10,000 খন ভালপোৱাৰ চিঠি 25 টা বক্স

10,000 খন ভালপোৱাৰ চিঠি 25 টা বক্স

কিচুবছৰ আগতে যেতিয়া চিকিৎসকে কৈছিল যে মোৰ কেন্সাৰ হৈছে মোৰ হাতখন ধৰি Kirsten কাষতেই বহি আছিল ৷ আৰু কৈছিল এয়াই নহয় যে তোমাৰেই কেৱল কেন্সাৰ হৈছে ৷ আমাৰ কেন্সাৰ হৈছে ৷ 

আৰু ময়ো একেটা কথাই কৈছিলো যেতিয়া কিচুবছৰ পিছত তাইৰো কেন্সাৰ হৈছিল ৷ 

মানুহজনৰ নাম bill bresnan ... New Jersey এই মানুহজনে 40 বছৰ একেৰাহে তেওৰ একালৰ প্ৰেয়সী তথা বৰ্তমানৰ পত্নী Kirsten bresnan ৰ বাবে প্ৰেমৰ চিঠিলিখি আহিছে ৷ 10,000 খন ভালপোৱাৰ চিঠি 25 টা বক্সত ৷ আপোনাৰ এয়া আচৰিত যেন লাগিছে ৷ কিন্তু এয়াই সত্য ৷ তেওৰ মতে প্ৰতিটো নিশাতেই তেওলোকে আকৌএবাৰ বিবাহ হয় ৷40 বছৰীয়া যুগ্মজীৱনৰ কোনো এটা দিনতো তেওলোকৰ মাজত কাজিয়া হোৱা নাই ৷কেতিয়াবা সামান্য মতভেদ সৃষ্টি হয় ৷ আলোচনাৰ মাধ্যমেৰে সেয়াও সমাধা কৰি লয় ৷ তেও সংবাদ মাধ্যমৰ আগত কৈছিল The key to any relationship is that you both have to work at it every day,"


আকৌ Bresnan ABC News ক কৈছিল "And never go to bed mad. Talk about everything. Everything should get resolved before your goodnight kiss."

ভালপোৱাৰ অচিনা ৰং ৷ হয়তো শক্তি অদম্য,

হৃদয়ত ৷  ইন্টাৰনেটৰ বাতৰি হৈ পৰা ব্যক্তিজনৰ এই অনন্য ভালপোৱাটোক আপুনি কি নাম দিব? প্ৰকৃত প্ৰেম, পাগলামি নে অন্য কিবা! !

আপোনালৈ ভেলেন্টেইন ডে ৰ আন্তৰিক শুভেচ্ছা যাছিলো ৷
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog