কি কৰি আছা তুমি? শুই আছা, নে বহি আছা? নে মেলি দিছা সুঁৱৰণিৰ দুহাত? মইয়ো মেলি দিছো দুহাত.... এৰা, সুঁৱৰণি যেতিয়াই মন যায় চুব পাৰি কৰোবাক।
আজিকালি মোৰ ভাব হয় জানানে, বুকুত দপদপাই জ্বলি থকা জুইকুৰাত অলপ পানী ঢালিবলৈকে যেন লিখি গৈছো মই শব্দৰ লানি। তোমাক প্ৰদক্ষিণ কৰিছো মই দিন-ৰাতি। কিয় এনে হয় বাৰু?
এটা সাধু নহয়নে? ৰাজকূৱৰী আহি ৰাজকোৱৰৰ বুকুত লিপিত খাই পৰা, গুণগুনাই কথা পতা আৰু নিশব্দে নিৰৱে আঁতৰি যোৱা - - হা: হা: হা: সঁচাই, এটা সাধু আছিল। তথাপি ভাল লাগিছিল। আমাৰ সুদীঘ কথোপকথন আৰু আমাৰ গভীৰ ৰাতিবোৰ, পাহৰি যাব পাৰি জানো?
জানো, তুমি নাহা – অথচ ফাগুন আহিল লয়লাস খোজেৰে। কি আচৰিত চখ তোমাৰ “বুকু ভঙাৰ”।
দেৱজিৎ নাথ