Facts About Number 420 in Assamese Language
বিশ্বৰ বহুতো দেশত, বিশেষকৈ আমেৰিকাত 420 সংখ্যাটোৰ আকৌ প্ৰচুৰ আদৰ আছে ৷ 420 সংখ্যাটো ভাং ( Marijuana) খোৱা লোকসকলৰ বাবে অতি মৰমৰ সংখ্যা
420
সংখ্যাটো সাধাৰণ অৰ্থত কবলৈ গ'লে আমাৰ ভাৰতীয় লোকৰ কাৰণে এটা লাজৰেই
সংখ্যা ৷ আমাৰ দেশত কোনোবা লোকক 420 বুলি কলে তেওঁৰ কাৰণে সেয়া সন্মান যোৱা
কথা ৷ কাৰণ Indian panel code ৰ 420 নম্বৰ ধাৰাতেই ঠগ, প্ৰবঞ্চনা আদি
গোচৰবোৰৰ কথা আছে ৷ আমাৰ চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশটো, ম্যানমাৰ
আদিতো এই অপৰাধবোৰ 420 ধাৰাতেই অন্তৰ্ভুক্ত ৷ গতিকে ভাৰতীয় উপমহাদেশত 420
শব্দটো বেছিভাগ লোকৰ কাৰণে এক অবাঞ্ছিত সংখ্যা ৷
420 সংখ্যাটোৰ বিষয়ে আমোদজনক কথা Facts About Number 420 in Assamese Language
বিশ্বৰ বহুতো দেশত, বিশেষকৈ আমেৰিকাত 420 সংখ্যাটোৰ আকৌ প্ৰচুৰ আদৰ আছে ৷
420 সংখ্যাটো ভাং ( Marijuana) খোৱা লোকসকলৰ বাবে অতি মৰমৰ সংখ্যা ৷ 420
ভাঙৰ এটা সাংকেতিক নাম ৷ বিশ্বৰ ভাং খোৱা বহুতো গোটে সদায় আবেলি 4:20 বজাত
বা এপ্ৰিল মাহৰ 20 তাৰিখটো (4/20) ভাং খোৱাৰ বাবে আটাইতকৈ উপযুক্ত সময় বুলি
বিশ্বাস কৰে ৷ এই সময়ত ভাং খোৱাটো দেশত ভাং খোৱাৰ চৰকাৰী অনুজ্ঞা দিবলৈ
চৰকাৰক দাবী জনোৱাৰো এক প্ৰতীক বুলি ধৰা হয় ৷ ভাং খোৱা লোক সকলৰ মাজত 420
সংখ্যাটোলৈ থকা এই মৰমৰ বাবে আমেৰিকাৰ চৰকাৰৰ এক আমোদজনক অসুবিধাৰ সৃষ্টি
হৈছে ৷ আমেৰিকাৰ ৰাস্তাত 420 লিখা থকা মাইলৰ খুটিবোৰ ভাং খোৱা লোক সকলে
প্ৰায়েই মনে মনে চুৰ কৰি লৈ যায় ৷ এখন দেশৰ ৰাস্তাত 420 লিখা থকা লাখ লাখ
মাইলৰ খুটি থাকিব পাৰে ৷ সেইবোৰো যদি চোৰৰ 'টাৰ্গেট' হবলৈ হয়, তেন্তে চৰকাৰ
বিবুধিত পৰা স্বাভাৱিক ৷ সেয়ে আমেৰিকাৰ বহুতো প্ৰদেশে 420 লিখা মাইলৰ
খুটিবোৰ চোৰৰ পৰা ৰক্ষা কৰিবলৈ এক অভিনৱ উপায় হাতত লৈছে ৷ তেওঁলোকে এতিয়া
এই খুটিবোৰত 420 লিখাৰ সলনি 419.99 বা 419.9 লিখে ৷ এই আমোদজনক সালসলনিৰ
ফলত গাড়ী চলাই গৈ থকা লোকসকলৰ দুৰত্ব পঢ়াত একো অসুবিধা নহয় যদিও এই
ব্যবস্থাই আমেৰিকাৰ ভঙুৱা সকলক বাৰুকৈয়ে নিৰাশ কৰিছে ৷
-Alakesh Bhagawati
Join the conversation