-->

2018 চন ভাৰতীয় প্ৰযুক্তি বিদ্যা ও উন্নয়ন

2018 চন ভাৰতীয় প্ৰযুক্তি বিদ্যা ও উন্নয়ন

2018 চন ভাৰতীয় প্ৰযুক্তি বিদ্যা ও উন্নয়নৰ বাবে এক সোণালী বছৰ । এই বৰ্ষতে বহুতো উন্নয়ন মূলক+ ভ্ৰমণ মূলক স্থানৰ লগতে বিশ্ব প্ৰসিদ্ধ দলং নিৰ্মাণ কৰা হৈছে যত  ভাৰতীয় ইঞ্জিনীয়াৰিং ও প্ৰযুক্তিৰ সুন্দৰ নিদৰ্শন দেখিব পোৱা গৈছে আৰু যিয়ে দেশখনক উন্নতিৰ পথত লৈ যোৱা সহায় কৰিব।এই স্থানবোৰত জীৱনত এবাৰ হলেও যোৱাটো নিত্যান্তই প্ৰয়োজন । তাৰে পাঁচটা মানৰ(TOP5) বিষয়ে তলত উল্লেখ কৰা হল--



1.STATUE OF UNITY, GUJARAT


বিশিষ্টতা:-বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি STATUE OF UNITY ৰ উচ্চতা আমেৰিকাৰ STATUE OF LIBERTYতকৈ দুগুণ
স্থান:-গুজৰাটত নৰ্মদা নদীৰ ওপৰত স্থাপিত
উচ্চতা:-182 মিটাৰ
উন্মোচন:- লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ 143সংখ্যক জন্মজয়ন্তী 31 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে।
ব্যয়:-2989 কোটি টকা ।

2.SIGNATURE BRIDGE,DELHI




বিশিষ্টতা:-কুটুবমিনাৰতকৈ দুগুণ ওখ আৰু ভাৰতৰ প্ৰথম Signature Bridge
স্থান:-দিল্লীৰ বাজিৰাবাদ নামৰ ঠাইত যমুনা নদীৰ ওপৰত স্থাপিত
উচ্চতা:-154 মিটাৰ ওখ
উন্মোচন:- 4 নৱেম্বৰ2018 তাৰিখে মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৱালে উন্মোচন কৰে


ব্যয়:-1518.37 কোটি টকা।

3.SIKKIM AIRPORT,SIKKIM



বিশিষ্টতা:-চিকিমৰ প্ৰথম আৰু দেশৰ শতনং বিমানবন্দৰ যিটো ভাৰত চীন সীমাৰ পৰা 60 KM নিলগত ,ভাৰতীয় বায়ুসেনা ও সামৰিক বাহিনীৰ বাবে অতি আৱশ্যকীয় বিমানবন্দৰ ।
স্থান:- ছিকিমৰ পাকয়ঙত নিৰ্মাণ কৰা হৈছে বিমানবন্দৰটো
উন্মোচন:-24 ছেপ্টেম্বৰ 2018 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে।
ব্যয়:-605 কোটি টকা।



4.DHOLA-SADIA BRIDGE, ASSAM




বিশিষ্টতা:-ধলা–শদিয়া দলংখন ১৮২টা খুঁটাযুক্ত দেশৰ দীৰ্ঘতম দলং যিয়ে অসমৰ পৰা অৰুণাচললৈ দূৰত্ব ১৬৫ কিলোমিটাৰলৈ হ্ৰাস কৰিব লগতে এই দলং নিৰ্মাণৰ ফলত প্ৰতিদিনে ১০ লাখ টকাৰ পেট্ৰ’ল–ডিজেল ৰাহি হ’ব। দলংখন ইমানেই মজবুত যে দলংখনেৰে যুদ্ধ টেংক অনায়াসে পাৰ হ’ব পাৰিব।ভাৰত–চীন সীমান্তত নিয়োজিত সেনাৰ বাবে ৰচদ–পাতি, খাদ্য–সামগ্ৰী, পৰিবহণ এই দলঙে সুচল কৰিব।
স্থান:- ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এই পঞ্চমখন দলং অসমৰ ধলা শদিয়াত স্থাপিত যাক ড°ভূপেন হাজৰিকা সেতু বুলিও জনা যায়
দৈৰ্ঘ্য:-9.15 কিলোমিটাৰ
উন্মোচন:-26 মে' 2018 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে।
ব্যয়:-2056 কোটি টকা।



5.BOGIBEEL BRIDGE, ASSAM




বিশিষ্টতা:-অসম চুক্তিৰ ফচল বগীবিল ভাৰতৰ দীৰ্ঘতম ৰে’লপথ-স্থলপথযুক্ত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত চতুৰ্থ দলং যাৰ ওপৰ খলপত 3 লেনযুক্ত স্থলপথ আৰু তলৰ খলপত দ্বৈত ব্ৰডগজযুক্ত ৰে’লপথৰ ব্যৱস্থা।দলংখন মাত্ৰ 10 মিনিটতে ৰে’লেৰে পাৰ হ’ব পাৰিব যাক পূৰ্বে নাৱত 3 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল। বগীবিল N.F RAILWAYৰ উদ্যোগত কেৱল তীখাৰে নিৰ্মিত প্ৰথমখন দলং যত ব্যৱহৃত তীখাৰে ৩টা আইফেল টাৱাৰ নিৰ্মাণ কৰিব পৰা যাব।ছুইডেন আৰু ফিনলেণ্ডৰ দলঙৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে বগীবিল দলংখন।
স্থান:- ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এই চতুৰ্থ দলং অসমৰ বগীবিল নামে ঠাইত নিৰ্মাণ কৰা হৈছে
দৈৰ্ঘ্য:-দলংখনৰ দৈৰ্ঘ্য 4.940 কিঃমিঃ।
উন্মোচন:-প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন 25 ডিচেম্বৰ 2018 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বগীবিল দলং উন্মোচন কৰে।
ব্যয়:-4857 কোটি টকা।



--পৱন পাঠক

মৰিসূতি,ৰঙাচকুৱা,শোণিতপুৰ, অসম

You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
Leave comments according to the topic of writing, comment with active link will not be shown.
Blog admins and authors have the right to display, remove, mark spam, on the comments posted