Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

গৰুৱেও আপোনাক দিশ নিৰ্ণয় কৰাত সহায় কৰিব পাৰে

Assamese Cow Fact | Awesome Fact In Assamese
Assamese Cow Fact | Awesome Fact In Assamese

গৰুৱেও আপোনাক দিশ নিৰ্ণয় কৰাত সহায় কৰিব পাৰে

ধৰি লওঁক যে আপুনি কোনো এখন নতুন ঠাইলৈ প্ৰথমবাৰৰ বাবে গৈছে ৷ এতিয়া তাত আপুনি কিবা এটা কামৰ বাবে কোনফালে কি দিশ হব সেইটো নিৰ্ণয় কৰিবলগীয়া হ'ল ৷ চাৰিওদিশে চাই আপুনি দেখিলে যে কথাটো সুধিবলৈ ওচৰে পাজৰে কোনো লোক নাই ৷ আপুনি কি কৰিব ? বৰ্তমান প্ৰযুক্তিৰ চমকপ্ৰদ উন্নতিয়ে আমাক মোবাইলতে চাই চাৰিও দিশ নিৰ্ণয় কৰিব পৰা সুবিধা দিছে ৷ সেয়ে আপুনি পকেটৰ পৰা স্মাৰ্ট ফোনটো উলিয়াই লব ৷ পিছে ধৰা হ'ল সেই সময়ত আপোনাৰ হাতত মোবাইল নাই ৷ তেতিয়া আপুনি কি কৰিব ? তেতিয়া হয়তো আপুনি সূৰ্য্যৰ অৱস্থানটো চাই দিশ নিৰ্নয়ৰ চেষ্টা কৰিব ৷ পিছে এইবাৰ ধৰি লোৱা হ'ল যে সেইদিনা বতৰো সিমান ঠিক নহয় ৷ তেতিয়া ? তেতিয়া নিশ্চয় আপোনাৰ কিছু অসুবিধা হব ৷ পিছে চিন্তা নকৰিব ৷ আপুনি তেতিয়াও আন এক সহজ উপায়েৰে দিশৰ এক সম্যক ধাৰণা কৰি লব পাৰিব ৷ তাৰ বাবে আপুনি এটা গৰু বিচাৰিব লাগিব ৷ হয়, ঠিকেই পঢ়িছে ৷ গৰুৱেও আপোনাক দিশ নিৰ্ণয় কৰাত সহায় কৰিব পাৰে ৷ আজি কিছুবছৰ আগতে বিজ্ঞানী সকলে গৱেষণা কৰি পাইছে যে গৰু আছলতে আমি ভৱাৰ দৰে সিমানো বেছি 'গৰু' নহয় ৷ গতিকে স্মাৰ্ট ফোন লগত নথকা সময়ত স্মাৰ্ট গৰুৱেও আপোনাক দিশ নিৰ্ধাৰণত সহায় কৰিব পাৰে ৷

অতি প্ৰাচীন কালৰে পৰাই গৰখীয়া সকলে লক্ষ্য কৰি আহিছে যে তেওঁলোকৰ গৰুবোৰে তেওঁলোকক সাম্ভাৱ্য বতৰৰ বিষয়ে আগজাননী দিব পাৰে ৷ গৰখীয়া সকলে গৰুৰ আচাৰ ব্যৱহাৰ লক্ষ্য কৰি আগন্তক কিছু ঘন্টাত বতৰ কেনে হব সেই বিষয়ে অনুমান কৰি লয় ৷ গৰুৱে বতৰৰ আগজাননী দিব পৰাৰ কোনো প্ৰতিস্থাপিত বৈজ্ঞানিক প্ৰমান নাই ৷ তথাপি বিভিন্ন দেশৰ বিভিন্ন অঞ্চলৰ লোকে বেলেগ বেলেগ উপায়েৰে গৰুৰ চাল চলন মন কৰি বতৰৰ বিষয়ে কিছু অনুমান কৰি লয় ৷ কোৱা হয় যে গৰু যদি মাটিত বহি পৰে তেন্তে সোনকালেই বৰষুণ দিব ৷ পিছে এই কথাটোও বৈজ্ঞানিক ভাবে প্ৰমান হোৱা নাই ৷ অৱশ্যে এই কথা প্ৰমানিত যে ৰ'দৰ দিনত গৰুৱে বেছি সময় ঠিয় হৈ থাকে আৰু বতৰ ঠাণ্ডা হ'লে বহু গৰু মাটিত বহি পৰে ৷ 

বতৰৰ কথাবোৰ বাৰু গৰখীয়াবোৰে কেনেবাকৈ অনুমান কৰে ৷ আপুনি গৰুৰ পৰা দিশ কেনেকৈ জানিব পাৰিব ? 

বহু হাজাৰ বছৰ আগৰ পৰাই মানৱ জাতিয়ে এই কথা দেখি আহিছে যে গৰুৰ জাক এটাই যেতিয়া ঘাঁহ খায় তেতিয়া সাধাৰণতে গোটেই জাকটোৱেই একেফালে মুখ কৰি ঘাঁহ পাগুলি থাকে ৷ ইয়াৰ ব্যতিক্ৰমো নথকা নহয় যদিও সাধাৰণতে বেছিভাগ ক্ষেত্ৰতে আমিও তেনে এক দৃশ্যই দেখি থাকো ৷ এয়া সকলোৱে জনা বা দেখা কথা ৷ পিছে আচৰিতভাৱে এই চিৰ পৰিচিত দৃশ্যটো হাজাৰ হাজাৰ বছৰ ধৰি পৃথিৱীৰ শ শ কোটি লোকে দেখি অহাৰ পিছতো কাৰো মনত এই কথাটো লৈ বৰ বিশেষ বেলেগ একো নতুন চিন্তা অহা নাছিল ৷ কিন্তু 2008 চনত জাৰ্মানীৰ ডুইচবাৰ্গ বিশ্ববিদ্যালৰ জীৱবিজ্ঞানী চেবিন বেগালে এই বিষয়ত গৱেষণা কৰি সেই বছৰৰ আগষ্ট মাহত বিশ্বক এক আমোদজনক তথ্য জানিবলৈ দিয়ে ৷ ডক্টৰ বেগাল আৰু তেওঁৰ সহযোগী সকলে গুগল আৰ্থৰ সহায়ত গ্ৰেট বৃটেইনৰ, আয়াৰলেণ্ড, ভাৰত, আমেৰিকা আদি বহু দেশৰ বহু হাজাৰ গৰুৰ ছবি চাই এটা আচৰিত কথা লক্ষ্য কৰিলে ৷ তেওঁলোকে দেখিলে যে পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন অঞ্চলৰ গৰুবোৰৰ মাজত এক অতি আচৰিত সাদৃশ্য আছে ৷ সেইটো হ'ল - ভৌগলিক পৰিসীমা নিৰ্বিশেষে পৃথিৱীৰ সকলো গৰুৱে ঘাঁহ খোৱা আৰু জিৰণি লোৱাৰ সময়ত উত্তৰ-দক্ষিন দিশত দেহটো অৱস্থান কৰি লয় ৷ উপগ্ৰহৰ সহায়ত লোৱা এনে হাজাৰ হাজাৰ ছবিত গৰুবোৰ উত্তৰ-দক্ষিন দিশত থকা বুলি ষ্পষ্টকৈ দেখা গৈছিল যদিও বহু ছবিত গৰুবোৰৰ মুখবোৰ উত্তৰ ফালে আছিল নে দক্ষিন ফালে আছিল সেয়া ষ্পষ্ট নহ'ল ৷ ইয়াৰ পিছত তেওঁলোকে আৰু কিছু অধ্যয়ন কৰি পালে যে ঘাঁহ খোৱাৰ সময়ত বিশ্বৰ প্ৰায় সকলো গৰুৱেই দেহটো উত্তৰ-দক্ষিন অৱস্থানত ৰাখি ঘাঁহ খায় ৷ এনে অৱস্থাতো গৰুবোৰৰ মুৰটো উত্তৰ ফালে মুখ কৰি ঘাঁহ খোৱাৰ প্ৰৱনতা বেছি ৷ একে গৱেষণাতে ডক্টৰ বেগাল আৰু তেওঁৰ সহযোগী সকলে চেক গণৰাজ্যৰ সহস্ৰাধিক হৰিণাৰ ওপৰতো গৱেষণা কৰি একেই ফলাফল পাইছে ৷ বিশ্বৰ সকলো দেশৰ হৰিণাবোৰেও উত্তৰ-দক্ষিন দিশত দেহটো ৰাখি ঘাঁহ খায় বা জিৰণি লয় ৷ এই গৱেষণাত তেওঁলোকে লক্ষ্য কৰা হৰিণাবোৰৰ দুই তৃতীয়াংশ হৰিণাই উত্তৰ ফালে মুখ কৰি ঘাঁহ খাইছিল আৰু বাকী এক তৃতীয়াংশই দক্ষিন ফালে মুখ কৰি ঘাঁহ খাই আছিল ৷ বিজ্ঞানী সকল প্ৰায় নিশ্চিত হৈছে যে গৰু আৰু হৰিণাই ( লগতে আন কিছু প্ৰানীয়েও ) এনেকৈ উত্তৰ-দক্ষিন দিশত দেহটো অৱস্থান কৰাৰ কাৰণ হ'ল সিহতে দৰাচলতে পৃথিৱীৰ চুম্বকীয় মেৰু দুটাৰ দিশৰ লগত নিজৰ দেহটো মিলাই ৰাখে ৷ উত্তৰ দক্ষিন দিশ মানে দৰাচলতে উত্তৰ দক্ষিন চুম্বকীয় ক্ষেত্ৰৰ লগতহে এই প্ৰাণীবোৰৰ দেহটো সমান্তৰাল হৈ থাকে ৷ পিছে এই কামটো গৰুবোৰে কিয় আৰু কেনেকৈ কৰে সেই বিষয়ে বিজ্ঞানী সকল এতিয়াও নিশ্চিত হব পৰা নাই আৰু সেই বিষয়ে বৰ্তমানেও গৱেষণা অব্যহত আছে ৷

গতিকে কোনো অচিন ঠাইত গৰুৱে ঘাঁহ খাই থকা দেখিলে আপুনি ধৰি লব পাৰে যে গৰুটো থিয় হৈ থকা দিশ দুটা উত্তৰ-দক্ষিন হোৱাৰ সম্ভাৱনাই বেছি ৷ অৱশ্যে এই ক্ষেত্ৰত আপুনি প্ৰতিবাৰেই সম্পূৰ্ণ শুদ্ধ হব বুলি মই কৈ দিব নোৱাৰো ৷ কিন্তু এটা কথা মই এশ শতাংশ নিশ্চিত কৰি কব পাৰো যে এই 

আপডেটটো পঢ়া শেষ হোৱাৰ পিছতে আপুনি কথাটো পৰীক্ষা কৰিবলৈ গৰু এটা বিচাৰি বাহিৰলৈ ওলাই যাব

-Alakesh Bhagwati
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment