বিশ্বৰ ইতিহাসৰ আটাইতকৈ বেছি বোমা বৰ্ষণ হোৱা দেশ
বৰ্তমানলৈ বিশ্বৰ ইতিহাসৰ আটাইতকৈ বেছি বোমা বৰ্ষণ হোৱা দেশ -2000000 টন বোমা বৰ্ষণ হোৱা দেশ
লাওছ দক্ষিন-পূৱ এছিয়াৰ এখন দুখীয়া দেশ ৷ প্ৰায় 70 লাখ জনসংখ্যাৰ এই দেশখনৰ বহু সংখ্যক লোকেই পুৰণি লোহা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে ৷ লাওছৰ দৰে সৰু অনুন্নত দেশ এখনত ইমান বেছি পৰিমানৰ লোহা মজুত থকা কথাটো শুনিবলৈ অলপ আচৰিত যেন লাগে ৷ কিন্তু ইয়াৰ এক নিৰ্দিষ্ট কাৰণ আছে ৷ জনসংখ্যা আৰু মাটিকালিৰ ফালৰ পৰা লাওছ হ'ল বৰ্তমানলৈ বিশ্বৰ ইতিহাসৰ আটাইতকৈ বেছি বোমা বৰ্ষণ হোৱা দেশ ৷
1955 চনৰ 1 নভেম্বৰৰ পৰা 1975 চনৰ 30 এপ্ৰিললৈ প্ৰায় 20 বছৰ কাল চলা ভিয়েটনাম যুদ্ধৰ কেন্দ্ৰবিন্দু আছিল উত্তৰ ভিয়েটনাম, দক্ষিন ভিয়েটনাম, কম্বোডিয়া আৰু লাওছ ৷ এই যুদ্ধত আমেৰিকাই লাওছৰ ওপৰত ইমানেই বেছি বোমা বৰ্ষণ কৰিছিল যে ইতিহাসৰ আন কোনো যুদ্ধতেই কোনো এখন দেশৰ ওপৰত জনসংখ্যা আৰু মাটিকালিৰ ফালৰ পৰা ইমান বেছি বোমা বৰ্ষণ হোৱা নাই ৷ ভিয়েটনাম যুদ্ধৰ সময়ত আমেৰিকাৰ বিমান বাহিনীয়ে আকাশী পথেৰে 580,000 টা অভিযান চলাই প্ৰায় 2000000 টন বোমা লাওছৰ ওপৰত বৰ্ষণ কৰিছিল ৷ এই ভয়াবহ আক্ৰমণত লাওছৰ যি অকল্পনীয় ক্ষতি হৈছিল সেয়া সহজেই অনুমেয় ৷ কিন্তু যুদ্ধ শেষ হোৱাৰ 40 বছৰৰো বেছি কাল পিছত লাওছত এই বোমাবোৰে এতিয়াও যি ধ্বংসলীলা কৰি আছে সেয়াহে বৰ্তমান দেশখনৰ কাৰণে অতি গুৰুতৰ সমস্যা হিচাবে দেখা দিছে ৷ ভিয়েটনাম যুদ্ধৰ সময়ত আমেৰিকাই লাওছৰ ওপৰত পেলোৱা 27 কোটি বোমাৰ ভিতৰত প্ৰায় আঠ কোটিতকৈও বেছি বোমা সেই সময়ত বিভিন্ন বিজুতিৰ বাবে নুফুটাকৈয়েই থাকি গৈছিল ৷ আমেৰিকাই লাওচৰ ওপৰত বৰ্ষন কৰা এই অকল্পনীয় পৰিমানৰ বোমাৰ ফলত দেশখনত এতিয়া য'তে ত'তে পৰিত্যক্ত অৱস্থাত লোহা লক্কৰ পোৱা যায় ৷ এই লোহাবোৰ হ'ল ভিয়েটনাম যুদ্ধত আকাশৰ পৰা আহি মাটিত পৰা বোমাবোৰৰ খোলাবোৰ ৷ সেয়েহে যুদ্ধৰ পিছৰ পৰাই অতি দুখীয়া দেশখনৰ বহু লোকৰ জীৱিকাই হৈ পৰিছে এই লোহাবোৰ সংগ্ৰহ কৰি বিক্ৰী কৰাটো ৷ কিন্তু এনেদৰে লোহা সংগ্ৰহ কৰিবলৈ যাওঁতে লাওছত এই চাৰিটা দশকৰ প্ৰতিবছৰেই প্ৰায় 300 জনকৈ লোকে নিজৰ জীৱন হেৰুৱাইছে নাইবা চিৰদিনলৈ পঙ্গু হৈ পৰিছে ৷ কাৰণ, দৰিদ্ৰ লোকসকলে সংগ্ৰহ কৰা এই বোমাবোৰৰ ভিতৰত এনে বহুতো নুফুটা বোমাও থাকে যি সামান্য লৰচৰ কৰি দিলেই ফুটি যায় ৷ এই নুফুটা বোমাবোৰ সুৰক্ষিত স্থানলৈ আতৰাই নি নিয়ন্ত্ৰিত ভাৱে ফুটাই জনবসতিপূৰ্ণ অঞ্চলবোৰ সুৰক্ষিত কৰাতোৱেই বৰ্তমান দেশখনৰ বাবে প্ৰাথমিক কাম ৷ কিন্তু বৰ্তমান এই কামটো অতি লেহেমীয়া গতিত আগবাঢ়িছে আৰু ইয়াৰ বাবে লাওছে গোটেই বিশ্বৰ পৰা যি ধৰণে সহায় সহযোগ পাব লাগিছিল তেনে ধৰণে পোৱা নাই ৷ অতি দূখৰ বিষয় এয়াই যে অনুমান কৰা মতে এই কামটো বৰ্তমানলৈ যি গতিত চলি আছে, সেই গতিতেই ভৱিষ্যতেও চলি থাকিলে সমগ্ৰ দেশখনৰ পৰা নুফুটা বোমাবোৰ আতৰ কৰিবলৈ প্ৰায় 800 বছৰৰ প্ৰয়োজন হব ৷ আৰু তেতিয়ালৈ হয়তো দক্ষিন-পূৱ এছিয়াৰ এই দৰিদ্ৰ দেশখনত প্ৰতিদিনে এনেকৈ পেটৰ তাড়নাত বোমা সংগ্ৰহ কৰাৰ দৰে ভয়াবহ কামক জীৱিকা হিচাবে লবলৈ বাধ্য হোৱা এচাম অসহায় দূৰ্ভগীয়া লোকৰ মৃত্যু হৈয়েই থাকিব যাৰ জীৱনৰ মূল্য বিশ্বৰ উন্নত দেশবোৰৰ বাবে কুকুৰ মেকুৰীতকৈও কম ৷
~alakesh Bhagawati
~alakesh Bhagawati
Join the conversation