Motivational Assamese Article About Menstruation

Assamese motivational article assamese for girls
পিৰিয়ডৰ দাগ motivational assamese article about menstruation

পিৰিয়ডৰ দাগ Motivational Assamese Article About Menstruation

কোৰিয়ান  মহিলা এগৰাকী বাছত গৈ থাকোতে মাহেকীয়া আৰম্ভ হল ৷  মহিলাগৰাকীয়ে বৰ অস্বস্তিত পৰিল। সহযাত্ৰী জনে ঘটনাতো গম পাই একো নজনাৰ ভাও ধৰি নিজৰ হাতত থকা ষ্ট্ৰবেৰীৰ জুছ কিছু মহিলাগৰাকী স্কাৰ্টতত পেলাই দিলে আৰু নিজৰ কোটতোৱেদি সেই জুছ খিনি মচি মচি কলে ব্লেজাৰতো পাছত পৰিস্কাৰ কৰি লব ।মহিলা গৰাকীয়ে বুজিলে যে তেওঁৰ মাহেকীয়াৰ লজ্জা দূৰ কৰিবলৈয়ে মানুহজনে এনে কৰিছে । 

ঠিক তেনেকুৱা ঘটনাও আমাৰ দেশতে ঘটিছিল ।এজনী মাকে নেটৱৰ্কিং চাইটত লিখিছে যে স্কুলত থাকোতেই তেওঁ জীয়ৰীৰ বিয়া অৰ্থাৎ প্ৰথম পিৰিয়ড আৰম্ভ হয়¸ তাইৰ স্কাৰ্টত দাগ দেখি লগৰীয়া এজন আহি কানে কানে কয় তোমাৰ কাপোৰত দাগ লাগিছে আৰু ল'ৰাজনে নিজৰ চুৱেটাৰতো দি কয় এইতো তুমি ককালত বান্ধি লোৱা ¸ 

ছোৱালীজনীয়ে অলপ অস্বস্তি বোধ কৰিলে সেয়ে ল'ৰাজনে তাইক আস্বস্ত কৰি কলে লাজ নকৰিবা মোৰো ভনী আছে মই জানো এইতো স্বাভাবিক। ছোৱালীজনীৰ মাকে সেই ল'ৰাজনৰ মাকক উদ্দেশ্যি লিখিছে সঠিক ভাবে পুত্ৰক মানুহ কৰাৰ বাবে আপোনাক ধন্যবাদ ! মোৰ পুত্ৰকো সঠিক পুৰুষ বনাবলৈ চেষ্টা কৰিম এই দেখি ¸ কাপোৰত দাগ লাগিলে যিদৰে গোপন কৰা নাযাই থিক সেইদৰে মাহেকীয়াৰ চুৱা হোৱাৰ দাগো গোপন কৰাৰ কোনো কাৰণ নাই


কোনো পুৰুষে  যদি এনে অস্বস্তিত ভোগা কোনো ছোৱালীক দেখে তেন্তে কওক 
"লাজ কিয় কৰিছা? পিৰিয়ডৰ দাগহে কাকোতো মাৰা নাই তুমি"

একোটা বিশেষ শাৰীৰিক গঠন হলেই আমি তাক পুৰুষ কওঁ । কিন্তু পুৰুষ আছলতে দুই প্ৰকাৰৰ। সঠিক (ভাল )পুৰুষ আৰু অসঠিক(বেয়া) পুৰুষ ।আৰু সঠিক পুৰুষ চিনাৰ প্ৰধান অৰ্থাৎ প্ৰথম লক্ষন হল নাৰী জাতিৰ প্ৰতি তেওঁৰ আচৰন কি? 

এজন পুৰুষ যিমান মতেই সফল নহওঁক কিয় নাৰীক সন্মান দিব নাজানিলে বুজিব পাৰি সেয়া অঠিক বেয়া পুৰুষ¸ তাৰ মাজত কোনো পুৰুষত্ব নাই।আমাৰ দেশৰ পুৰুষে যদি এইতো সলনি কৰে তেন্তে নাৰীৰ মুৰত দুনীয়াৰ  খেলিমেলি আজে বাজেএইবোৰ ধাৰনা কাহানিও নাথাকিব ¸ তাইৰ আত্মবিশ্বাস আৰু দুগুন হব।

-ৰাখী নাহিদ

ভাবানুবাদ

-অপু জৌতিস্মৃতা