মৰণফান্দ: দ্বিতীয় মহাযুদ্ধত জাৰ্মান সৈন্যৰ আচৰিত কৌশল
মৰণফান্দ: দ্বিতীয় মহাযুদ্ধত জাৰ্মান সৈন্যৰ আচৰিত কৌশল।
যুদ্ধৰ সময়ত চলে বলে কৌশলে শত্ৰুপক্ষৰ সৈনিকৰ প্ৰাণ লব পৰাটোৱেই যিকোনো সেনাৰ প্ৰধান লক্ষ্য ৷ ইতিহাসৰ আটাইতকৈ ভয়ানক মহাযুদ্ধতো ইয়াৰ ব্যতিক্ৰম নাছিল ৷ শত্ৰুপক্ষৰ মনত কোনো সন্দেহৰ উদ্ৰেক নকৰাকৈ তেওঁলোকক মৰণফান্দত ভৰি দিবলৈ মাতি আনিবলৈ দ্বিতীয় মহাযুদ্ধত দুয়োপক্ষই নানা কৌশল অবলম্বন কৰিছিল ৷ তাৰে এটা কৌশল আছিল ‘কুটিল ছবি‘ ৷
পশ্চিম ইউৰোপৰ যুদ্ধত যেতিয়া লাহে লাহে জাৰ্মান সেনাৰ পৰাজয় আৰম্ভ হৈছিল আৰু এখনৰ পিছত এখন চহৰ তেওঁলোকৰ হাতৰ পৰা মিত্ৰশক্তিৰ হাতলৈ গৈছিল, তেতিয়া শংকিত জাৰ্মান সেনাৰ অভিযন্তা সকলে এক অতি সাধাৰণ অথচ অতিশয় ভয়াবহ মৰণফান্দ এখন সাজি উলিয়াইছিল ৷ যেতিয়া জাৰ্মান সৈন্যই শত্ৰুৰ হাতত কোনো এখন চহৰ এৰি দি পলাবলৈ বাধ্য হৈছিল, তেতিয়া তেনে কৰাৰ আগ মূহুৰ্তত তেওঁলোকে সেই চহৰৰ আটাইতকৈ ডাঙৰ অথচ কম ক্ষতিগ্ৰস্ত অট্টালিকাবোৰ বাচি উলিয়াইছিল ৷ এনে কৰাৰ কাৰণ আছিল যে যেতিয়া মিত্ৰশক্তিৰ সেনাই চহৰখন দখল কৰিব তেতিয়া এনে ঘৰকেই তেওঁলোকে সেই চহৰৰ বাবে তেওঁলোকৰ সামৰিক মুখ্যালয় কৰি লব ৷ তেওঁলোকে এনেকৈ চিনাক্ত কৰি লোৱাৰ পিছত এই ঘৰবোৰৰ দেৱালত কিছু সৰু সৰু ফুটা কৰি তাত অতি শক্তিশালী বোমা সোমাই দিছিল ৷ আৰু তাৰ পিছত সেই ফুটাবোৰ ঢাকিবলৈ তাৰ ওপৰত ধুনিয়া ফ্ৰেমেৰে আবৰা ফটো এখন আৰি দিছিল ৷ ফটো ফ্ৰেম আৰু বোমাৰ মাজত এডাল তাৰ লুকাই এনেকৈ সংযোগ কৰি থোৱা হৈছিল যে ফটো ফ্ৰেমটো কোনোবাই লৰাই দিলেই প্ৰচন্ড শক্তিৰে তাৰ পিছফালে লুকাই থোৱা বোমাটো বিষ্ফোৰণ হব আৰু সেই বিষ্ফোৰণত মিত্ৰবাহিনীৰ ডাঙৰ সামৰিক বিষয়া সকল নিহত হব ৷
এইখিনিলৈ সকলো থিকেই আছিল ৷ কিন্তু মহাযুদ্ধৰ মানসিক চাপত থকা মিত্ৰশক্তিৰ কোনো বিষয়াই সামান্য এক ফটো ফ্ৰেম লৰাবলৈ যাব কিয় ? তাৰ প্ৰতি নজৰেই বা দিব কিয়? আৰু তাতকৈ ডাঙৰ কথা কোনোবাই লৰালেও, ইয়াৰ কি নিশ্চয়তা আছে যে তেওঁ কোনো সাধাৰণ সৈনিক নহৈ উচ্চপদস্থ বিষয়াহে হব? ?
এইখিনিতেই জাৰ্মান সকলে এক অতি অসাধাৰণ মনস্তত্ব যুদ্ধৰ পৰিচয় দি এক সাংঘাটিক সৰল আৰু অতিশয় ভয়ানক উপায় ভাবি উলিয়াইছিল ৷ তেওঁলোকে ফ'টো ফ্ৰেমটো দেৱালত ওলোমাওতে প্ৰতি বাৰতে ফ্ৰেমটো অতি সামান্য বেকাকৈ ওলোমাই ৰাখিছিল ৷ তেওঁলোক নিশ্চিত আছিল যে ঘৰটো মিত্ৰশক্তিৰ কাৰ্য্যালয় হোৱাৰ পিছত সাধাৰণতে অশিক্ষিত সৰু সৈনিকবোৰৰ চকুত এই সামান্য ভুলটো ধৰা নপৰিব ৷ ভুল দুৰৰে কথা, কলা সংষ্কৃতিৰ প্ৰতি ৰাপ নথকা সৈনিকবোৰে ছবিখনেই মন নকৰিব ৷ কিন্ত অতি উচ্চ শিক্ষিত আৰু কলাত্মক ৰুচিসম্পন্ন উচ্চ সামৰিক বিষয়া সকলে লগে লগে মন নকৰিলেও এদিন বা দুদিন পিছত এই সৰু ভুলটো মন কৰিবই ৷ তেতিয়া সদায় সকলো কথাতে সঠিকতা আৰু সুশৃঙ্খলতা বিছৰা এনে উচ্চ মনোবৃত্তিৰ বিষয়াই এই ভুলটো বেছি সময় চাই থাকিব নোৱাৰি নিজেই উঠি গৈ ফ'টো ফ্ৰেমটো পোনকৈ ওলমাবলৈ যাব ৷
আৰু সঁচাকৈ জাৰ্মান সেনাৰ এই ধাৰণাক সত্য প্ৰতিপন্ন কৰি দক্ষিন পশ্চিম ইউৰোপৰ যুদ্ধত বহু উচ্চপদস্থ মিত্ৰশক্তিৰ বিষয়াই নিজৰ অজানিতেই এই মৰণফান্দত ভৰি দি নিজৰ লগতে তেওঁলোকৰ মুখ্য কাৰ্য্যালয়টোও নিজ হাতে বোমাৰে উৰুৱাই দিছিল ৷
যুদ্ধই কোনো নিয়ম নামানে ৷ অতিমাত্ৰা পাৰফেক্সনো যুদ্ধৰ সময়ত সহায় নহৈ কাল হব পাৰে
-Alakesh Bhagawati
Join the conversation