-->

মাত্র ১৩ টকাত ৰেডমি নোট 7 ৷ redmi note 7 only rs 13


মাত্র ১৩ টকাত ৰেডমি নোট 7 প্রো ৷ redmi note 7 pro only rs 13


ভুলতেও এনেবোৰ লিঙ্কত ক্লিক নকৰিব স্কেম মেছেজবোৰ whatsapp ৰ জৰিয়তে বিয়পে

বর্তমানে ৪জি  যুগত আমি নতুন নতুন বস্তু আবিষ্কাৰ কৰিবলৈ সক্ষম হৈছো । প্ৰযুক্তিৰ উন্নতিৰ লগে লগে একেদৰে স্কেম বা ঠগোৱাৰ নতুন নতুন পদ্ধতি ও বাঢ়ি গৈছে। এইবোৰৰ ভিতৰত এটা ডাঙৰ স্কেম হল  মোবাইল স্কেম। ইয়াৰ দ্বাৰা নতুন প্রচলিত কোনো স্মার্টফোনক খুব কম দামত তথা হুৱহ Amazon বা flipkart ৰ দৰে চাইটৰ বনাই মুকলি কৰি দিয়া হয়। এই স্কেম প্রধানত whatsapp বা facebook messenger ৰ মাধ্যমেৰে বিয়পে ।ধৰি লওঁক  মেছেজটো এনেকুৱা হব পাৰে , ‘ buy redmi note 7 pro only rs.. কিন্তু তাৰ আচল মূল্য  ১৩, ৯৯৯, পোৱা যাব মাত্ৰ  ১৩ টকাত ‘তাৰ লগত এটা লিংক দিয়াও হয়। লিংক ক্লিক কৰিলেই তাক whatsapp ত দহজনক পঠিয়াই দিবলৈ কোৱা হয়। এনেদৰেই মেছেজটো এজন এজন কৈ বহুজনলৈ বিয়পি পৰে।

অনেক সময় মেচেজত কোৱা হয় – ” ডিয়াৰ কাষ্টমাৰ, কেবল আপোনাৰ বাবে, xiaomi ৰ নতুন redmi note 7 pro মাত্র ১৩/- টকাত , খৰধৰ কৰক , সীমিত সময়ৰ বাবেহে , লিংকত follow কৰক “। মেছেজটোক সঠিক প্রমানৰ  উদ্দেশ্যে যিজন ব্যক্তি মেছেজটো পঠিয়াইছে তেওঁৰ নাম ‘এইচ্ পি – মি চেল ‘ দিয়া  হয়। এনেধৰনৰ লিংকত এজনে টুইটাৰত  xiaomi ক সোধাত  xiaomi ৰ তৰফৰ পৰা ৰিপ্লাইত কোৱা হৈছে "এয়া সম্পূৰ্ণ নকল, আৰু এনেধৰণৰ মেছেজবোৰত কোনোৱে বিশ্বাস নকৰে যেন  ”

mi India ৰ পৰা কোৱা হৈছে  – “যদি এনে কোনো মেছেজ বোৰ আপোনাৰ তাত আহে তেন্তে তাক বিশ্বাস নকৰি xiaomi ৰ official site ত গৈ চাওক (http://mi.com)। যদি সেয়া সচা তেন্তে official site ত তো তাৰ বিষয়ে তথ্য থাকিব ”

Redmi note 7  features :

XIAOMI REDMI NOTE 7 অচিৰেই মুকলি কৰা হব। অনলাইন যোগে আপুনি তাক ক্ৰয় কৰিব পাৰে। ফোনত থাকিবলগীয়া ফিয়েচাৰ্ড সমুহ হল


Display 6.30-inch
Processor 2.2GHz
Front Camera 13-megapixel
Resolution 1080x2340 pixels
RAM 3GB
অপাৰেটিং চিষ্টেম OS Android Oreo
Storage 32GB
Rear Camera 48-megapixel + 5-megapixel
Battery Capacity4000mAh


Redmi Note 7 launch date কেতিয়া launch হব redmi note 7

February 13 তাৰিখত redmi note 7(Rs. 10,390) আৰু  Xiaomi Redmi Note 7 Pro (Rs. 14,990) টো  27th Mar 2019 ত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।

Redmi note 7 in Guwahati

আপুনি যদি অনলাইন যোগে কিনিবলৈ সক্ষম নহয় তেন্তে গুৱাহাটীৰ কিছুমান মোবাইল দোকানত তাক অফলাইন যোগেও ক্ৰয় কৰিব পাৰিব

You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
Leave comments according to the topic of writing, comment with active link will not be shown.
Blog admins and authors have the right to display, remove, mark spam, on the comments posted