Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Skin Care Tips in Assamese | Assamese Beauty Tips For Girl

Assamese Health Tips |skin care tips in assamese Language-Assamese beauty tips

Skin Care Tips in Assamese | Assamese Beauty Tips For Girl

মানুহৰ শৰীৰত আন ৰোগৰ চিকিৎসা ব্যয়তকৈ খুব সম্ভৱ গাৰ চালখনত ঘহা পিহা বা সৌন্দৰ্য্য চৰ্চাৰ খৰছ আটাইতকৈ বেচি বুলিয়েই কব লাগিব । আজিকালি গাৱে ভুয়ে প্ৰসাধন সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় লগতে দেশী বিদেশী কিমান ধৰনৰ কোম্পানি গঢ়ি উঠিছে ।

কি ধনী ,কি দুখীয়া ,কি বিশ্ব সুন্দৰী ,কি কুৎচিত প্ৰত্যেকেই আমি চালৰ যতনৰ বাবে কিবা নহ্য় কিবা ঘহো । বতৰৰ অনুকুলেও আমাৰ গাৰ চালৰ পৰিবৰ্তন দেখা যায় । গৰম দিনৰ লগতে শীত কালতো আমাৰ গাৰ চালৰ নানা আসোৱাহ আহি পৰে ।

সেয়ে শীতৰ দিনত এনে আসোৱাহত দামী দামী প্ৰসাধন বা পাৰ্শক্ৰীয়া হব পৰা সস্তীয়া বা নকল প্ৰসাধন সনাতকৈ কম মুল্যতে তথা পাৰ্শক্ৰীয়া- বিহীন ঘৰুৱা বনদৰবেৰেও যতন লব পাৰোহক ।তাৰে কিছু পদ্ধতি তলত দিয়া হ'ল 

শীতকালত সহজলভ্য ঘৰুৱা বন দৰবেৰে ছালৰ যত্ন

১। গাৰ চাল গোৰোহা আদি ফটা --- দেহত চি ভিটামিন তথা কেলচিয়ামৰ অভাৱ থকা লোকৰ গা ,ভৰি বা মুখমন্ডল ফাটে ।সেয়ে

  • ক) গোলনেমুৰ ৰস দিনে ২৫ মিঃ লিঃ কৈ সদায় খোৱাৰ উপৰি গাত সানিব
  • খ) কেচা হালধী দুআঙুলমানকৈ গুড়ৰ লগত সদায় খাব আৰু ৰাতি শোৱতে (বা দিনত) গাত সানিব ।
  • গ) বতৰৰ থলুৱা টেঙাজাতীয় ফল খাব -বিশেষকৈ কমলা বা আমলখি নিয়মিত খাব ।
  • ঘ) গোৰোহা ফাটিলে ছতিয়ন ,বৰগছ নাইবা আঁহত গছৰ এঠা লগাব নাইবা মাইকী গৰু পোৱালীৰ প্ৰস্ৰাৱ # গোমুত্ৰ লগাব । দিনত দুবাৰ
  • ঙ) ওঠ আৰু গাল ফাটিলে গাখীৰৰ সৰ বা মৌজোল লগাব পাৰে ।

২। গাৰ চাল নিমজ কৰাবলৈ: Skin Care Tips In Assamese

  • ক) কেচা বাদাম ৫-৬টা আৰু অলপ কেচা হালধী এগিলাচ গাখীৰত ৰাতি তিয়াই থব । ৰাতিপুৱা তাত কিছু নাৰিকলৰ গাখীৰ মিহলাই গাত কেইদিনমান সানিলে চাল সতেজ আৰু উজ্জল হয় ।
  • খ) বাদাম তেল ২চামুচ আৰু গোলাপ জল ১চামুচ মিহলাই গা মালিচ কৰিলে শুকান চাল নিমজ আৰু মসৃন হয় ।
  • গ) বকফুলৰ গুড়ি আৰু মহৰ দৈৰ মাখন মিহলি কৰি গাত ঘহিলে চাল নিমজ হয় ।
  • ঘ) বগা চন্দনৰ গুড়ি ,,,গাখীৰ, দৈ আৰু হালধী মিহলাই গাত সানিলে চাল নিমজ হয় ।
  • ঙ) পকা অমিতা বা পকা কল ফেটি মুখত বা গাত সানিলে চাল মসৃন হয় ॥
  • চ)মচুৰ দাইল বতা আৰু মৌ ঘহিলেও ভাল
  • ছ)সুমথিৰা টেঙাৰ বাকলিৰ গুড়া আৰু মৌ মিহলাই মুখত ঘহিলে মুখৰ সৌন্দৰ্য বাঢ়ে ।
  • ঝ) মাটিমাহ আৰু হালধী ঘহাতোও উত্তম ।
  • ঞ)ঘৃতকুমাৰী পাতৰ বিজল সানিলে চালৰ যিকোনো সমস্যা দুৰ হয় ।

৩।কম বয়সতে চাল সোতোৰা পৰা বা গাত বলিৰেখা পৰা | Beauty Tips In Assamese Language

  • ক) আলুৰ বাকলি পিহি নেমু বা কমলাৰ ৰস মিহলাই গাত সানিব।
  • খ) জিৰাগুৰি পানীত উতলাই ঠান্ডা হলে গাত সানিব
  • গ) যিকোনো পাচলি কাটোতে ওলোৱা ৰস গাত সানিলে চালৰ সোতোৰা পৰা গুচে।
  • ঘ) প্ৰচুৰ পৰিমানে ৰসাল ফল খালে চালৰ সোতোৰা পৰা গুচে।

চালৰ সকলো সমস্যাৰ বাবে যিকোনো বতৰত নিয়মিত ৩/৪লিটাৰ পানী , আমলখি বা কেলচিয়াম আৰু ক খ গ ভিটামিন থকা যিকোনো ৰসাল ফল খাব ॥ অধিক বনদৰৱজাতীয় পুস্তিকৰ শাক পাচলি খাব ।গতিকে দামী প্ৰসাধনৰ বিপৰীতে ঘৰতে গোটাব পৰা এনেবোৰ ব্যৱস্থাও কৰি চাওকচোন ।

আপোনাৰ সেৱাত
যতীন দাস। মালয়বাৰী / কামৰূপ-ম
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment