নাৰিকলৰ গুণাগুণ Health Benefits Nutrition Facts of Coconut in Assamese
Health Tips In Assamese, Narikolr Gun, Coconut Benefit In Assamese, Assamese Tips For Health
(২য় ভাগ)
সৰুৰে পৰা নাৰিকল ভাল বস্তু আৰু সুস্বাদু ফল হিচাবে সকলোৱে খাই আহিছোঁ । লাড়ু ,পিঠা ,, পায়স ,ক্ষীৰ, চুজি,বৰফি আদিত মিহলাই নানা প্ৰকাৰে খাই আহিছোঁ। ইফালে মাহ প্ৰসাদ বা পুজা পাতাল আদি শুভকৰ্মত নাৰিকল নহলেই নহয় .পিছে নাৰিকল যে কিমান উপকাৰী ফল আৰু ইয়াৰ পানী,গাখীৰ , তেল আদিৰ কিমান পুষ্টিকৰ তথা ঔষধী গুণ আছে জানিলে আচৰিত হ'ব ।অৱশ্যে মাত্ৰাধিক সেৱন তথা ৰোগ ভেদে কিছু ক্ষতি গুণ আছে যদিও নিয়মিত ব্যৱহাৰত দেহৰ বাবে অত্যন্ত লাভকাৰী আৰু আমাৰ দেহৰ প্ৰয়োজনীয় খাদ্যপ্ৰান , স্নেহ পদাৰ্থ ,শৰ্কৰা , খনিজ ধাতৱ লবন ইত্যাদি সকলো প্ৰকাৰৰ পোষক গুণেৰে ভৰপুৰ ।সেয়ে ইয়াক অমৃত ফল , শ্ৰীফল বা ফলৰ ৰজা বুলিও কয় ।সাগৰৰ উপকুল এলেকা -কেৰেলা ,চেন্নাই,আন্দামান নিকোবৰ আৰু কম বেচি পৰিমানে পুৰ্বাঞ্চলত ইয়াৰ উৎপাদন আৰু ব্যৱহাৰ অধিক ..
প্ৰাচীন প্ৰবাদ মতে নাৰিকল গছ ঋষি বিশ্বামিত্ৰৰ সৃষ্ট আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আদি ত্ৰিদেৱৰ আশীৰ্ৱাদ মৰ্মে নাৰিকলৰ নিয়মিত ভক্ষনত মগজুৰ বিকাশ , নিৰোগী তথা ঋষিৰ সমান প্ৰতিভা সম্পন্ন হয় । সেয়ে হবলা দক্ষিন ভাৰতৰ এনে অঞ্চলৰ লোক সমুহ পুৰ্বৰে পৰা মেধা সম্পন্ন হৈ আহিছে ।
ব্যৱহাৰ:- নাৰিকলৰ পানী, সাহ , গাখীৰ,তেল আদি সেৱন আৰু বাহ্যিক প্ৰয়োগ হিচাৱে ব্যৱহাৰ কৰা হয় ।
গুণাগুণ Nutrition Facts of Coconut, Coconut Milk, Coconut Water, and Coconut Oil in Assamese
১। নাৰিকল খালে স্মৃতি শক্তি বৃদ্ধি হয়, মগজুৰ নিউৰন কোষ সক্ৰিয় হয় , চিন্তা ও মেধা শক্তি বাঢ়ে ।স্বাস্থ্য অটুত ৰাখে , দেহ আতিল হয় ।( বাদাম, মিচিৰি আৰু নাৰিকল একেলগে খোৱাতো বেচি ফলপ্ৰদ )
২। হৃদ যন্ত্ৰ , ৰক্ত সঞ্চালন , মাংসপেশীৰ কোষীকা আদিৰ ক্ৰিয়া সবল হয় ।
৩। ৰক্তহীনতা বাবে উপকাৰী । দেহত ভিতামিন ,আইৰন,হিম'গ্লবিন,কেলচিয়াম আদি পোষক দ্ৰব্যৰ অভাৱ দুৰ কৰে
৪। ডাৱৰ পানী সেৱনে উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰন কৰে । কিডনি ,পাথৰ, জন্ডিচ,প্ৰস্ৰাৱ বিকাৰ, গৰমত হবপৰা সকলো ৰোগ দুৰ কৰে পাচন ক্ৰিয়া আৰু হজমশক্তি বঢ়ায় । ।
৬। বহুমুত্ৰ ৰোগীৰ বাবে উপকাৰী । (চিকিৎসকক সুধি খাব ।)
৭। হাড়ৰ গঠন , গাথিৰ বিষ মাংসপেশীৰ বিষ ,অৰ্থাৰাইটিচ আদিৰ বাবে নাৰিকল বা না: গাখীৰ নিয়মিত খোৱাতো উপকাৰী ।
৮। দেহৰ ক'লেষ্ট্ৰল নিয়ন্ত্ৰনত ৰাখে । দেহৰ অতিৰিক্ত ওজন কমায় । কম মাত্ৰাত নিয়মিত নাৰিকলৰ গাখীৰ বা ডাৱৰ পানী খাব ।
৯। মহিলাৰ গৰ্ভৱস্থাত নিয়মিত ২৫-৫০ গ্ৰামকৈ নাৰিকল আৰু এটাকৈ আমলখি বা ডালিম খোৱাতো সন্তান আৰু মাকৰ স্বাস্থৰ বাবে হিতকাৰক । প্ৰসৱ যন্ত্ৰণা লাঘব হয় ।
৯। ক্ৰিমী আৰু দেহৰ বেক্টেৰীয়া তথা বিজানু নাশক।
১০।ডেঙ্গ' ৰোগীৰ বাবে ডাৱৰ পানী বা না;গাখীৰ উপকাৰী
১১। আমাশয় ,ডায়েৰীয়া বা অতিসাৰ ৰোগত ডাৱৰ পানী অতি হিতকাৰী ।
১২। ঘামচী ,খজুৱতী আদি হলে তিয়হৰ ৰস আৰু নাৰিকলৰ পানী ঘহিব ।
১৩। চুলিৰ বাবে নাৰিকল খোৱা আৰু মুৰত তেল ঘহাতো অতি উপকাৰী ।
চুলি সৰা ,ফটা , উফি , খজুৱতি বা অন্য যিকোনো সমস্যাত খাতি না:তেল নেমু ৰস মিহলাই নাইবা না: গাখীৰ ঘহিলে উপকাৰ পায় ।
১৩। চালৰ অন্নান্য সৰুসুৰা ৰোগত নেমু আৰু না:তেল ঘহিব পাৰে ।
১৪।দাড়ি খুৰাওতে নাৰিকল তেল সানি খুৰালে গাল বা মুখৰ চালৰ কাৰনে যথেস্থ ফলপ্ৰদ ।
১৫। মুৰ বা গাত নাৰিকল তেল নিয়মিত মালিচ কৰাতো চালৰ ৰোগ নাশক আৰু সৌন্দৰ্য বৰ্ধক .
ইয়াৰোপৰি নাৰিকলে আমাৰ দেহৰ যথেষ্থ উপকাৰ সাধন কৰাৰ লগতে দেহ প্ৰতিৰক্ষণ ক্ষমতা (Immune system) বঢ়ায় ॥
Also read -নাৰিকল গছৰ সৃষ্টি ৰহস্য লোক প্ৰৱাদ Hindu Mythological Story - The Origin of Coconut Tree-Assamese
নাৰিকল নাখাব
কাহ সৰ্দি ,জ্বৰ ,হাপানি, এলাৰ্জি অনুভৱ কৰিলে , নাইবা কোনো ৰোগত পাৰ্শক্ৰিয়া অনুভৱ কৰিলে নাৰিকল নাখাব আনহাতে অতিমাত্ৰা নাৰিকল বা নাৰিকলৰ পানী কেতিয়াও নাখাব।
অহা ৩য় ভাগত নাৰিকল গছৰ ৰোপন আৰ লবলগীয়া যতন সম্পৰ্কে কিছু আৱশ্যকীয় তথ্য আগবঢ়োৱা হব। বন্ধুসকলে নিশ্চয় পঢ়িব ।
আপোনাৰ সেৱাত
শ্ৰী যতীন দাস । মালয়বাৰী ..
কামৰূপ ম(অসম)
Join the conversation