Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Stan Lee Assamese Biography ষ্টেন লি:

Stan Lee Biography In Assamese

Stan Lee Assamese Biography ষ্টেন লি:

জীৱনত সফল হ’বলৈ হ’লে এজন কলাকাৰ হোৱাটো জৰুৰী৷ আজি আমি এনে এজন কলাকাৰৰ বিষয়ে ক’বলৈ লৈছোঁ যিজনে নিজৰ সৃষ্টিৰ জৰিয়তে সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈছিল৷ কাৰ্টুন চৰিত্ৰ বা কৌতুক চৰিত্ৰসমূহক সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তোলা মানুহজনেই হৈছে ষ্টান লী মাৰ্টিন লাইবাৰ, যাক আমি ষ্টান লী নামেৰে জানোঁ৷ তেওঁ এজন আমেৰিকান কৌতুক পুথিৰ লেখক, সম্পাদক, চলচ্চিত্ৰৰ কাৰ্যনিৰ্বাহক পৰিচালক আৰু অভিনেতা, যিজনে আমাক HuLk, IIronman  স্পাইডাৰমেনৰ দৰে চৰিত্ৰ উপহাৰ দিছিল৷ সেইবাবে বহুতে তেওঁক “Father of Superheros” বুলিও অভিহিত কৰিছিল৷

কাৰ্টুনৰ জগতত এক নতুনৰ সূচনা কৰা ষ্টান লীৰ জন্ম হৈছিল 1922 চনৰ 28 ডিচেম্বৰত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক মহানগৰীত৷ তেওঁৰ পিতৃৰ নাম আছিল জেক লাইবাৰ, যিজনে কাপোৰ কটাৰ কাম কৰিছিল আৰু তেওঁৰ মাতৃৰ নাম আছিল চেলিয়া৷ তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত নাছিল সেইবাবে তেওঁৰ শৈশৱকাল যথেষ্ট কঠিন অৱস্থাৰে পাৰ হৈছিল৷ ষ্টান লীয়ে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ সৰুৰ পৰাই কিতাপ আৰু চিনেমাৰ প্ৰতি আকৃষ্ট হৈছিল যিবোৰ তেওঁৰ জীৱনৰ সফলতাৰ কাৰণ হ’ব হৈছিল৷ ডেৱিট ক্লিন্টন হাইস্কুলত পঢ়াৰ সময়ৰ পৰাই ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে কাম কৰা আৰম্ভ কৰিছিল৷

1939 চনত এজন আত্মীয়ৰ সহায়ত ষ্টান লীয়ে মাৰ্টিন গুডমেনৰ “টাইমলি কমিকচ”ত কাম কৰিবলৈ ধৰে৷ যেতিয়া তেওঁ তাত কাম কৰিবলৈ লৈছিল, তাত বহুতো সৰু সৰু কাম তেওঁ কৰিবলগা হৈছিল, যেনে- কলমত চিয়াঁহী ভৰোৱা, অন্য কৰ্মচাৰীৰ বাবে খাদ্য তৈয়াৰ কৰা, ফাইলসমূহ অনা নিয়া কৰা ইত্যাদি৷ কিন্তু তেওঁৰ সৃষ্টিশীলতা লক্ষ্য কৰি তেওঁক এখন পুথি ৰচনা কৰিবলৈ ক’লে, তেওঁ প্ৰথমবাৰৰ বাবে সৃষ্টি কৰা চৰিত্ৰটোৰ নাম আছিল “Destroyer”, যিটো 1941 চনৰ আগষ্টত “Mistic Comics” ত দেখা পোৱা গৈছিল৷ যেতিয়া ষ্টান লীৰ বয়স মাত্ৰ ১৯ বছৰ আছিল, সেইসময়ত তেওঁ কোম্পানীৰ সম্পাদক পদত অধিষ্ঠিত হয়৷ 1942 ৰ পৰা 1945 ৰ দ্বিতীয় বিশ্বযুদ্ধৰ কালচোৱাত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্মীৰ দলতো কাম কৰে৷ আকৌ ঘূৰি আহি “Timely Comics” ত পুনৰ অংশগ্ৰহণ কৰে৷ 50ৰ দশকত “Timely Comics“ ৰ নাম সলাই “Atlas Comics” নাম দিয়া হয়৷ তাৰপাছতো তেওঁ বহুসংখ্যক চৰিত্ৰৰ জন্ম দিয়ে৷ 50ৰ দশকৰ শেষত তেওঁ কাম কৰি ভাগৰি পৰে যাৰ বাবে অৱসৰৰ সিদ্ধান্ত লয়৷ কিন্তু Rival Company ৰ DC Comics দিনক দিনে আগুৱাই গৈ আছিল৷ আৰু প্ৰত্যাহ্বান জনাব পৰা একমাত্ৰ ব্যক্তিজন আছিল ষ্টান লী৷ যাৰবাবে মাৰ্টিন গুডমেনে ষ্টান লীক অৱসৰ নলবলৈ অনুৰোধ জনালে৷ তেওঁৰ অনুৰোধ ৰক্ষা কৰি লীয়ে তেওঁৰ কাহিনীত নতুন সংযোজন ঘটাবলৈ ধৰিলে৷ তেওঁ এনেকুৱা চৰিত্ৰৰ সৃষ্টি কৰিলে য’ত প্ৰতিটো চৰিত্ৰত মানুহৰ দৰে কিছুমান গুণৰ অভাৱ আছিল৷ এই পৰিৱৰ্তন সকলোৱে আদৰি ললে আৰু জনপ্ৰিয়তাৰ তুংগত উঠিল৷

1961 চনৰ নৱেম্বৰত জিক কিৰবিৰ সৈতে মিলিত হৈ Superhero Team “Fantastic Four” নিৰ্মাণ কৰিলে৷ এইখন ইমান বেছি জনপ্ৰিয় হ’ল যে তেওঁলোক দুয়ো একেলগে কাম কৰিবলৈ এক প্ৰেৰণা লাভ কৰিলে আৰু সেই সময়তে কোম্পানীৰ নাম পুনৰ সলনি হৈ “Marvel” দিয়া হ’ল৷

তেওঁলোক দুয়ো একেলগে Spiderman, Ironman, Thor, Hulk আৰু Doctor Strange ৰ দৰে কাহিনীৰ সৃষ্টি কৰে৷ এসময়ত কৰ্মচাৰীৰ বাবে খাদ্য তৈয়াৰ কৰা মানুহজন সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিল৷ তেওঁ “Marvel” কোম্পানীৰ প্ৰেচিডেণ্ট আৰু সদকাৰী কাৰ্যনিৰ্বাহকৰ পদতো কাম কৰে৷ তেওঁ নিজৰ মহৎ সৃষ্টিৰাজিৰ বাবে বিভিন্ন বটাঁ পুৰস্কাৰো লাভ কৰে৷

ষ্টান লী হৈছে সেইজন ব্যক্তি যি কাৰ্টুন বা কৌতুকৰ জগতত ইতিহাস সৃষ্টি কৰিলে, যাক বাস্তৱ জীৱনৰ নায়ক বুলি ক’লেও ভুল নহয়৷   

যুগুতালেঃ অপু জ্যোতিস্মৃতা

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

1 comment

  1. Dhunia