Mystery of Dream In Assamese সপোনৰ ৰহস্য
Mystery of Dream In Assamese সপোনৰ ৰহস্য
বৰ্তমান বিজ্ঞান জগতৰ উৎস বিছাৰি নোপোৱা কিন্তু সদায়ে কৌতুহলী হৈ থকা ৰহস্যময়ী বিষয় বিলাকৰ ভিতৰত অন্যতম এই সপোন। আমি কিয় সপোন দেখো?
আমি সকলোৱে সপোন দেখো কিন্তু কোনোবাই ভাবি চাইনে সপোন আমি কিয় দেখো? তাৰ আৰৰ সহস্য কি? এই সপোনৰ উৎস ক'ত? এই প্ৰশ্ন সমুহ সেই প্ৰশ্নৰ অন্তগৰ্ত যি সমূহ প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে বিজ্ঞানে সঠিক ভাবে দিব পৰা নাই। হয় সপোনৰ সৈতে জৰিত এই প্ৰশ্ন সমূহৰ বিষয়ে বহুত থিয়ৰী উলাই আছে কিন্তু কোনোতোকে সঠিক তথা চিৰন্তন সত্য বুলিব নোৱাৰো।
এই বিষয়টো ইমানেই জটিল যে বিজ্ঞানত এই সম্পকে আলোচনা কৰিবৰ বাবে এটা বিশেষ শাখাই আছে বিজ্ঞানত যাক কোৱা হয় অৰ্নিয়অলজি ।
এই বিষয়টো সাধাৰন মানুহৰ বাবে যিমান ৰহস্যময়ী বিজ্ঞান জগতটো সিমানেই ৰহস্যময়ী হৈ আছে।
যেতিয়া পৰীক্ষাগত ভাবে এটা দলৰ মানুহৰ পৰা সপোনত কি দেখিছিল শুধা যায় তেতিয়া সকলোৰে উত্তৰত অবিশ্বাস্য যেন হয়। কাৰন প্ৰায় সকলোৱে শুৱা পৰা উঠা ১০ মিনিটৰ পাছত দেখা পোৱাৰ ৯০% পাহৰি যায়। আৰু আমি মনত পেলাবলৈ যত্ন কৰো যদিও মনত নপৰে। আমি শুৱা সময়ত দুটা অবস্থাত শুও।
- ১.REM (rapid eye moment)
- 2. Non-REM (Non rapid eye moment)
ইয়াৰ ভিতৰত REM অবস্থাটো বেছি গুৰুত্বপুৰ্ন কিয়নো এই অবস্থাত নিজে নিজে চকুটো বাও ফালৰ পৰা সো ফালে বা সো ফালৰ পৰা বাও ফাললৈ গতি কৰি থাকে। এই অবস্থাটো আমি চাব পাৰো যদি কাৰোবাক শুই থকা অবস্থাত কম্পিউতাৰ ৰেকৰ্ডিং কৰো। যদি আমি শুই থকা অবস্থাত কাৰোবাৰ কম্পিউতাৰ ৰেকৰ্ডিং চাও তেতিয়া আমাৰ ব্ৰেইনৱ পঠিওৱা ইলেক্ট্ৰিকেল ডাটাৰ জৰিয়তে বহুত বিছিত্ৰ বস্তু দেখা পোৱা যায়।আমি সাৰ পাই থকা অৱস্থাত ব্ৰেইনে যিবোৰ কাম কৰি থাকে REM অৱস্থাত শুই থাকোতেও একেই কাম কৰি থাকে যিটো ৰহস্যময় তথা ভাৱিব লগিয়া। এই সময়োতো আমাৰ ব্ৰেইনে বহুত শক্তি নষ্ট কৰে কিন্তু আমি গম নাপাও। কিন্তু শুৱা সময়ত কিছুমান কেমিকেল যেনেদৰে হিষ্টামিন, চেৰট'নিন এইবোৰ নোলাই যাৰ বাবে আমি বিভিন্ন অভিব্যক্তি বোৰ অনুভৱ কৰিব পাৰো কিন্তু আমৰ শৰিৰে সেইবোৰ ষ্পষ্ট কৰি দেখাই নিদিয়ে।কিম্তু কিছুমানৰ ক্ষেত্ৰত শুৱা অৱস্থাটো এই কেমিকেল বোৰে পৰিমানত খেলি মেলি হয় যাৰ বাবে শৰীৰ ল'ৰে অথবা কিছুমানেটো খোজও কাঢ়ে।
কিছুমান শুই থকা অবস্থাটো সাৰ পাই থাকে কিন্তু মনে কয় সি REM অবস্থাত আছে আৰু শৰীৰ চলাচল নকৰে যাক আমি sleeping paralysis বুলি জানো। আমি সপোন দেখি থাকিলে সাৰ পাও কিন্তু আমি লৰচৰ কৰিব নোৱাৰো তাৰ পৰা আমি জানিব পাৰো যে আমি সপোন REM অৱস্থাত হে সপোন দেখা পাও।
কিন্তু কিয় দেখো সপোন দেখো? ইয়াৰ সহজ উত্তৰ. আমি দিনত যিবোৰ দেখো বা কৰো সেইবোৰ মেমৰী হিছাপৰে আমাৰ ব্ৰেইনত জমা হয়। আৰু শুৱা সময়ত সেই মেমৰি বোৰ স্কেন হয় আৰু শৃংখলাবদ্ধ ভাবে সাজে।আৰু সেই মেমৰি বোৰৰ মাজত যি সংযোগ থাকে সেইবোৰ আৰু বেছি শক্তিশালী কৰি ৰাখে যাতে আমি সেই মেমৰি বোৰ পাছত আৰু ভালদৰে ব্যবহাৰ কৰিব পাৰো।
উদাহৰন স্বৰূপে কোনোৱে যদি গীটাৰ শিকি আছে তেতিয়া আজি যি খিনি শিকিছে সেয়া পাছলৈও ব্যবহাৰ কৰিব , তাৰ আগদিনাও সি নিশ্চয়কৈ কিবা শিকিছে, যাতে প্ৰতিদিনে শিকা বোৰ খেলো মেলি নহয় তাৰ বাবে তাক শৃংখলাবদ্ধভাবে সাজে , এইকাম আমাৰ unconsious mind এ কৰে। এই কাম খিনি আছলতে consiuos mind এ বুজিব নোৱাৰে যাৰ বাবে , ই মাথো কিছুমান random মেমৰি দেখে আৰু তাৰ পৰাই ই অৰ্থ বিছাৰিবলৈ প্ৰয়াস কৰে।আৰু সেয়ৱ সপোন বোৰ দেখা পাও আৰু এইবোৰ সচৰাচৰ আমাৰ দৈনন্দিন জীৱনৰ লগত কেনেবাকৈ হলেও অকন মান হলেও মিলা দেখা যায়।
কেতিয়াবা কিছুমান সপোন দেখো যাৰ কোনো কাৰন নাথাকে ইয়াৰ কাৰন হয়- এইবোৰ তেতিয়া হয় যেতিয়া আমাৰ unconsious mind এ দেখা চিত্ৰ বোৰ বহুত random হয়।
সপোন দেখাটো ভাল কথা কিয়নো সপোন দেখা সময়ত আমাৰ ব্ৰেইনে মেমৰী বোৰৰ মাজত থকা connection বোৰ আৰু অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰে। আৰু এই সময়ত আমাৰ consious mind এ যিবোৰ ফটো দেখৱ সেইবোৰ random হয় যাৰ বাবে আমি সপোনৰ অৰ্থ উলওৱাটো কোনো যুক্তিসংগত নহয়
এইয়া হল সপোনৰ আৰৰ ৰহস্য।
✍জিন্তু ভুঞা (তৃতীয় সান্মাষিক,দৰং মহাবিদ্যালয়)
Post a Comment