Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

নয়নতৰা ফুলৰ গুণ Assamese Health Tips For Assamese | Nayantara Ful

In this post you can read Assamese Health Tips for Various Assamese disease by using Nayantara Flower. Read this Axomiya bidhan and share
নয়নতৰা ফুলৰ গুণ আৰু ব্যৱহাৰ Assamese Health Tips For Assamese | Nayantara Ful

নয়নতৰা ফুলৰ গুণ আৰু ব্যৱহাৰ Assamese Health Tips For Assamese | Nayantara Ful

বছৰৰ বাৰমাহে ফুলি থকা নয়নতৰা ফুলজুপী আমি প্ৰায় সকলোৱে চিনোহঁক । পদুলিমুখত, টাবত বা ঘৰৰ আশে পাশে অতি কম যতনতে জকমকাই ফুলি থকা ৫টা পাহিৰ সৰু সৰু ফুলৰ গন্ধহীন নয়নতৰাই আমাৰ নয়ন জুৰোৱাই নহয় ই আমাৰ দেহৰ বাবেও যথেস্থ উপকাৰ সাধন কৰে । আয়ুৰ্বেদত ইয়াক জীৱনদায়িনী বনৌষধী বুলি গন্য কৰা হৈছে । এনেকি আধুনিক চিকিত্সা গৱেষক সকলে দুৰাৰোগ্য নানা ৰোগৰ দৰৱ উদ্ভাৱন কৰিব ধৰিছেহি ।

নয়নতৰা সাধাৰনতে বগা আৰু গুলপীয়া ৰঙৰ দেখা যায় যদিও স্থানভেদে অতি ৰঙা ,পাতল গুলপীয়া ,কমলা আদি কেবাৰঙৰো দেখা যায় ।

ঔষধী আৰু গুণগত মান হিচাৱে বগানয়নতৰা আটাইতকৈ শ্ৰেস্থ্য । দ্বিতীয়তে গুলপীয়া ।

নয়নতৰাক হিন্দী ভাষাত -সদাবাহাৰ, সদাফুলি, সদা সুলজি , ইংৰাজীত Vinka আদি নামেৰে জনাজাত । বৈজ্ঞানিক নাম- Catharanthus Roseus . ২-৩ফুট ওখ গুল্মজাতীয় উদ্ভিদ । পাত ডিম্বাকৃতি গাঢ় সেউজীয়া ।

ব্যৱহাৰ How to Use Nayantara Flower | Assamese Health Tips

নয়নতৰাৰ ফুল,ডাল ,পাত শিপা আদি সকলো অংশই ঔষধী হিচাৱে ব্যৱহৃত হয় । অভাৱত শুকান চুৰ্ণ হিচাৱেও ব্যৱহাৰ কৰিব পাৰি ।

গুণাগুণ:

১॥ নয়নতৰা মধুমেহ ৰোগীৰ বাবে প্ৰকৃতিৰ মহৎ দান । ৰাতিপুৱা খালিপেটে ৫টা নয়নতৰা পাত পিহি বা চোবাই খালে এই ৰোগত চুগাৰ (শৰ্কৰা) নিয়ন্ত্ৰনত থাকে । এক ঘন্টা পিচত চাহ বা অইন আহাৰ খাব ।

অন্যথা ৫টা ফুল বা পাত এগিলাচ পানীত তিয়াই থৈ ৰাতিপুৱা পানীখিনি খাব পাৰে । বগা জাতৰ নয়নতৰা উত্তম ফলপ্ৰসু । ( ১০ বা ১৫দিনৰ পাচত পৰীক্ষা কৰি চাব আৰু উপসম পালে পাতলাই খাব । )

২। উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰনৰ বাবে নয়নতৰাৰ শিপা উপকাৰী ॥ ইয়াৰ ২-৪ ইঞ্চি শিপা ধুই ৰাতিপুৱা আহাৰ খোৱাৰ এঘন্টা আগত চোবাই ৰসখিনি খাব । দ্ৰুত ফল লাভৰ বাবে নয়নতৰা শিপাৰ লগত সৰ্পগন্ধাৰ শিপা বা চুৰ্ন খাব ( সৰ্পগন্ধা নাপালে আ্য়ুৰ্বেদিক ফাৰ্মাচিত সৰ্পগন্ধা দৰৱ পাব অন্যথা নাপালে কেৱল নয়নতৰা খাব । ১ সপ্তাহৰ পিচত পৰীক্ষা কৰি নিয়ন্ত্ৰন হোৱাযেন পালে পাতলাই খাব ।

(  অইন কোনো দৰৱ ওচৰা ওচৰি সময়ত নাখাব ।আহাৰ নীতি পালন কৰিব )

৩। কৰ্কত ৰোগৰ বাবে নয়নতৰা অতি হিতকাৰী । কৰ্কত ৰোগত নয়ন তৰাৰ পৰাও ঔষধ /ইন্জেক্ চন আদি বনোৱা হয় । তাৰ বিপৰীতে (মধুমেহ ৰোগত খোৱাৰ নিয়মত ) একেৰাহে দীৰ্ঘদিন খালে আৰাম পায়. খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লব )

৪। নয়নতৰাই ৰক্তদোষজনীত বিকাৰ বা তেজৰ দোষত হোৱা ৰোগ দুৰ কৰে আৰু

ৰক্ত শৰ্কৰা ( ব্লাড চুগাৰ) নিয়ন্ত্ৰন কৰে ।

৫। ঘা , খজুৱতি আদিত পাতৰ ৰস লগালে সোনকালে আৰোগ্য হয় ।

৬। সন্ধিবাত ৰোগত নয়নতৰা পাতৰ ৰস নিয়মিত খালে উপসম হয় ।

৫। মৌ মাখি বা কীটপটঙ্গই কামোৰা ঠাইত লগালে বিষ কমে ।

Also Read Medical Benefits of Marijuana Assamese People Probably Never Knew

৬। এলাৰ্জী বা অন্য কাৰনত চাল খজুৱাই ৰঙা পৰিলে বা অধিক ঘামচী হলে নয়নতৰাৰ পাতৰ ৰস ঘহিলে উপসম হয় ।

৭। ভাঙৰ লৰাছোৱালী কৃমিৰোগত ৩-৪টা পাতৰ ৰস খালিপেটত খুৱালে কৃমি নাশ হয় ।

৮। সপ্তাহত এদিন নয়নতৰাৰ পাত ৩-৪টা খালে মেধাশক্তি বৃদ্ধি হয় ।

৯। মহিলাৰ মাহিলি ঋতুশ্ৰাৱৰ সময়ত অধিক ৰক্তক্ষৰন হলে নয়নতৰা পাত ৫টা খালে উপসম হয় ।

১০॥ নয়নতৰা গছ ঘৰৰ আশেপাশে থাকিলে ইয়াৰ বাতাবৰনে দেহৰ নানা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

কিছু অপকাৰী গুন

  • মাত্ৰাধিক কেতিয়াও নেখাব ।
  • অকাৰনত নিৰোগী লোকে সঘনাই নাখাব ।
  • গৰ্ভৱতী মহিলা বা অস্ত্ৰোপচাৰ কৰা লোকে নাখাব ।
  • কিছু লোকৰ বমিভাৱহবপাৰে । তেনে লোকে ৰাতিপুৱা আহাৰ খোৱাৰ এঘন্টা পিচত খাব ।
  • অন্যান্য কোনো জটিল ৰোগ থাকিলে চিকিত্সকৰ বিনা পৰামৰ্শত নাখাব ।

দেখিলেনে ? আমি বহুতেই ঔষধী বুলি নজনা নয়নতৰা ফুল জোপা আমাৰ বাবে কিমান উপকাৰী । সেয়ে নয়নতৰা ফুল টাবত বা ঘৰৰ আশেপাশে নিশ্চয যতনেৰে ৰুব ।

শ্ৰী যতীন দাস । / মালয়বাৰী

কামৰূপ ম ( অসম) ছেপ্তেম্বৰ:২০১৮

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment