-->

Emotional Assamese Story For Girls | বিবাহ

Emotional Assamese Story For Girls | বিবাহ


বিয়াৰ আগে আগে মোৰ হবলগীয়া শাহু আই মোক দেখি কৈছিল--
" মাইনা তোমাক আমি মৰমত ৰাখিম । তুমি আমাৰ একমাত্র লৰাটোৰ সৈতে বিয়া হোৱা । তোমাৰ যি যি ইচ্ছা সকলো আমি পুৰণ কৰিম। মাত্ৰ তুমি এই বিয়াত ৰাজি হোৱা । মোৰ লৰাটোৱে তোমাক বহুত ভালপায়। কথা দিছো, তোমাৰ পঢ়াশুনাত কোনো সমস্যা নহব। সেয়া মই চম্ভালিম ।".......

... সৰুৰ পৰাই পাৰিবাৰিক অস্বচ্ছলতাৰ মাজত মই ডাঙৰ হৈছিলো । চহৰত দেউতাৰ সৰু সুৰা এখন দোকান আছিল। । তাৰ ওপৰতে নিৰ্ভৰ কৰি চলিছিল আমাৰ সৰু পৰিবাৰ।। দেউতাৰ মৃত্যুৰ সময়তে প্ৰতিজ্ঞা লৈছিলো এদিন মই চাকৰি কৰি মাৰ আধা ৰৈ যোৱা সপোনবোৰ পুৰ কৰিম ।মোৰতো সৰু ভনী দুজনীও আছে। । কিন্তু ফজৰুলৰ মাকৰ কথাত আজি পুনৰ ভৰসা পালো । লগতে কাষৰ জেষ্ঠ মানুহবোৰেও জোৰ দিবলৈ ধৰিলে.. লৰাজনৰ ভবিষ্যত আছে। ভাল লৰা। বয়স পাৰ হৈ গলে এনে লৰাই চাবলৈ নাহে.. মাই জোৰ দিবলৈ ধৰিলে.. এই সকলোবোৰ পিছত নতুন কৈ সপোন দেখিবলৈ আৰম্ভ কৰিলো ।..

"ঠিক আছে তোমাৰ সুখৰ বাবেই বিয়া হম গ্রেজুয়েশ্বন কম্পিট কৰিম , নিজৰ ভৰিত থিয় দিম, পৰিবাৰৰ দায়িত্ব লম ।"
বচ.. ৰাজি হৈ গলো..... ।😊



.... মোৰ বিয়াতো কোনো ৰকমৰ ত্রুটি ৰখা নহল। খুব ধুমধাম কৰি মোৰ বিয়া সম্পন্ন হল। বিয়াৰ আগে আগে মোক যি গা গহনা দিয়াৰ কথা আছিল সেয়াও সকলো দিছে। দামী দামী শাৰী, কচমেটিক সকলো। বিয়াৰ ৰাতি ফজৰুলে মোক জনালে তাৰ ভালপোৱাৰ কথা । মোৰ প্রতি তাৰ আবেগ, অনুভূতিৰ কথা। তেওঁৰ মা যিদিনা ১ম আমাৰ ঘৰলৈ আহিছিল সেইদিনাই জানিছিলো ফজৰুলে মোক পচন্দ কৰে। । দুমাহ ধৰি তেওঁৰ কাষৰ ঘৰৰ ছোৱালীজনী নায়েমাৰ সৈতে চাৰ এজনৰ তাত বি.এ. ৰ ইংৰাজীৰ টিউচন কৰিছিলো, সেইদিনা তাৰ মাকৰ মুখত কথাটো শুনি কিছু অবাক হৈছিলো , কিন্তু সুখী হোৱা নাছিলো। যদিও ফজৰুল এজন অপচন্দ কৰিব পৰা বিধৰ লৰা নহয়।... 😊 কিয়নো সৰুৰ পৰাই মোৰ সপোন আছিল আগতে আত্মনির্ভৰশীল হোৱা , তাৰপিছত বিয়া হোৱা। হয়তো এয়া প্ৰতিজনী ছোৱালীৰেই সপোন. 😊
...
. ।বিয়াৰ কিছুদিন পিছত মন কৰিলোঁ মোৰ প্ৰতি ফজৰুল আৰু ফজৰুলৰ মাকৰ বহুত কেয়াৰ । আদৰৰ কোনো কম হবলৈ দিয়া নাই । মোৰ শাহুআই মোক ৰান্ধনীঘৰৰ পিনে যাবলৈও নিদিয়ে । পঢ়া শুনা কৰাৰ বহু সময় পালো মই। তাৰেই এখন কলেজত গ্ৰেজুৱেচনৰ বাবে বি.এ ফাৰ্ষ্ট চেমত আকৌ নামভৰ্তি হলো.. সুযোগ পালেই পঢ়িবলৈ বহো। ৰাতি ফজৰুল ঘৰ আহিলে পঢ়াৰ আৰু কোনো সুযোগ নাথাকে। শাহু মায়ে মোক পঢা় টেবুলৰ পৰা উঠাই তাৰ ৰুমলৈ পঠিয়ায়। কয় "গিৰিয়েকে বাহিৰৰ পৰা ঘৰ আহিলে তেওঁৰ কাষে কাষে থকিব লাগে।ময়ো পঢ়াৰ টেবুলৰ পৰা চুপচাপ উঠি তেওঁৰ ৰুমলৈ যাওঁ । এদিন ফজৰুলে মোক কলে" তোমাক কথা এটা কব খোজো. "।

মই শুনিবলৈ ব্যাকুল হৈ পৰিলো। তেও ১মে খুব ইতস্তত বোধ কৰিছিল। কিছু সময় পিছত নৰ্মেল হৈ কলে ,- "মাৰ খুব মন গৈছে নাতি, নাতনীৰ মুখ দেখাৰ । অসুস্থ মানুহ, কেতিয়া কি হয় কব নোৱাৰি "।তেওঁৰ কথাবোৰ শুনি মই আবাক হৈ পৰিছিলো ।

- মোৰ পঢ়াশুনা ?

- তোমাৰ মতে তুমি পঢিবা । বেবীটো মায়ে যত্ন লব।। তাৰ বাবে তুমি অলপো টেনচন লব নালাগে।

।ফজৰুলৰ কথাত ভৰসা কৰি মইও বেবী জন্ম দিয়াৰ সিদ্ধান্ত ললো । ন মাহ পিছত আমাৰ কোলাত এজনী ধুনীয়া ছোৱালী সন্তান আহিল। ছয়মাহলৈ তাইক কাষৰ পৰা আঁতৰি আহিব নোৱাৰো.. মোৰ চকুৰ আতৰ হলেই বেবিটোৱে কান্দি উঠে। এই ছয় মাহ বাহিৰৰ পৃথিৱী মোৰ পঢ়াশুনাৰ সৈতে সম্পর্ক একেবাৰেই বিচ্ছিন্ন হৈ গৈছিল ।বেবীটো আৰু অলপ ডাঙৰ হলে হয়তো কিবা সম্ভাৱনা থাকিব। হয়তো নাথাকিবও পাৰে .......

শাহুআইৰ কাষত বেবীটো ৰাখি মই আকৌ কলেজ যাবলৈ আৰম্ভ কৰিলো। পঢ়াশুনাত আকৌ মনোনিবেশ কৰিবলৈ ধৰিলো... কিন্তু...
এদিন হঠাৎ শাহুআইৰ স্ট্রোক হল । দুদিন হাস্পাতালত ৰখাৰ পিছত হঠাৎ খবৰ আহিল তেখত আৰু নাই...

মোৰ সপোনবোৰ সিদিনা একেলগ কবৰত বহাই দিছিলো... সিদিনাৰ পৰাই মোৰো যেন মৃত্যু হৈছে... মোৰ সপোন প্ৰতিজ্ঞা, সকলোখিনি... আজি পৰ্যন্ত মুক্ত কৰিব পৰা নাই...কেতিয়াবা ভাবো, সৰু সৰু একো একোটা সিদ্ধান্তই জীৱনৰ ডাঙৰ বাট একোটা বন্ধ কৰে....
হায় মোৰ প্ৰতিজ্ঞা। হাহাহা.......
উফ ।বেবীটোৱে আকৌ কান্দিছে..ৰবচোন অলপ আকৌ বাকী ৰৈছে.. মই ভাবো এজনী ছোৱালীৰ বাবে ১মে তাইৰ সপোনটো আগতে.. বিয়া বাৰু এইবোৰ পিছৰ কথা।.. মোৰ মতে সাধাৰণ কথা.. আমাৰ জেষ্ঠ মানুহবোৰে আৰু সমাজে সেয়া বুজা উচিত...মনবোৰক বান্ধি ৰখাৰ সলনি এবাৰ অন্তত বুজা উচিত.. হয়তো কালি যিজনী ছোৱালীক আপুনি বিয়া দিবলৈ ওলাব, তাইক অন্তত এবাৰ সোধক..

"হেপ্পী নে? তোমাৰো কিবা সপোন আছনে!... তুমি কি বিছৰা?

আচলতে জীৱনটো তাইৰ। কাৰো সপোন ভঙাৰ অধিকাৰ সমাজৰ নাই... কিয়নো সমাজে নিজেই নাজানে... এজনী ছোৱালীয়ে বুকুত কিমানটা সপোন ভাঙি আৰু গঢ়ি বিয়া হয়, আৰু বিয়াৰ পিছতো কিমানটা সপোন ছাঁই হৈ যায়..

#চায়েমা ৰেহান

Also Read

1 comment

  1. Unknown
    বহুত ধুনীয়া, হয় সকলো ছোৱালীৰ এটা এটা নিজস্ব সপোন থাকে।