মই আপোনাৰ প্ৰেমত পৰিব খোজো New Assamese Romantic Poem
Assamese Poem on Love, Assamese Love poetry, New Assamese Love Poem
মই আপোনাৰ প্ৰেমত পৰিব খোজো New Assamese Romantic Poem
হয়, আপোনাকেই কৈছো
মই আপোনাৰ প্ৰেমত পৰিব খোজো
ভাল লাগে আপোনাৰ হাঁহি
আপোনাৰ কথা
আপোনাৰ খোজকাটল
আনকি আপোনাৰ খংবোৰো,
জানো ভালদৰে
আপুনি মোৰ কথা নাভাবে
মোৰ কথাত আপোনাৰ বুকু নকঁপে
কিম্বা, বাট চাই নাথাকে মোৰ আগমনলৈ
যেনেদৰে বাট চাই থাকে ফাগুন অহালৈ
এৰা... ফাগুন মানেইটো বতাহ
আপোনাৰ মন উৰুওৱাৰ জোখাৰে
মোৰ দুখ নাই তাত।
তথাপি আপোনাৰ প্ৰেমত তিতি আছো দিনে নিশাই
আপুনি তিতা নাই সেইজাক বৰষুণ
মাতাল হোৱা নাই ৰাতি ৰাতি,
বেয়া নাপাব,
আপোনাৰ ধুনীয়া গাৰুটো,
বিচনা চাদৰখনলে মোৰ খং উঠে,
মোৰ অপৰাগতাত।
মই কোজা হৈ পৰো আপোনাৰ লয়লাসত,
ভয় নকৰিব
আপোনাক পোৱাৰ কোনো হাবিয়াস নাই মনত,
স্তব্ধতাৰে ভয়াবহ নীৰৱতাৰে
আপোনাৰ প্ৰেমত ব্যাকুল হৈ পাৰ কৰিম
দিন-ৰাতি, মাহ-বছৰ,
মাথো মই মই আপোনাৰ প্ৰেমত পৰিব খোজো,
মাথো আপোনাৰ,
মনে মনে আপুনি বিচাৰি ফুৰে নেকি মোক,
মাজে মাজে দেখো
আপুনি মোৰ শব্দবোৰ চুই চায়,
মাজে মাজে মোক বুজিব চেষ্টাও কৰা দেখো।
চোতালৰ আগফালে বহা দেখো আপোনাক,
হেলান দি চকীত বহি ভাৱগধুৰ চাৱনীৰে
আপুনি আকাশখন চায়,
মই বতাহৰ চোলা পিন্ধি উৰি আহি
আপোনাৰ কাষত ৰৈ দিও
নিসিদ্ধ বুলি জানিও চাও আপোনাৰ কাজলবোৰ
ওঁঠৰ ৰংৰ প্ৰলেপটো,
বিশ্বাস কৰক
মাথো আপোনাৰ প্ৰেমত মই মাতাল হব খোজো
-দেৱজিৎ
1 comment