Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Some Tips For Assamese Couple| Assamese Gf Bf Should Read This Before Break Up

Some Tips For Assamese Couple| Assamese Gf Bf Should Read This Before Break Up

Some Tips For Assamese Couple | Assamese Gf Bf Should Read This Before Break Up

প্ৰায়েই এনেধৰনৰ পোষ্টবোৰ দেখি থাকো যে¸ "এদিন তেওঁ কৈছিলে তোমাক এৰি মই এদিনো থাকিব নোৱাৰোঁ¸ কিন্তু আজি তেওঁ মোক এৰিও সুখেৰে আছে।”

তেওঁ যেতিয়া তোমাৰ কাষত আছিল তেতিয়া তেওঁ তোমাক এৰি থাকিব পৰা নাছিল। আনকি তেওঁ এইতো কল্পনা কৰিব পৰা নাছিল যে তুমি তেওঁৰ জীৱনত হয়তো কেতিয়াবা / এদিন নাথাকিবও পাৰা । তেওঁ তোমাৰ ওচৰত, হয়তো সময় সময় তোমাকে কেতিয়াবা পাগল কৰি দিছিল । তোমাৰ ওচৰত থকাৰ সময়বোৰত পাগলামি কৰিছিল । আৰু আজি?

আজি তেওঁ তোমাৰ ফালে মুখ ঘুৰাই নাচায়। 

কিন্তু কি কৈছা তুমি? প্ৰশ্নতো নিজকে কেতিয়াবা কৰিছানে?

যেতিয়া তোমাৰ অবিহনে অন্য কাকোৱে বিয়া নকৰাওঁ বোলা মানুহজনেও এদিনাখন কোলাত সন্তান লৈ আপোনাৰ কাষেদিয়েই যায়। তেওঁ খুব বেইমান¸ তাই নহয়?

আছলতে কি তেওঁ/ সি বেইমান?

এজন মানুহে যেতিয়া প্ৰানভৰি তোমাক ভালপায়¸ কেতিয়াবা তোমাৰ ফালে এপলক চায় আৰু তুমি তেওঁক যেতিয়া দেখিও নেদেখাৰ ভাও ধৰা। যিজনে আপোনাৰ বাবে জীৱন দিবলৈও সাজু থাকে¸ তেওঁকেই তুমি ব্যস্ততাৰ অজুহাত দেখুওৱা। যি তোমাক প্ৰানভৰি ভালপায় তেওঁকেই তুমি সকলোতকৈ সস্তীয়া ভাবা। তেওঁ যে তোমাক গুৰুত্বৰ শীৰ্ষত ৰাখে বাবেই তুমি তাক ভৰিৰ তলত ৰাখিব বিচাৰা ।

তেওঁৰ যতন আদৰবোৰ মনেই নকৰা গুৰুত্ব নিদিয়া। তোমাক কাষত পোৱাৰ আকুলতাবোৰ তেওঁৰ দুৰ্বলতা বুলি ভাবা । তেওঁৰ ভালপোৱাক কাহানিও ভালপোৱা যেন নেদেখা। তেওঁৰ ভালপোৱাক জোখ-মাপ কৰিছিলা। নিজে তেওঁৰ ওচৰত কিমান কত উচ্চ তাৰ হিচাপ কৰিছিলা। 

তোমাৰ এইবোৰ দেখি দেখিয়ে যেতিয়া তেওঁ নিজৰে অসহ্য লাগি এদিন মৌন হৈ গ’ল তেতিয়া তুমি ধৰি ললা যে তেওঁৰ জীৱনত অন্য কোনো আহিছে। তেওঁ তোমাৰ কাষতে বিচাৰে তোমাকেই ভালপাব বিচাৰে কিন্তু তুমি তেওঁক বাৰে বাৰে ভালপোৱাৰ ভিক্ষাৰী প্ৰমাণ কৰিলা তেওঁ ভিক্ষা কৰক আকৌ মোক বাৰে বাৰে ।

যেতিয়া তেওঁ কান্দোনত ভাঙি পৰিছিল তেতিয়া তুমি হাঁহিছিলা। যি সময়ত তেওঁ তোমাৰ ব্যবহাৰত আঘাত পাই কান্দিছিল তেতিয়া তুমি হাঁহি হাঁহি কটাইছিলা। তেওঁ তোমাৰ বাবে অপেক্ষা কৰিম বুলি কওঁতে তুমি ভাবিছিলা তাৰ কোনো কাম নাই চাল্লা ।

আছলতে কি জানা সহ্যৰো এটা সীমা থাকে। অস্যভালি বেইমানি বদমাছিৰ বিশ্বাসঘাটকতাৰ কোনো সীমা নাই । এইবোৰ অসভ্যালি আৰু অন্যামী কৰি কৰি এদিন নিজেই বিবেক দংশনত ভুগিছিলা।

তেওঁকতো মোৰ জীৱনত প্ৰয়োজন আছিল। এতিয়া তেওঁৰ কথা কিয় ভাবিছা কিয় চাইছা তাক? কাৰ বাবে?

তেওঁ সুখী আছে এইতো দেখি তুমি খুব জ্বলিছা? তেওঁৰ এই সুখৰ আগৰ দৃশ্য তুমি দেখা নাছিলা। দুখ কষ্টৰ পাছত সুখ আহে কিন্তু সেই দুখ কষ্টৰ সময়বোৰ পাৰ কৰাৰ কিমান কষ্টকৰ তোমাৰ দৰে ডালে ডালে বগুৱা বাই উৰি ফুৰা পখীয়ে বুজিব নোৱাৰে ।

তেওঁ তোমাৰ ওচৰত নিজকে সঁপি তোমাৰ ওচৰত মৰম বিচাৰি বান্ধ খাইছিল তোমাক কাষত পোৱাৰ আশাত কিন্তু তুমি তেওঁক আৱদ্ধ কৰি বেলেগত উৰি ফুৰিছিলা । এতিয়া তেওঁ কাহানিও নাহে। 

আৰু আজি তুমি তেওঁক লৈ দুই এষাৰ লিখি প্ৰেম দেখাইছা । মৰণ হব কেতিয়া তোমাৰ? অানৰ জীৱন ধংস কৰা জনৰ বাবে বচাৰ কি দৰকাৰ? না মানুহজনক কাষত ৰাখি সন্মান কৰিব পাৰিলা¸ না মানুহজনক দূৰত ৰাখি সন্মান কৰিব পাৰিলা?ভালপোৱাৰ যোগ্যই নহয় তুমি। ভালপোৱা কি ভাল ব্যবহাৰৰো যোগ্য নহয় তুমি।

তোমাৰ অবহেলা পাই পাই তেওঁ হাৰি গৈছিল। নিজক শুদ্ধ কৰা। নহলে কপালত কোনো ভালপোৱাই লিখা নাথাকিব এই জীৱনত তোমাৰ। তেওঁ সুখৰ আশাত তোমাৰ পৰা আতৰি যোৱা নাই। তেওঁ আতৰি গৈছে তোমাক মুক্ত কৰিবৰ বাবে। তেও তোমাৰ ওচৰত নিজৰ গুৰুত্ব বুজি পাইছিল।

ভালে থাকা ভালকৈ ভালদৰে। অবহেলাবোৰ ত্যাগ কৰিবা। মৰম আদৰ যত্নবোৰ অটুত ৰাখিবা প্ৰিয়জনৰ বাবে। শুভ কামনা থাকিল সকলোলৈকে। 

তথাপিওঁ বহুত বেইমান স্বাৰ্থপৰো অভদ্ৰওঁ আছে যি সচাঁ ভালপোৱা যত্ন আদৰ পাইয়ো আতৰি যায় ।

-ৰিধ্ধি জন্নাত
ভাবানুবাদ
অপু জ্যোতিস্মৃতা
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment