How To Separate Your Soul From Body In Assamese | Advanced Yoga In Assamese
How To Separate Your Soul From Body In Assamese | Advanced Yoga In Assamese
আপোনাৰ আত্মাটোক আপোনাৰ শৰীৰৰ পৰা কিছুসময়ৰ বাবে কিদৰে পৃথক কৰিব। Astral Travel In Assamese Language
১মে এনে কোঠাত ওপৰমুৱাকৈ শুই লওক যত আপোনাক বাহিৰৰ কোলাহলে বিৰক্ত কৰিব নোৱাৰে.. হাত দুখন দুয়োকাষে মেলি দিয়ক.. অৰ্থাৎ হাত আৰু কঁকালৰ মাজৰ ব্যৱধান ৬ ইঞ্চিমান যেনেদৰে সুবিধা হয়। ওখ গাৰু নলব। এতিয়া চকুটো মুদি দিয়ক। আপোনাৰ মনত বহুতো কথাই ঘুৰি ফুৰিব..
আপুনি এতিয়া লাহে লাহে দীঘলকৈ উশাহ এটা লওক। মনত ভাবক বায়ুবোৰ আপোনাৰ হাফফাওলৈ গৈ আছে। এতিয়া লাহে লাহে উশাহ এৰক। আকৌ তেনেকৈ উশাহ লওঁক। আকৌ এৰক। এনেদৰে কেইবাৰমান কৰক। দেখিব মনটো অশান্ত চিন্তাবোৰ নোহোৱা হৈছে। এতিয়া আপুনি ভৰিৰ বুঢ়া আঙুলিত মনটো কেন্দ্ৰীভূত কৰক । অৰ্থাৎ মনটো বুঢ়া আঙুলিলৈ নিয়ক।এনেদৰে ভাবক যেন আপোনাৰ ভৰিৰ পৰা টোপনিটো আপোনাৰ দেহৰ ওপৰলৈ আহি আছে। লাহে লাহে মনটো ওপৰলৈ আহি থাকক। লাহে লাহে গোৰোহা, ভৰিৰ গাঠি পিছত উৰু এনেকৈ ক্ৰমান্বয়ে, বুকুলৈ আহক।
মনত ভাবক আপোনাৰ যেন ভৰিৰ পৰা মৃত্যু হৈ আহিছে। যেতিয়া মনটো এনেদৰে বুকুৰ ওপৰ পাব।আপোনাৰ হাত ভৰি জিন জিন কৰিব। কাৰেন্ট লগাৰ দৰে ভাইব্ৰেশ্বন হব। যিমানে ওপৰলৈ মনটো আনিব সিমানে বৃদ্ধি হব।
যেতিয়া বুকু পাব হৃদস্পন্দন বৃদ্ধি হব পাৰে। এয়া সাধাৰণ ঘটনা। এতিয়া মনটো লাহে লাহে গললৈ আনক। লাহে লাহে মূৰলৈ। আপুনি মনতে হাত ভৰি সামান্য লৰচৰ কৰিব খোজক। সচাকৈ লৰচৰ নহয়। এতিয়া কিছুসময় পিছত অনুভৱ কৰিব আপুনি শূণ্যত ওপঙি আছে। আৰু বতাহে আপোনাক চুই থকা যেন অনুভৱ হব। পৃথিৱীৰ মধ্যাকৰ্ষণৰ প্ৰভাব আপোনাৰ ওপৰত নাই।
... লাহে লাহে চকুটো মেলি দিয়ক। বচ।
আপোনাৰ আজিৰ অভিজ্ঞতা হৈ গল। যদিহে আপুনি মনটো কন্ট্ৰোল কৰিব নোৱাৰে আৰু মনটো এইবোৰ কৰাৰ সময়ত উৰি ফুৰে তেন্তে সফল নহয় ।
Join the conversation