মহোহো -mohoho,the festival of lower assam | Assamese Festival Article

মহোহো -mohoho,the festival of lower assam | Assamese Festival Article 

'"মহোহো"' নামনি অসমৰ কোনো ধৰ্মীয় বিশ্বাসৰ লগত সম্বন্ধ থকা এটা উৎসৱ। নামনি অসমৰ বিশেষকৈ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহোহো ঠাই বিশেষে মহখুন্দা বা গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি/ওৰি মাগা বুলিও জনাজাত।নলবাৰী অঞ্চলত ‘ভাল ভৌলকা’ খেদা বুলি কোৱা শুনা যায়।প্ৰতিবছৰে আঘোণ মাহৰ পূৰ্ণিমা ৰাতি চেমনীয়া ল’ৰাবোৰে দলবদ্ধভাৱে এই উৎসৱ পাতে। সাধাৰণতে আঘোণ মাহ খেতি চপোৱাৰ সময়; বতৰো ফৰকাল, অভাৱ-অনাটনো কম থাকে।আৰু সেইদিনাই এই মহোহো উৎসৱ পালন কৰা হয়।


 এই উৎসৱৰ দিনাখন গধূলি সময়ত ডেকা চেমনীয়া সকলো সৰু সৰু দল হৈ মুখত মুখা পিন্ধি হাতত বাঁহৰ সৰু সৰু টাঙোন, ঠোৰকা আদি লৈ নাচি নাচি গীত গাই গাই।লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়। যাতে সকলো কুশলে থাকে আৰু বেমাৰ আজাৰৰ পৰা বাছি থাকি সদায় এক সুখী জীৱন যাপন কৰে।এই গীতবোৰক মহোহো গীত বোলে। এই উৎসৱত গোৱা কিছুমান গীত পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে চলি আহিছে। প্ৰতিঘৰ মানুহৰ চোতালত ল’ৰা বা ডেকাবিলাকে বৃত্তৰ আকাৰত ঘূৰি ঘূৰি মহোহো গীতবোৰ গায়। এই গীত প্ৰথমে এজনে লগাই দিয়ে আৰু তাৰ পিছতহে বাকীবিলাকে ধৰে। টোকোন বা লাঠিৰে ঠনৰ ঠনৰকৈ শব্দ কৰি মহোহো এনেদৰে গীত গোৱা হয়।

 "অ’হোহো মহোহো

মহ খেদ্‌বা যাউং যো ।।

মহে বুলে মল্লু দে

তেপৰ মূৰা খালু দে ।।

তেপৰত নহল লোণ

চাউল লাগে দোণ দোণ ।।

সেই চাউলেদি নভ্‌ৰিল ডুনি

আইথেৰ ঘৰ লৰিচৰি ।।

আইথেৰ ঘৰত পকা জামুক

জাপ দি আহে আমাৰ ভালুক।।

বাহৰ পাত চিকিমিকি

আমাক লাগে বগা সিকি"


 মহোহো গোৱা দলৰ দুজন দলপতি থাকে ভাল আৰু ভলুকা। ভলুকা মানে হল ভালুক। লোকবিশ্বাস আছে যে ভালুকে মহ খাই আৰু সেইবাবেই মহোহো দলৰ এজন ভলুকৰ ৰূপ লয় যাতে মহবোৰে ভয় কৰে।ভাল জন হৈছে সাধাৰণতে এজন বয়সীয়াল যি জনে  গৃহস্থই দিয়া মাননী সমূহ সংগ্ৰহ কৰে।মহোহো উৎসৱৰ প্ৰধান উদ্দেশ্য হৈছে আঘোণ মাহৰ এই খেতি চপোৱাৰ সময়ত মহ আদিৰ দৰে কীট পতংগ বোৰৰ উপদ্ৰৱ বৃদ্ধি পাই আৰু শস্যৰ লগতে এই বোৰে মানুহৰ বেমাৰ আজাৰৰ কাৰণো হৈ পৰে,আৰু মহোহো উৎসৱত এই পোক পতঙ্গৰ পৰা ৰক্ষা অৰ্থত প্ৰাৰ্থনা কৰা হয়।মহোহোৰ প্ৰাধান্য নানমি অঞ্চলত বেছি। আঘোণৰ এই সময়ছোৱাত পালন কৰা মহোহো উৎসৱৰ প্ৰাধান্য বৰ্তমান কমি গৈছে কিয়নো আগকলিৰ নৱপ্ৰজন্মই ইয়াৰ বিষয়ে সবিশেষ নাজানেই। গতিকে আমি আমাৰ সকলোৰে প্ৰচেষ্টাত আমাৰ এই লোক উৎসৱটিৰ গৰিমা বাহাল ৰখা উচিত কিয়নো এইবাৰ আমাৰ বাবে এটি মূল্যবান সম্পদ।।

যুগুতালেঃ সাগৰীকা গোস্বামী

তলৰ ফেচবুক / হোৱাটচএপ শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক । আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক

4/Post a Comment/Comments

  1. মহোহোৰ বাখ্যাখিনি অলপ ভুল যেন ধাৰণা হৈছে।

    ReplyDelete
  2. তেজপীয়া মহ আৰু খেতি পথাৰত উপদ্ৰৱ কৰা বনৰীয়া ম'হৰ পাৰ্থক্যটোত বিভ্ৰান্তি হৈছে।
    আঘোণৰ মাহত খৰালি মাহ। এই সময়ত তেজপীয়া মহৰ উৎপাত নাথাকে। আঘোণৰ সোণোৱালী পথাৰত খেতি খাবলৈ অহা বনৰীয়া ম'হ খেদিবলৈ হে যাঠি, টাঙোন, টকা(বনৰীয়া জন্তু খেদিবলৈ সজা বাঁহৰ এবিধ বাদ্য, নলবাৰীত বহুতে ঠকৰা বুলি জানে) লৈ গৈছিল।

    শাৰী শাৰী হৌ,
    কণা, কুজা এফাল হৌ।

    শাৰীৰিক ভাৱে অক্ষম লোকে এনেকুৱা কামত যাব নোৱাৰে বাবে ভাল বিলাক এফাল, কণা-কুজা এফাল হব কৈছিল।

    হাল দিলো সীৰালে
    মৈ দিলো পাটে,
    ম'হৰ মাকক পাৰ কইল্লু
    বুঢ়াদিয়াৰ ঘাটে।

    উৰি ফুৰা মহক নদী পাৰ কৰি খেদি পঠাব লগীয়া নহয়।

    ReplyDelete
    Replies
    1. আপোনাৰ মতামতৰ বাবে ধন্যবাদ।আপুনি কন্টেক ফৰ্মত হৈ সঠিক কৰি পঠিয়াই দিলে সুখী হম। ❤️

      Delete

Post a Comment

Previous Post Next Post