Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Best Assamese Love Story | এটি ৰোমান্তিক লাভ ষ্টৰি | Love Story In Assamese Language

Assamese Love Story | Most Popular Assamese Love stories | Assamese Premor Golpo
Assamese Love Story | Best Love Story Assamese

Best Assamese Love Story | এটি ৰোমান্তিক লাভ ষ্টৰি | Love Story In Assamese Language

- কেইটা বাজিল এবাৰ ঘড়ীত চাওঁকচোন ??

বিয়াৰ দুদিনমান পিছতেই তাইৰ এনে  সাহসী প্রশ্নই মোক বিচলিত কৰিলে। তেতিয়া ঘড়ীটোলৈ চাই দেখিলো ৰাতি ১২.৩০ । মই তেতিয়া দৰ্জাৰ বাহিৰত। মুখন বেকেটা কৰি ভিতৰলৈ সোমাই বিৰক্তিৰে তাইৰ কাষত বহি  কলো

-শুনা, মোৰ এতিয়া বিয়া কৰাৰ ইচ্ছাই নাছিল। মা দেউতাৰ পচন্দত তোমাক বিয়া কৰিছো। অন্য কোনো ছোৱালীৰ সৈতেও মোৰ সম্পৰ্ক নাই। কিন্তু বিয়াৰ বাবে মই মানসিকভাবে প্ৰস্তত নাছিলো। সেয়ে মই বিচাৰিলেও সহজে তোমাক পত্নী বুলি বা পত্নীৰ অধিকাৰ দিব নোৱাৰিম। 

কথাখিনি শেষ নোহোৱাতেই তাই মোৰ চাৰ্টৰ কালাৰটোত চেপি ধৰি কলে,
-মোক খেলাৰ পুতলা ভাবিছে নেকি? ??পছন্দ হোৱানাই, বিয়া কৰিব খোজা নাই, এইবোৰ আগেয়ে কব নোৱাৰিলে? নিজৰ মা ৰ মন ৰক্ষা কৰাৰ বাবে মোৰসকলো আশা স্বপ্নক বলিদান দিবলৈ অধিকাৰ কত পালে আপুনি? বিয়া কৰাৰ ইচ্ছা নাই সেয়া মোক আগতেই কব পাৰিলেহেতেন। মই বিয়া ভাঙি দিলো হয়। মাৰ  প্রতি ভণ্ড  ভক্তি শ্রদ্ধা দেখুৱাব  গৈ মোৰ জীৱনটো কিয় এনেদৰে নষ্ট কৰিলে!মই তো আপোনাৰ কোনো ক্ষতি কৰা নাই। কাপুৰুষ।

কৈয়েই মোক কালাৰটো এৰি দিলে।তাই আকৌ কলে "যি হবৰ আছিল সেয়াতো হলেই। পত্নীৰ অধিকাৰ আপোনাকো দিয়া নহয়। যাওক তলত শুই থাকক। আজিৰ পৰা মোৰ বিচনাত একদমেই  শুৱ নোৱাৰিব।"

মই বাধ্য লৰাৰ দৰে চুপ চাপ হৈ মজিয়াত গামোচা এখন পাৰি শুবলৈ ললো। মনে মনে ভাবিছো, কেনে গুণ্ডা টাইপৰ দেখোন অ এইজনী । জীৱনত এনে ছোৱালী দেখা নাই। শেন হৈ ঘৰলৈ আহি ফেচা হৈ শুই আছো। তাতে আকৌ বিছনাখনো নাই। আকৌ এইজনীৰ লগত গোটেই জীবনটো? হে ভগৱান। মোক মাৰি নিয়া। মোৰ জীৱনটো বৰবাদ হৈ গল ।

মোৰ ফ্লোৰত টোপনি অহা নাই। ইকাটি সিকাটি কৰি ঘুৰি আছো। কেতিয়াও যে ফ্লোৰত শুই পোৱা নাই। কিন্তু আজি নিজৰ অমতত বিয়া কৰাৰ বাবেই ফ্লোৰত শুৱ লগা হ'ল। .তাতে আকৌ মহৰ  আন্দোলন  । উফফফফফ। সহ্য হোৱা নাই। ইমানবোৰৰ পিছতো কেতিয়া যে চকুত চিলমিল টোপনি আহিবলৈ ধৰিলে গম নাপালো। হঠাৎ সজাগ হৈ দেখিলো মোৰ গাত কোনোৱে ব্লেংকেট ঢাকি দিছে। মনটোত অলপ স্বস্তি আহিল। গুণ্ডা হলেওঁ মানুহ ভাল। মানে দয়া মায়া আছে।

পিছদিনা শুই উঠি দেখিলো। টেবুলত চা ৰখা আছে। ফ্ৰেচ হৈ আহি চা খাই ফোনটো টিপিবলৈ লৈছিলো, হঠাৎ তাই সোমাই আহিল,

-ইমান দেৰিকৈ উঠি এতিয়া বহি আছে? তলত ডাইনিং টেবুলত সকলোৱে আপোনাৰ বাবে ৰৈ আছে।সোনকালে আহক তললৈ।

কৈয়েই আৰু মোৰ কাষলৈ আহিল, ঘপহকৈ আহি  মোৰ কাণৰ কাষত লাহেকৈ কলে

"নহলে ৰুমলৈ লৈ আনো নেকি?"

মোৰতো হার্ট এটেক হবলৈ গৈছিল। ভাগ্যত বাছিলো। মই ভাবিছিলো কালিৰ দৰে এইবাৰো কালাৰটোত ধৰি মোক তললৈ টানি নিব। তাতে আকৌ সকলোৰে সন্মুখত। কিন্তু কথাৰ স্বৰ সলনি হৈ গল। ১ ছেকেণ্ডৰ বাবে বাচি গলো। আস। ছোৱালী এজনীয়ে ইমান ধুনীয়াকৈ কব জানে বুলি জনা নাছিলো। ৰাতিতো ভাবিছিলো একেবাৰে হিটলাৰৰ নাতিয়েক জনী মোৰ লাইফত আহিল। এতিয়া দেখো মায়াময়ীও। wow.. মোৰ ১ম বাৰৰ বাবে আজি তাইৰ প্ৰতি বিৰক্তি ভাবটো আতৰি গল। 😊

হঠাৎ এটা বিকট শব্দত  বাস্তবত  আহিলো। সৰু টেবুলখনৰ কাষত তাই  পৰি গৈছে। তাই বহুত কষ্ট পাইছে। টেবুলৰ কোণত আঁঠুৰে খুন্দা খাইছে। ।
দৌৰি গৈ হাতত টানি তুলি ধৰিবলৈ চেষ্টা কৰিলো .....
-অসস অসসস। কেনে  মানুহ হে আপুনি ?? তাই   কলে ।
মই  তো একদম চক খাই উঠিলো। কলো। .
-মই  কি কৰিলো ।
তাই কলে ....
-মই  মাটিত পৰি  আছো  উঠিব পৰা নাই। কোলাত লৈ মোক বিচনাত শুৱাই দিয়াৰ পৰিবৰ্তে মোৰ হাতখন হে টানি আছে?
মই তাইৰ কোলাত লৈ বিচনাত শুবাই দিলো। মোক জোৰকৈ সাবটি ধৰি কলে তাই.
-ইচ্ছা হয়  এনেদৰে গোটেই জীবনটো আপোনাক ধৰি থাকিব পাৰিলে । কিন্তু আপুনিটো মোকতো পছন্দই নকৰে। কথা শেষ কৰি তাই হুমুনিয়াহ কাঢ়িলে।

মোৰ বুকুত কোনোৱে চেপি ধৰা যেন লাগিল। মোৰো কবলৈ ইচ্ছা গল । কপালত চুমু এটা দি
-পাগলী মইও যে তোমাক  ভালপাই পেলাইছো ।
কিন্তু নোৱাৰিলো। নাজানো কোনোবা এটা শক্তিয়ে মোক বাধা দিলে। এই সুযোগত তাই মোক ঠেলি বিচনাত পেলাই দৌৰি ওলাই গল । তাই ওলাই যোৱাৰ সময়ত ভৰিখন চালো.. একেবাৰে থিক থাক।তাতে আকৌ লেঙেৰাই নগৈ দৌৰিছে । মানে ইমানপৰে মোক আকৌ হিটলাৰী জনীয়ে মূৰ্খ বনাই গল। ধেৎ ফুল পাগলী এইজনী.....
......... 😊

পাগলিটোৰ  সৈতে এনেদৰে প্রেম কৰি কৰিয়েই পাৰ হৈ গল ২ বছৰ ।এতিয়া ইজনে সিজনক এৰি একো ভাবিব নোৱাৰো। মোৰ  পাগলীজনী  এতিয়া গর্ভবতী।আজি  বাচ্চা জন্ম হোৱাৰ তাৰিখ দিছে  ডাক্টৰজনে মই  অফিচত  আছিলো ,হঠাৎ দেউতাৰ ফোন পাই দৌৰি আহিলো হস্পিতাল। গৈয়েই শুনিলো মোৰ ঘৰত হেনো এজনী সৰু ৰাজকন্যা আহিছে। কিন্তু.... মোৰ পাগলিটোৰ কোনো শব্দ শুনা নাই। ভয়ত জিকাৰ খাই উঠিলো । বহুতৰ মুখত শুনিছো বাচ্ছা জন্ম দিয়েই  মৃত্যু হৈছে বহুত প্ৰসূতিৰ । সেই ভয়ত বেবী বিছৰা নাছিলো। কিন্তু তাই আকৌ ওলোটা। বেবী লাগিবই।

সেই  ইচ্ছা পূৰণ কৰিবলৈ গৈ.... ....???
আৰু ভাবিবলৈ পৰা নাই ।এক ছেকেণ্ডো নষ্ট নকৰাকৈ একপ্ৰকাৰ দৌৰি গলো কেবিনলৈ। গৈ দেখিলো বেবীটোৱে হাত ভৰি লৰচৰ কৰি চাই আছে। কিন্তু মোৰ পত্নী চকু বন্ধ কৰি আছে। তাইৰ নিশ্বাস আছনে নে নাই তাক পৰীক্ষা কৰাৰ ধৈৰ্য নহল। জোৰকৈ ধৰি চিৎকাৰ কৰিলো। হঠাৎ মোৰ কাণখনত দুখ পালো। দেখিলো তাই মোৰ কাণত লতিত লাহেকৈ কামুৰি দিছে।

-কি ভাবিছিলা তোমাক অকলশৰীয়া কৰি গুচি যাম নেকি?
আৰে পাগল নাযাওঁ। মই গুচি গলে তোমাক খং উঠাই জ্বলাব কোনে?

মইও বুকুত জোৰকৈ সাবটি ধৰি ৰাখিলো। আৰু ৰব নোৱাৰিলো। মই জীৱনত প্ৰথমবাৰৰ বাবে কোনো নাৰীৰ বাবে কান্দিবলৈ ধৰিলো  তেনেকৈয়ে কলো , " ভাল পাওঁ। বহুত ভালপাও অ পাগলী তোক। এৰি নাযাওঁ কেতিয়াওঁ।"

-ভাবানুবাদ

( বিঃদ্ৰঃ -তলৰ হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক)
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

9 comments

  1. Niceeeeee
  2. ভাল লাগিল .. আৰু দিব
  3. ভাল লাগিল পঢ়ি
  4. Val lagil..
  5. Story tu pohi bhal lagil

  6. Aitu bht agtei phisilu... Akou abr phib pai vl lgl
    1. Moi Oo
  7. Val lgise prhi akou enkua dhunia2 story d thkib
  8. Story tu bht vl lagil apunak contact kribo parim niki