Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

UFO দেখা অসমীয়া মহিলাগৰাকী UFO Sightings In Assam

Ufo In Jorhat | Alien In Assam

UFO দেখা অসমীয়া মহিলাগৰাকী  UFO Sightings In Assam -The Story Of An Assamese Lady

সৌৰজগতৰ অনেক ৰসহ্য আজিও মানুহে উদঘাটন কৰিবলৈ আছে ৷ অতীজৰেপৰা মানুহে সৌৰজগতৰ বিষয়ে কিছুমান  আলৌকিক কথা কৈ হাঁহিয়াতৰ পাত্ৰ হৈছিল কিন্তু সময়ৰ লগে  লগে তেনে বহু কথা বিজ্ঞানেে প্ৰমাণ কৰিছে ৷ কেৱল সেয়ে নহয় আমি সাধাৰণ লোকে  কোৱা কিছুমান এনে কথাত মানুহে হাঁহে অথচ তাকে যদি কোনো বিজ্ঞানী বা ডাক্তৰে কয় সেই কথা মানি লয় আৰু প্ৰচাৰো কৰে ৷ যোৱা কেইমাহমানৰ আগত নিউজত এটা বাতৰি প্ৰচাৰ  হৈছিল যে উজনি অসমৰ কোনো ঠাইত এলিয়েন মানে বহিজগতৰ যান মানে  UFO  দেখা গৈছে ( ufo sighting over assam )  ৷

যোৰহাটৰ বিজ্ঞান  কেন্দ্ৰৰ বিজ্ঞানীয়ে এই কথা মিডিয়াক জানিব দিয়ে ৷  ঘটনাটো ঘটিছিল আমাৰ ঘৰৰ পাছফালে ৷ সেইদিনা ৰাতি প্ৰায় ১১ মান বজাত মই সকলোৰে ভাত খোৱা হলত বাহিৰত থকা ডাষ্টবিনটোত  জাবৰ পেলাব গৈছো ৷ ৰাষ্টাতে এডাল তাঁৰ  থকাত অলপ হাউলি যাব লগা হল ৷ ওপৰলৈ উঠোতে আকাশৰ ফালে কিবা জিলিকি থকা যেন পালো ৷মনযোগেৰে চাবলৈ ধৰিলো। প্ৰায়ে টিভিত মাজে মাজে সম্প্ৰচাৰ কৰা ufo বিষক ডকুমেন্টেৰী বোৰত দেখুওৱা ধৰণ এটা বস্ত। মানে মোৰ মতে এলিয়েন ষ্পেচচিপ ৷

মই লগে লগে চিঞৰি চিঞৰি মোৰ মানুহজনক মাতিলো ৷ তেখেতে মোক বিশ্বাস নকৰি কলে এইবোৰ এনেই পোহৰ তুমি তিলকে তালটো দেখা ৷ একেঠাইতে ৰৈ লাইটোবোৰে জ্বলোৱা নমোৱা হোৱাত  মই যেতিয়া সকলোকে মাতিলো প্ৰায় ৫ মিনিট সময় সকলোৱে দেখিলে ৷ চিঞৰ বাখৰবেছি হোৱাত স্পেচচিপখনৰ লাইটবোৰ অফ হৈ গল ৷ সকলোৱে মোক বিশ্বাস কৰি শলাগিছে।

হঠাৎ তীব্ৰ বেগেৰে আকাশৰ ফালে একোৰা জুই গুচি যোৱা সকলোৱে দেখিলে ৷ মই লগে লগে মোৰ কেইজনমান মিডিয়াৰ লগত জড়িত দাদালৈ ফোন লগালো ৷ ৰাতি বহুত হৈছিল কোনো ফোন ৰিচিভ নকৰিলে ৷আকৌ কাক জনাও কাক নজনাও ভাবি মোৰ ফেচবুক ফ্ৰেণ্ড ড° প্ৰনবজ্যোতিলৈ মেচেজ কৰিলো ৷

তেখেত যোৰহাত বিজ্ঞানাগাাৰৰ বিজ্ঞানী ৷ মোৰ এক্সাইটমেন্টত ইয়াৰ ফটো লোৱা   নহল ৷ মানুহজনে বহু ৰাতিলৈকে মোবাইল লৈ বহি থাকিল ৷ ২য়বাৰলৈ একো দেখা নাপালো। একো নেদেখি শেষত শুই পৰিলো। পিছদিনা ৰাতিপুৱা মেচেজত চাৰৰ নঃ টো দিলে ৷ লগালগ মই  ফোন কৰি সবিশেষ কলো ৷ চাৰে জানিব  দিলে যে ৰাতি ১১:৪৫ মানত তেওঁলোকৰ ঘৰৰ ওপৰেৰে কিবা বিকৎ শব্দ কৰি কিবা এটা পাৰ  হোৱা গম পাই বাহিৰলৈ আহিও একো দেখা নাপালে ৷ মই কলো যে আমি দেখোঁতে কোনো শব্দ  শুনা নাছিলো যিদও দুৰৈত যেন বিমান গৈ আছে তেনে শব্দ শুনিছিলো৷ ৰাতি দিয়া আপডেট আৰু পুৱা সবিশেষ এফ বিত দিয়াত হাজাৰজনৰ হাজাৰটা কথা ৷ 

অৱশ্যে মোৰ দৰে আন বহুতে বিভিন্ন ঠাইত সেইদিনা আৰু দেখা পোৱা খবৰ পাওঁ৷ দুদিনমান পিছত নিউজত চাৰৰ আৰু আন দুজন ব্যক্তিৰ সাক্ষাৎকাৰ লয় লগতে চাৰে মোৰ নাম উল্লেখ কৰি সকলো কয় ৷  মিডিয়াত চৰ্চাত আহিম বুলি  বহুতে মন্তব্য কৰি মোক উপলুঙাও কৰিলে ৷

কিন্তু যিয়েই যি নকওঁঁক মই নিজকে ভাগ্যৱান বুলি ভাবো আৰু এলিয়েনক লৈ যি কথা কোৱা হয় তাক মই  বিশ্বাস কৰোঁ ৷ মোক মানুহে হাঁহে কিন্তু ষ্টিফেন হকিন্সৰ থিঅ’ৰি মানুহে নুই  কৰিব নিবিছাৰে৷ কোনো কোনোৱে কব খোজে সেইখন এৰোপ্লেন বুলি ৷ কোনোবাই গছৰ গাতে লাগি যদি ৰৈ থকা এৰোপ্লেন দেখিছে তেন্তে মোৰেই ভূল হল ৷ আনকি যোৱা সপ্তাহ সেই গছজোপা ক্ৰমে মৰিবলৈ ধৰাত কাটি পেলোৱা হল ৷ যদি মোৰ দৰে যোৱা এপ্ৰিল মাহত এই  ঘটনা প্ৰত্যক্ষ কৰা কোনোবা আছে জনাব ৷

আন্জুম আৰা খাতুন

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

4 comments

  1. বিশ্বাস কৰিব পৰা নাই।
  2. মই বিশ্বাস কৰো
  3. Moiu dekhisu. Hosa hoi
  4. Moi u dekhisu.. Hosa hoi..