Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Hand-writing And Human Personality In Assamese

Hand-writing And Human Personality In Assamese

মানুহৰ  হাতৰ আখৰ চাই তেওৰ  বিষয়ে সকলো জনাৰ গোপন ট্ৰিকচ Hand-writing And Human Personality In Assamese

মানুহৰ স্বভাৱ চৰিত্ৰ ভুত- ভবিষ্যত বা নিজৰ বিষয়ে জানিবলৈ প্ৰাচীন কালৰে পৰা মানুহৰ অদম্য হেপাহ । ভাৰতীয় জ্যোতিষ শাস্ত্ৰকাৰ সকলে আজিৰ পৰা বছৰ আগতেই বহুতো অধ্যয়ন কৰি জ্যোতিষ গনণা , হস্তৰেখা, কপালৰ ৰেখা , আদি প্ৰামান্য তথ্য শাস্ত্ৰ দেশ বিদেশৰ নানা জাতি ধৰ্ম নিৰ্বিশেষে বিস্বাস কৰি আহিছে ।

জ্যোতিষ শাস্ত্ৰমতে কোনো লোকৰ ভাগ্য , ধৰন কৰন ,স্বভাৱ চৰিত্ৰ ,দেহৰ গঠন বা হাতৰ ৰেখা, আঙুলিৰ চাপ আদি হুবহু একে হব নোৱাৰে । তেনেদৰে এই লিখনীৰ বিষয়বস্তু হিচাবে লোৱা হাতৰ আখৰ বা চহী হুবহু একে নহয় ।

সেয়ে একেটা শ্ৰেণীতে একেজন শিক্ষাগুৰুৱে শিকোৱা প্ৰতিজন ছাত্ৰৰ লিখন পদ্ধতি ভিন ভিন । তেনেকৈ একে নামৰ দুজন ব্যক্তিয়ে একে পদ্ধতিৰ চহী নকৰে । জ্যোতিষ শাস্ত্ৰৰ ঐক্যমতত বৰ্তমানৰ গৱেষকেও বিস্বাস কৰে যে প্ৰতিজন মানুহৰ ব্যক্তিগত ধৰন কৰন স্বভাৱ চৰিত্ৰ সমুহ হাতৰ আখৰ বা স্বাক্ষৰ আদিৰ মাজেৰে ফুটি উঠে । ইয়াক সম্পুৰ্ন অধ্যয়ন কৰাতো সকলো লোকৰ বাবে সম্ভৱ নহয় যদিও মোৰ স্কুলীয়া জীৱনকালত মাহেকীয়া আলোচনী এখনত অধ্যয়ন কৰি পোৱা কিঞ্চিত অভিজ্ঞতা খিনি আপোনাসৱলৈ আগ বঢ়াবলৈ ওলাইছো ।

পৌৰানিক ভাৰতীয় জ্যোতিষৰ এই চিন্তাধাৰাক ৰুপান্তৰিত কৰি আধুনিক যুগত এই বিদ্যাতোৰ নামাকৰন কৰা হৈছে --গ্ৰাফ'লজী (GRAPHLOGY)

পাতনিতে কৈ থওঁ-- আখৰ আৰু ব্যক্তিগত স্বভাৱৰ বিষয়ে লিখি কাৰো বাস্তৱিক জীৱনত আঘাত হানিব খোজা নাই বৰং লিখন পদ্ধতিৰ ধনাত্মক বা ঋণাত্মক দিশৰ চিনাকি তথা শুধৰনিৰ বিষয়েহে আলোচনা কৰিবলৈ ওলাইছো ।

হাতৰ আখৰ লিখন পদ্ধতি:

১। সৰু সৰু আখৰেৰে লিখা লোক---মেধাবী,লাজুক ,সত্যবাদী , সীমিত বন্ধু আৰু পবিত্ৰ অন্তৰৰ হয় ।

২। ডাঙৰ আখৰৰ লোক - কষ্টসহিষ্ণু,বন্ধু প্ৰিয় ,ভ্ৰমনপ্ৰিয় , ভিন্ন ৰুচি বা ঢঙত কাম কৰা লোক ।

৩। মধ্যম আখৰ ৰ লোক- স্বাভাবিক , সচেতন,সামাজিক সন্তুলন , নিয়মানুবৰ্তীতাৰে চলা লোক

৪। সুন্দৰ গোট গোট আখৰৰ লোক :- সত্য, স্পষ্টবাদী , সমাজপ্ৰিয়, বাস্তৱবাদী,চৌখীন ,নিৰ্ভিক আৰু বন্ধুপ্ৰিয় হয়।

৫। বিশ্ৰী বেকাবেকী আৰু লেতেৰা আখৰ :-- নিৰাশাবাদী , ভাবুক , অপৰিপাতি , উদ্ভাৱনা বা কলাত্মক শক্তিসম্পন্ন, মধ্যম উন্নতি ।

দেখাত সুন্দৰ আৰু কলা সম্পন্ন চহী বা আখৰৰ লোক সৌন্দৰ্য প্ৰিয় আৰু প্ৰেমিক , কবি বা চিত্ৰকাৰ হব পাৰে ।

৬। শব্দৰ মাজত বেচি ফাক ৰখা লোক -,প্ৰেমিক , , সীমিত বন্ধু , ভাবুক , নিসংগ প্ৰিয়

৭। ফাক নৰখা বা থোকাথুকিকৈ লিখা লোক -পৰিয়াল আৰু বন্ধুপ্ৰিয় , সহজতে আনক বুজি পোৱা , সংগীত প্ৰিয়

৮। জোৰকৈ কলম ধৰি বা খুব দবাই আখৰ লিখা লোক - সচেতন,ফুৰ্টিবাজ, মন জয় কৰিব পৰা , দায়িত্ব শীল ব্যক্তি হয় । আৰু ইয়াৰ বিপৰীতে কমকৈ হেচা দি লিখা লোক - হতাশা , অকলশৰীয়া আৰু নিজৰ মনৰ কথা প্ৰকাশ নকৰা লোক আৰু অদায়িত্বশীল হব পাৰে ।

৯। সাধাৰনতে বাক্যৰ শাৰী বা চহী কৰোতে ব্যক্তিভেদে ৩টা দিশত লিখা দেখা যায়

ক) পোণ আৰু সমান্তৰালকৈ লেখা লোক স্বাভাৱিক আৰু পৰিপাতি হয়

খ) শাৰি উৰ্ধমুখী হোৱা ব্যক্তি ধণাত্মকpositive চিন্তা , প্ৰৱল আশাবাদী, ভাগ্যবাদী আৰু ভগৱান বিশ্বাসী 

গ) নিম্নমুখী হোৱা ব্যক্তি নকাৰাত্মক negative চিন্তাধাৰা, জেদী ,ফেচন প্ৰিয় ,অসফল । তেনেকৈ আখৰ লিখোতেও 

ক) পোন
খ) সোঁফালে বেকা 
গ) বাওঁফালে বেকা আদিৰ ফল একে ।

১০। বাঁও হাতেৰে লিখা লোক কৰ্মদক্ষতাসম্পন্ন ,শিক্ষিত, লিখক বা কোন এটা বিষয়ত পাৰ্গত হয়

১১। খৰকৈ আৰু পৰিপাতিকৈ লিখা বা চহী কৰা লোক বুদ্ধিৱান, উদ্ভাৱনা শক্তিসম্পন্ন আৰু উচ্চ পদাধিকাৰী হব পাৰে ।

১২। প্ৰথম আখৰটো ডাঙৰ আৰু পিছৰবোৰ সৰু আৰু উৰ্ধমুখী পৰিপাতিকৈ লিখা চহীৰ লোক উচ্চাকাংখা , সুখী আৰু ধনৱানৰ সংকেত

