Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

অস্কাৰ অনুষ্ঠানত খালী হোৱা আসনবোৰত কি কৰা হয় জানেনে

oscar hidden fact in Assamese | how to fill empty chair

অস্কাৰকে আদি কৰি বহু ডাঙৰ অনুষ্ঠানত খালী হোৱা আসনবোৰত  কি কৰা হয় জানেনে

আপোনালোকে টেলিভিছনত অস্কাৰ বঁটা বিতৰণী অনুষ্ঠান নিশ্চয় চাই পাইছে ৷ প্ৰতি বছৰে এই আয়োজন অনুষ্ঠিত হয় লছ এঞ্জেলছৰ বিখ্যাত ডলবি থিয়েটাৰত ৷ অষ্কাৰ বঁটা প্ৰদানৰ দিনা ডলবি থিয়েটাৰৰ 3400 খন আসনেই বিশ্বৰ নামী দামী চলচিত্ৰ তাৰকা আৰু আন গণ্য মান্য ব্যক্তিৰে পূৰ্ণ হৈ থাকে ৷ পিছে আপোনালোকে যদিহে ভালদৰে মন কৰে তেন্তে দেখিব যে কেইবা ঘন্টা ধৰি চলা এই অনুষ্ঠানৰ সকলো সময়তে গোটেই ডলবি থিয়েটাৰটো অতিথিৰে পৰিপূৰ্ণ হৈ থাকে ৷ 

টেলিভিছনত বঁটা প্ৰদান অনুষ্ঠান চাই থাকোতে আপুনি এক চেকেণ্ডৰ বাবেও ডলবি থিয়েটাৰৰ ভিতৰৰ এখনো আসন খালী হৈ থকা দেখা নাপায় ৷ কথাটো ভালকৈ ভাবি চালে আচৰিত ৷ কাৰণ ইমান ঘন্টা ধৰি চলি থকা এক অনুষ্ঠানত আমন্ত্ৰিত অতিথি সকলৰ কোনো এজনেও এবাৰৰ বাবেও বাথৰূম বা আন কৰবালৈ যাবলৈ নিজ আসনৰ পৰা উঠি নোযোৱাটো কেনেকৈ সম্ভৱ ?! কথাটো অসম্ভৱ যেনেই লাগে ৷ আৰু এয়া সঁচাকৈ অসম্ভৱো ৷ দৰাচলতে অনুষ্ঠান চলি থকাৰ মাজতে বেছিভাগ অতিথিয়েই এক বা ততোধিকবাৰ নিজ আসন এৰি বাহিৰলৈ ওলাই যায় ৷ 

তেন্তে আমি টেলিভিছনত সকলো মুহুৰ্ততে সকলোবোৰ আসন ভৰ্তি হৈ থকা দেখো কেনেকৈ ?

অস্কাৰ বা তেনে ধৰণৰ আন বহুতো অনুষ্ঠানৰ সময়ত অতিথি সকল তেওঁলোকৰ আসনৰ পৰা সাময়িক ভাৱে উঠি গ'লে সেই খালী আসন পূৰাবলৈ কিছুমান স্বেচ্ছাসেৱক বাচনি কৰা হয় ৷ কিছু ক্ষেত্ৰত এই লোকসকলক অতি সামান্য পৰিমাণৰ মাননিও দিয়া হয় ৷ অস্কাৰ বঁটা অনুষ্ঠানৰ আগতে আয়োজক সকলে কিছুমান নিৰ্দিষ্ট এজেন্সিৰ যোগেদি শতাধিক স্বেচ্ছাসেৱক এই কামৰ বাবে বাচনি কৰে ৷ তেওঁলোকে অনুষ্ঠানৰ দিনা নিজা খৰচত দামী কাপোৰ পিন্ধি দেখাত অতি গণ্য মান্য ব্যক্তিৰ দৰে সাজি কাচি আহি ডলবি থিয়েটাৰৰ ভিতৰত টেলিভিছন কেমেৰাই নেদেখা ঠাইত থিয় হৈ থাকে ৷ 

যেতিয়া কোনো এজন অতিথি নিজ আসন এৰি বাহিৰলৈ ওলাই যায়, তেতিয়া তেওঁলোকে সেই খালী আসনখনত বহি পৰে ৷ আকৌ অতিথিজন ঘুৰি অহাৰ লগে লগে তেওঁ সেই আসনখন অতিথিজনক এৰি দিয়ে ৷ এই কামৰ বাবে বছৰি অজস্ৰ স্বেচ্ছাসেৱকে আৱেদন কৰে ৷ এই কামটোত আৰ্থিক লাভ একো নাই যদিও ইয়াৰ ফলত এই সাধাৰণ লোকসকলে কেইঘন্টামানৰ বাবে পৃথিৱীৰ বিখ্যাত লোক সকলক একেবাৰে ওচৰৰ পৰা চাব পাৰে ৷ 

এয়াই তেওঁলোকৰ বাবে ডাঙৰ মাননি ৷ কামটো দেখাত সাধাৰণ যদিও এই কামটো সুকলমে সম্পাদন কৰিবলৈ স্বেচ্ছাসেৱক সকলক এজেন্সিবোৰে প্ৰশিক্ষণ দি লয় ৷ অতিথিসকলে নিজে কথা আৰম্ভ নকৰিলে এই লোকসকলে কাৰোবাৰ লগত আগধৰি কথা পতাটো নিষেধ ৷ আনহাতে চাকৰিৰ ক্ষেত্ৰত আগৰ অভিজ্ঞতা থকা লোকে যেনেকৈ অগ্ৰাধিকাৰ পায়, তেনেকৈ অস্কাৰৰ ক্ষেত্ৰতো আন আন এনেধৰণৰ অনুষ্ঠানত আসন পূৰোৱাৰ পুৰণি অভিজ্ঞতা থকা স্বেচ্ছাসেৱকে অগ্ৰাধিকাৰ পায় ৷

এনেদৰেই অস্কাৰকে আদি কৰি বহু ডাঙৰ অনুষ্ঠানত সাময়িকভাৱে খালী হোৱা আসনবোৰ স্বেচ্ছাসেৱকৰ দ্বাৰা পূৰ্ণ কৰি ৰাখি টেলিভিছনৰ দৰ্শকক সৰ্বক্ষণে সকলো আসন পূৰ্ণ হৈ থকাৰ চমক দিয়া হয় ৷

-Alakesh Bhagawati

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment