Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Inspirational Assamese Story Archer Matt Stutzman | Most Motivational Assamese Story

Inspirational Assamese Story Archer Matt Stutzman | Most Motivational Assamese Story অনুপ্ৰেৰণামুলক গল্প যিয়ে মন সলনি কৰি দিব
Inspirational Assamese Story Archer Matt Stutzman

Inspirational Assamese Story Archer Matt Stutzman | Most Motivational Assamese Story

অনুপ্ৰেৰণামুলক গল্প যিয়ে মন সলনি কৰি দিব

মনত জয়ৰ দুৰ্বাৰ হেপাহ থাকিলে পৃথিৱীৰ কোনো বাধাই আপোনাক ধৰি ৰাখিব নোৱাৰে ৷ 1982 চনত আমেৰিকাত জন্মগ্ৰহণ কৰা মেট ষ্টুৎজমেনৰ জন্মৰ পৰাই দুয়োখন হাত নাছিল ৷ কিন্তু দুয়োহাত নাথাকিলেও জীৱনত সফলতা লাভৰ বাবে প্ৰয়োজনীয় আটাইতকৈ দৰকাৰী বস্তু দুটা তেওঁৰ আছিল ৷ সেয়া হ'ল প্ৰচণ্ড আত্মবিশ্বাস আৰু একাগ্ৰতা ৷ বৰ্তমান তেওঁ বিশ্বৰ এজন অতি সফল ধনুৰ্ধৰ ৷ দুয়োহাত নোহোৱাৰ পিছতো ভৰিৰে কাঁড় চলাই তেওঁ অসাধাৰণ নৈপুন্যৰ পৰিচয় দি আহিছে ৷ 2012 চনৰ লণ্ডন paralympic ৰ তেওঁ আৰ্ছাৰীৰ ৰূপৰ পদক বিজয়ী ৷ কিন্তু সেইটোৱেই তেওঁৰ খেলুৱৈ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা নহয় ৷

ধনুৰ্বিদ্যাৰ জগতত আটাইতকৈ দীৰ্ঘ দুৰত্বৰ সঠিক নিচানৰ বিশ্ব ৰেকৰ্ড আছে ধনুৰ্ধৰ মেট ষ্টুৎজমেনৰ নামত ৷ যোৱা বছৰ 9 ডিছেম্বৰৰ দিনা আমেৰিকাৰ টেক্সাছ প্ৰদেশত 283.47 মিটাৰ (930.04 ফুট) দুৰৰ পৰা ধনুকাঁড় চলায়ো একেবাৰে সঠিক নিচানত লগাই তেওঁ এই অবিশ্বাস্য ইতিহাস ৰচনা কৰিছে ৷ দুয়োহাত থকাৰ পিছতো বিশ্বৰ আটাইতকৈ প্ৰখ্যাত ধনুৰ্বিদ সকলেও আজিলৈ যি কাম কৰিব পৰা নাই, সেই কাম প্ৰচণ্ড আত্মবিশ্বাস, একাগ্ৰতা আৰু অনুশীলনৰ সহায়ত মেট ষ্টুৎজমেনে ভৰিৰে কৰি দেখুৱাইছে ৷ তেওঁৰ এই অভিলেখ গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত আজিও অক্ষত অৱস্থাত আছে ৷ কোনো বাধাৰ সন্মূখতেই হাৰ নামানি নিজ চেষ্টাৰ ফলত আগুৱাই গৈ ইতিহাস ৰচনা কৰা মেট ষ্টুৎজমেন পৃথিৱীৰ প্ৰতিজন লোকৰ কাৰণে প্ৰেৰণাৰ উৎস হোৱা উচিত ৷

-Alakesh Bhagawati

আপুনি আগলৈও এনেধৰণৰ assamese motivational story, assamese motivational line, পাই থাকিবলৈ ফেচবুক পেজখন লাইক কৰক ।

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment