“আঘোণ” - এক অনুভৱ

“আঘোণ” - এক অনুভৱ

'পকাধানৰ মাজে মাজে সৰু সৰু আলি'- শীৰ্ষক ৰুদ্ৰ বৰুৱাৰ জনপ্ৰিয় গীতটিয়ে  
প্ৰতিফলিত কৰা ছবিখন হৈছে আঘোণৰ ছবি ৷ আঘোণ কৃষকৰ আশাৰ বীজৰ সময় ৷ আঘোণৰ সোণোৱালী পথাৰসমূহে কৃষকৰ সপোনৰ পৰা বাস্তৱৰ দিশে গতি কৰে ৷ আঘোণ হেমন্ত ঋতুৰ অন্তৰ্গত ৷ আঘোণ মানেই দাৱনীৰ কাচিৰ  কচ্-কচ্ শব্দ, ৰবাব টেঙাৰ স্বাদ, আঘোণৰ শইচ সোণোৱালী পথাৰখনৰ ওপৰত বৈ থকা মৃদু  মৃদু মলয়া… আঘোণ সকলোৰে বাবে অনুভূতিসম্পূৰ্ণ যদিও গাঁৱলীয়া জনসাধাৰণৰ বাবে ই  কেৱল অনুভূতিপূৰ্ণই নহয়, আঘোণ মিঠা মিঠা অনুভূতিৰ মেটমৰা সম্ভাৰ ৷ পথাৰৰ হালি জালি থকা পকাধানে ৰিঙিয়াই মাতে প্ৰতিটো প্ৰকৃতিপ্ৰাণ মনক ( যি এবাৰ স্বাদ পাইছে সোণালী পথাৰৰ) আৰু যি অন্তৰেৰে অনুভৱ কৰিছে মানুহৰ লগত ধানৰ একাত্মতা, সহৃদয়তা, তেওঁৰ বাবে আঘোণ নিশ্চয়কৈ প্ৰত্যাশাৰ… অনুভৱে দোলা দিয়ে যেতিয়া অনুভৱ হয় আঘোণৰ স্মৃতি, একেলগে বহি লোৱা ৰবাব টেঙাৰ জুতি, পথাৰৰ মাজলৈকে বোটলা লেছেৰি লাগিলে ঘূৰি আহোঁতে পৰিয়ে আহক… তথাপিও যে স্বাদমধুৰ! কাটি যোৱা ধানৰ নৰাৰে বনোৱা পেঁপা,ছাতি, আৰু সেই যে ৰঙা লং বনৰ গছজোপা ধানৰ মাজে মাজে থকা (যিজোপা প্ৰকৃততে এজোপা ঔষধি উদ্ভিদ, নৰাই কাটিলে তাৰ পাত মোহাৰি দিলে সোনকালে ভাল হয়) এই গছজোপা অবিহনে আঘোণৰ পথাৰৰ সৌন্দৰ্য  অসম্পূৰ্ণ ৷

শৈশৱৰ স্মৃতি অবিহনে অসম্পূৰ্ণ মোৰ এই কুহুমবুলীয়া অনুভৱ ৷ পেপা আৰু ছাতি বনোৱা কলাটো আয়ত্ত কৰিছিলো যদিও অভ্যাস নোহোৱাৰ ফলত পাহৰাৰ দৰে হ’ল ৷ লেছেৰি বুটলা শৈশৱ গৰকা কৈশোৰ আমি, যদিও পুৰণি নহয় মোৰ শৈশৱ তথাপিও বৰ্তমানৰ শৈশৱৰ দেওনাৰ ল’ৰা ছোৱালীৰ বাবে এটা সাধুকথা ৷ উন্নতিৰ শিখৰে সিহঁতক দিছে নতুনত্বৰ নতুন শৃংখলা, পুৰণাৰ ইতিকথা সিহঁতৰ বাবে এটা আইতাৰ সাধু ৷
 অসমীয়া গ্ৰাম্য সমাজত প্ৰচলিত এটা ৰীতি হৈছে ন-খোৱা প্ৰথা। পথাৰৰ ন-ধানেৰে এসাঁজ সকলোৱে মিলি-জুলি খায়৷ ধান কাটি শেষ হোৱাৰ পাছত লখিমী ঘৰলৈ অনা হয় ঠিক  তেনেদৰে প্ৰথম ধান অনাক আগ অনা বুলি কোৱা হয় ৷
বৰ্তমান এৰা ধৰাৰ মাজেৰে এই ৰীতিসমূহ বৰ্তি আছে ৷ সোণোৱালী ধাননি পথাৰৰ ধানৰ চেঁকুৰা বুটলিবলৈ সাজু  হয় সকলো ৷ আশা প্ৰত্যাশাৰ দোমোজাত ৰৈ আঘোণে গণনা কৰিছে কহুঁৱাৰ বা, শুকুলা ডাৱৰৰ গতিবিধি, পথাৰৰ হাঁহি, এই সকলোবোৰ উপভোগ কৰি ঘূৰি ফুৰা আঘোণ কিমান যে ভাগ্যশালী..! শেষত কেশৱ মহন্তৰ ভাষাৰেই কওঁ,


আঘোণৰ কুঁৱলীয়ে     বাট ভেটি কৰিছে আমনি
একোকে নমনি…
কুঁৱলী নথকা হ’লে      দেখিলোহেঁতেন 
 পকাসোণবৰণীয়া ধানৰ আঁচল ৷

 
(অপু জ্যোতিস্মৃতা)

0/Post a Comment/Comments

Previous Post Next Post