Most Romantic Assamese Story For Couple | ব্ৰেকআপ | Breakup Story In Assamese
Most Romantic Assamese Story For Couple | ব্ৰেকআপ | Breakup Story In Assamese
আজি তাইৰ সৈতে মোৰ ব্ৰেকআপ হব। আনুষ্ঠানিক ভাবে ব্রেক আপ কৰাৰ বাবে পানবজাৰৰ সেইখন ৰেষ্টুৰেন্টত আমি লগ হোৱাৰ কথা যিখনত আমি পোন প্ৰথমবাৰৰ বাবে সোমাইছিলো । তাই মোক কৈছে চাৰি বাজি ত্রিশ মিনিটত আহিবলৈ ।মই আহিছো 4:25 ত । এই মূহুৰ্তত চকীখনত বহি মোৰ প্ৰিয় গেম PUBG খুলি ললো .. এই গেমটো মই বহুত ভালপাও। খং উঠিলে, মন বেয়া হলে প্ৰায়ে খেলো মই। তাতে আকৌ আজি ব্রেক আপ দিন ।
"আহি পালা ?"
তাই মোৰ পিছপিনৰ পৰা মাত দিলে । আশ্চর্য, মই দিয়া গোলাপী শাড়ীখন পিন্ধি আহিছে । এইখন পিন্ধিবলৈ কিমান দিন কলো ।নোৱাৰে । ঠিক ঠিক ব্রেক আপৰ দিনাই পাৰিলে ?
শাড়ীখন মই এমাহৰ টিউচনবোৰৰ টকা খৰচ কৰি কিনিছিলো । তাই দেখি কৈছিল ,"কি কিনিছা ? এনে ৰং শাড়ী এই যুগত কোনে পিন্ধিব ?"
"তোমাৰ পছন্দ হৈছেনে ?"
"পছন্দ? । মোৰ পছন্দ । ধুৰ !!"
তাই চকুকেইটা ডাঙৰ কৰি কলে , "গোলাপ?ইমানবোৰ ? তুমি গোলাপ আনিছা মোৰ বাবে ? আই কান্ট বিলিভ ইট !"
তাই আগ্রহেৰে ফুলকেইটা ললে । কিছুক্ষণ পিচতেই বিৰক্তিকৰ সুৰত কলে "তেৰটা কিয়? আনলাকি বস্ত তোমাৰ খুব প্রিয়? ব্রেক আপৰ দিনাও অশুভ এটা সংখা লৈ আহিলা "
মই কলো , "কফি খাবা ?"
"তুমি আজি শেভ কৰি আহিছা, চোৱালীৰ দৰে দীঘল হৈ যোৱা চুলিবোৰ কাটিছা, কিয় কোৱাচোন ? ইমান দিন কলো চুলি দাড়ি কাটা , নুশুনা । আজি হঠাৎ...? এই এদিন যে আমাৰ ৰিলেশ্বনৰ শেষ দিন ?"
"তুমিও তো আজি এই গোলাপী শাড়ীখন পিন্ধি আহিছা । অথচ ইমানদিন কলো, সৰস্বতী পুজাৰ দিনাও নিপিন্ধিলা । কিয় কোৱাচোন ?"
"কিন্তু তুমি আজি ঠিক চাৰে চাৰিটাৰ সময় কেনেকৈ আহিলা ।আগতে তো আধাঘন্টাৰ কম লেট নকৰা ?"
"আচলতে আজি ঘড়ীটো নষ্ট হৈছিল , সেয়ে লেট কৰিব নোৱাৰিলো ।"
মই কিছু হাঁহি কলো , "ইয়েচ !"
কফিতে চুমুক দি দি তাই কলে," বেয়া হব!"
মই কলো ,"তেতিয়া হলে কিছুদিন পিছত ব্ৰেকআপ কৰিম ব্রেক আপ যেতিয়া বেয়া কৈ কৰা যাব তেতিয়া ভাল, বেয়া বেয়া কটাকটি "
মই তাইৰ হাতখন ধৰিলো । তাই খং নকৰিলে ।
ভাবিছো , অহাবাৰ তাইক চৈধ্যটা গোলাপ দিব লাগিব কাৰণ আজিলৈ আমাৰ ১৩ বাৰ ব্ৰেকআপ দিন পালন কৰা হল ।
3 comments