Zubeen Garg And Hiren Bhattacharya Story Every Assamese Should Read
Story Of Zubeen Garg And Hiren Bhattacharya
এদিন আবেলি সময়ত মানুহজনে নিজৰ ঘৰতে কাগজ নিয়া মানুহ এজনক নিজৰেই পুৰণি কিতাপ অলপ বিক্ৰী কৰি আছিল । হঠাতে তেওঁৰ ওচৰত গৈ ওলাল এজন সৰু ল'ৰা । ল'ৰাজনে সেই মানুজনক অনুৰোধ কৰিলে তেওঁৰ কিছুমান কবিতা বিচাৰি আহিছে আৰু ক'লে সেইবোৰ ল'ৰাজনে সুৰ দিব বিচাৰে । মানুহজনে এবাৰ সুক্ষ্ম দৃষ্টিৰে এই স্পষ্টবাদী যুৱক জনলৈ চালে । আচৰিত হ'ল সৰু ল'ৰা জনক দেখি । মানুহজনে বিক্ৰী কৰিবলৈ থোৱা কাগজৰ মাজৰ পৰা কবিতা পুথি এখন উলিয়াই ল'ৰা জনক দিলে । পাছদিনাই গোটেই কবিতা কেইটাক সুমধুৰ সুৰ দি পুনৰ সেই মানুহজনৰ ওচৰলৈ আহিল সেই ল'ৰাজন । তেওঁ মানুহজনক শুনালে গীত কেইটি । আস কি যে সুৰ। গীত কেইটি শুনি মানুহজনে আচৰিত হৈ বহুপৰ চাই থাকিল ল'ৰাজনৰ মুখলৈ ।
ALSO READ আমাৰ সমাজৰ কিছু অপ্ৰিয় অথচ সঁচা কথা
ল'ৰাজনৰ সুমধুৰ কণ্ঠত গীত কেইটি শুনি মানুহজনে পাহৰি গৈছিল যে সেইকেইটা তেওঁ লিখা কবিতা কেইটাৰ হে সুৰ ! এবাৰত মানুহজনে ল'ৰা জনৰ মূৰত হাত ফুৰাই ক'লে "তই এদিন গানৰে বিশ্ব জয় কৰিবি" ।
সেইয়াই আৰম্ভণি । তাৰ পাছত বহুত গীত লিখিছিল মানুহজনে সেই সুৱদী কণ্ঠৰ ল'ৰাটোৰ বাবে ।
বন্ধুসকল অনুমান কৰিব পাৰিছে চাগে মই কাৰ কথা কৈছো ! হয় মই তেওঁলোক দুজনৰ কথাই কৈছো । সেই মানুহজন মানে সুগন্ধি পখিলাৰ কবি , গীতিকাৰ হীৰেন ভট্টাচাৰ্য আৰু সেই ল'ৰাটো মানে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ ...
দুয়োজনে মোৰ প্ৰিয়।
Ritu Priyam
Join the conversation