Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

অসমীয়া ভূতৰ গল্প - সত্য ঘটনা সংগ্ৰহ কৰি লেখা ভূতৰ কাহিনী

Assamese Horror Story | Assamese Vutor Golpo Part 14
অসমীয়া ভূতৰ গল্প - সত্য ঘটনা সংগ্ৰহ কৰি লেখা ভূতৰ কাহিনী

অসমীয়া ভূতৰ গল্প - সত্য ঘটনা সংগ্ৰহ কৰি লেখা ভূতৰ কাহিনী

Assamese Horror Story | Assamese Vutor Golpo

এয়া মোৰ নিজা অভিজ্ঞতা। সেইসময়ত মই  15 বছৰীয়া ছোৱালী। ঘটনাটো তেতিয়াৰ যিদিনা  গানৰ পৰীক্ষা দি যেতিয়া মই ঘৰলৈ আহি আছিলো। আমাৰ ঘৰৰ কাষত এটা সৰু নদী আছে। নদীটো পাৰ হলেই ঘৰ পোৱা যায়।সেই সময়ত সন্ধিয়া ৫ টা বাজি পাৰ হৈছে। মোৰ লগত তেতিয়া ফোন নাছিল। নদীটো পাৰ হৈয়েই মোৰ মুৰটো ওজন যেন লাগিল। মোৰ লগৰ জনীক কথাটো কবলৈ পোৱাৰ আগতে মোৰ মুৰ ঘুৰাই অজ্ঞান হৈ পৰিলো।যেতিয়া সাৰ পাইছিলো মোৰ কাষত দেউতা মা আইতা সকলো আছিল। মোৰ জ্বৰ উঠিছিল বাবেই থাৰ্মমিটাৰ ডাল কাষলতিৰ তলত দি বাৰে বাৰে মায়ে পৰীক্ষা কৰি আছিল। এইখিনি মই শুনা কথা। মই মাক ভৰিৰে গোৰ মাৰি দিছিলো আৰু বেয়া বেয়া গালি দিবলৈ আৰম্ভ কৰিছিলো। সকলোৱে মোৰ ব্যবহাৰ শুনি আচৰিত হৈছিল।

পিছদিনাখন আইতাৰ কথমতে আমাৰ ঘৰলৈ এজন পণ্ডিত আহিল। মই তেওঁকো বহুত বেয়া ব্যৱহাৰ কৰিছিলো হেনো। পণ্ডিতজনে পিছদিনা এজন মুছলমান মৌলানা মাতি আনিছিল আৰু তেও মোক এটা তাবিজ দিলে। লাহে লাহে মই আগৰ দৰে সুস্থ হৈ উঠিলো।

সেই পণ্ডিতজনে মোৰ মাক কৈছিল, মোৰ শৰীৰত হেনো এজন লৰাৰ আত্মাই লম্ভিছিল।মায়ে বিচাৰ খোচৰ কৰি গম পালে  ১৪ বছৰ আগেয়ে নদীখনৰ কাষত এজনী বিধবা মহিলা তাইৰ একমাত্ৰ পুত্ৰ সন্তানটোৰ সৈতে বাস কৰিছিল। এদিন বেমাৰ হৈ উপযুক্ত চিকিৎসাৰ অভাবত লৰাজন ঢুকাই থাকিল। বিধবাজনীয়ে পাগল যেন হৈ ঘৰৰ নদীৰ পাৰত নাখাই নবৈ বহি থকা হল আৰু এদিন তাতে তাইৰো মৃত শৰীৰৰ দেখা পালে।

আচলতে ইয়াত শেষ নহয়। কিছুদিন ধৰি মই অন্য এক সমস্যাত পৰিছো। মই মাজে মাজে সাৰ পাই উঠো। এনে লাগে কোনোৱে মোক চাই আছে। মাজে মাজে এনে লাগে মোৰ কাষত কোনোবা আছে। মই মুখখন তেনেদৰে লৰচৰ নকৰাকৈ শুই থাকো। হয়তো এয়া মোৰ মনৰ ভ্ৰম। হয়তো নহয়। নাজনো


Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment