সেইখন কাগজ নাফালিলে।"
মোৰ হৃদয় সেইজন অচিন ব্যক্তিৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতাৰে উপচি পৰিল
যিয়ে এই বৃদ্ধা গৰাকীৰ সহায়ৰ বাবে সেই কাগজত লিখা উপায়টো বিচাৰিছিল আৰু
তেওঁলৈ সহায় আগবঢ়াইছিল। অভাৱী লোকক সহায় কৰিবলৈ বহুত ধৰণৰ উপায় থাকে,
কিন্তু এনেকুৱা ধৰণৰ উপায়ে মোৰ হৃদয় চুই গ'ল আৰু ময়ো সেই কাগজখন
নাফালিলো।
অভাৱী লোকক সহায় কৰা উপায় বহুত আছে কেৱল কৰ্ম (সহায়) কৰা প্ৰবল ইচ্ছা মনত থকাটোহে প্ৰয়োজন। সময় বোবা নহয়, কেৱল মৌন হয়। সময়ত নিশ্চয়ে কয় - "কাৰ বাবে কোন আছে!"
Post a Comment