১২। খিচিমিচি আৰু অষ্পষ্টকৈ চহী কৰা লোকৰ ব্যক্তি নিজকে পৰিচয় দিব নোখোজা বা মন নুবুজা ধৰনৰ হব পাৰে ।

১৩। চহীৰ শেষত পিছুৱাই ৰেখা টানি অনা লোক নিৰাশাবাদী , আৰু অতীতৰ কথা বেচিকৈ ভৱা লোক।

১৪। চহীৰ তলত দুটাকৈ ৰেখা টনা লোকে নিজকে অসুৰক্ষিত , ভয় , সন্দেহ আৰু কিছু কম খৰচী হয় ।

১৫। চহী বা লিখনীৰ মাজে মাজে দীঘল মাত্ৰা বা ৰেখা টনা লোক শক্তিশালী আৰু আত্ম বিশ্বাসী হয়।

১৬ । বিন্দু ,আকাৰ ,ইকাৰ মাত্ৰা আদি দিবলৈ পাহৰা লোক অসচেতন বা বিশৃংখল হব পাৰে ।

১৭। চহীৰ শেষত বা মাজত এটা বা দুটা বিন্দু দিয়া লোক সৰল , ধৈৰ্য ,নিস্থা আৰু ভাগ্যৱান হব পাৰে । কিন্তু ৬ বা ততোধিক বিন্দু দিয়াটো বেয়া । ১৮। চহী কৰোতে কেৱল নিজৰ নামটো first name লিখা লোক নিজৰ মতে চলা বা নিজক লৈ ব্যস্ত থকা লোক হয় বা আত্মপ্ৰকাশ কৰি ভালপোৱা লোক হব পাৰে ।

১৯। চহী স্পষ্ট ,সুন্দৰ আৰু সম্পুৰ্নকৈ নাম লিখা লোক সৰল আৰু সৎ ব্যক্তি হয় ।

কিছুমান লোকৰ চহীৰ ধৰনে উন্নতিত বাধা স্বৰুপ হব পাৰে ( বিশ্বাস কৰক বা নকৰক ! মই পঢ়িবলৈ পোৱামতে )

যেনে 

১। চহী কৰি আখৰৰ মাজেৰে দীঘল ৰেখা টনা বা কাটি দিয়া

২। চহীটো কৰি ওলোটাই বৃত্তাকাৰ ৰেখা টনা

৩। চহীৰ শেষত পিচলৈ ৰেখা টনা

৪। চহীৰ তলত ২ বা ৩টা ৰেখা টনা

৫।খুব সৰু আকৃতিত চহী কৰা

৬। প্ৰথম আখৰটো সৰুকৈ লিখি পিছৰবোৰ ক্ৰমে ডাঙৰকৈ লিখা আদি

লিখন পদ্ধতিত এনে বোৰ অভ্যাসৰ বেয়াখিনি পাৰিলে শুধৰনি কৰিব ।বহুতো ক্ষেত্ৰত চহী সলনি কৰাটো অসম্ভৱ যদিও ওপৰত লিখা উৰ্ধমুখী আখৰ , সমুখৰ আখৰ ডাঙৰ , শেষত বিন্দু দিয়া , স্পষ্ট আৰু পৰিপাতিকৈ লিখিবলৈ নিশ্চয় চেষ্টা কৰিব ।

মনত ৰাখিব ভাল আখৰে নিজৰ ভাগ্য আৰু ব্যক্তিত্বৰ সলনি কৰায় ।

হাতৰ আখৰ লিখনৰ( গ্ৰাফ'লজী)বিষয়ে জানিবলগীয়া বহুত কথা আছে । যাক মুহুৰ্ততে শিকা বস্তু নহয় । মই কিঞ্চিত মনত থকাখিনি লিখিলো । কিবা ভুল ভ্ৰান্তি হলে নিজগুণে ক্ষমা কৰিব ।

শ্ৰী যতীন দাস । মালয়বাৰী
জিলা কামৰূপ -ম অসম আগষ্ট'‍/'১৮
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment