Motivational Assamese Story of South Actor Rajanikant
Motivational Assamese Story of South Actor Rajanikant
সেই চুপাৰষ্টাৰজন যিজনক ভিক্ষাৰী বুলি ভাবি খাবলৈ দহ টকা দিছিল মহিলা এগৰাকীয়ে
দক্ষিণৰ superstar rajanikant ৬৮ বছৰীয়া হ’ল ৷ 2018 বৰ্ষত film robbot 2.0 ৰে আকৌ দেশবাসীক কপাঁই তুলিছে। বয়সৰ সমান্তৰালকৈ তেওঁৰ জনপ্ৰিয়তাও সিমানেই বৃদ্ধি ধৰিছে ৷ তেওঁৰ বিষয়ে বেলেগকৈ কোৱাৰ আৱশ্যক নহয় কাৰণ তেওঁৰ নাম সমগ্ৰ পৃথিৱীতে জনাজাত ৷ দক্ষিণ ভাৰতত তেওঁক ভগৱানৰ স্বৰূপে পূজা কৰা হয় ৷
এনেকুৱা নিশ্চয় কোনো নাই যি ৰজনীকান্তৰ নাম শুনা নাই বা নাজানে ৷ আজি এনেকুৱা এটা কাহিনী আপোনালোকক ক’ম যিটো শুনিলে আপোনালোক আচৰিত ও হ’ব আৰু হাঁহিও উঠিব ৷
Rajanikant ৰ আমি সেইবিষয়ে লিখিবলৈ লৈছোঁ যেতিয়া এগৰাকী মহিলাই ভিক্ষাৰী বুলি ভাবি ৰজনীকান্তক দহ টকা দান দি থৈ গৈছিল ৷ দৰাচলতে, ২০০৭ চনত Rajanikant চিনেমা “শিৱাজী” film মুক্তি দিয়া হৈছিল আৰু box office hit chinema of South হিট হৈছিল ৷ এই কাৰণত unit ৰ সকলো সদস্যৰ লগতে চুপাৰষ্টাৰ ৰজনীকান্ত ও সুখী হৈছিল ৷
সুখত উৎফুল্লিত হৈ rajanikant এ নিজৰ পোচাক সলনি কৰি মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল ৷ সাধাৰণ বেশেৰে অন্য সকলৰ লগত মন্দিৰ দৰ্শনৰ পাছত তেওঁ মন্দিৰৰ ওচৰত থকা এটা শিলত বহি জিৰণি লৈছিল ৷ তেতিয়াই প্ৰায় ৪০ বছৰীয়া মহিলাৰ দৃষ্টি তেওঁৰ ওপৰত পৰিল ৷
সাধাৰণ পোচাকত ৰজনীকান্তক দেখি মহিলাগৰাকীয়ে চিনি নাপালে আৰু ভিক্ষাৰী বুলি ভাবি দহ টকা তেওঁক দিলে ৷ সেইসময়ত চুপাৰষ্টাৰজনে একো নকলে আৰু মনে মনে নোটখন গ্ৰহণ কৰিলে ৷
কিছুসময় পাছত ৰজনীকান্ত যেতিয়া গাড়ীত বহি আছিল তেতিয়া সেই মহিলাগৰাকীআকৌ দেখা পালে নিজৰ অজানিতে হৈ যোৱা ভুলৰ বাবে তৎক্ষণাত ক্ষমা খুজিলে ৷
ৰজনীকান্তে মহিলাগৰাকীক বিনম্ৰতাৰে ক’লে যে ইয়াত একো দুখ নাই ৷ এয়াতো ভগৱানৰহে ইংগিত ৷ ভগৱানে ইয়াকে ক’ব বিচাৰিছে যে মই ৰজনীকান্তহে, কোনো চুপাৰষ্টাৰ নহয় ৷
ৰজনীকান্তৰ জীৱনৰ লগত জড়িত এই ঘটনাটো সেই সময়ত Social media viral হোৱা দেখা গৈছিল ৷ এইটো ঘটনা প্ৰকৃতততেই হাঁহি উঠা আৰু ব্যতিক্ৰম ৷
আজি আকৌ মনত পৰি আপোনাক শুনালো।
যুগুতালে- জ্যোতিস্মৃতা
Join the conversation