Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

নাৰিকল গছৰ লোক প্ৰৱাদ Hindu Mythological Story in Assamese

Assamese story and poem. Assamese Mythological story
Hindu Mythological Story - The Origin of Coconut Tree in Assamese

নাৰিকল গছৰ লোক প্ৰৱাদ Hindu Mythological Story In Assamese

 "নাৰিকলং ফলম্ অমৃতম্ ,দুগ্ধম্ অমৃতম, তৈলম্ অমৃতম্, জলমপি অমৃতম্ "

নাৰিকল আমাৰ দেহৰ বাবে সচাকৈ অমৃত তুল্য । কম বেচি পৰিমানে আমি সকলোৱে খাওঁ । পুজা উৎসৱে-পাৰ্ৱনে নাৰিকল নহলেই নহয় ।মানুহৰ দেহৰ উপকাৰী / অপকাৰী সকলো আহাৰ্য্য প্ৰকৃতিৰ উদ্ভিদ জাত সামগ্ৰীৰ ওপৰতে নিৰ্ভৰশীল । ধৰ্মীয় বিশ্বাসমতে জীৱ জগত বা উদ্ভিদ জগতৰ সকলো ব্ৰহ্মাই সৃষ্টি কৰে ,বিষ্ণুৱে পালন আৰু মহেশ্বৰে সংহাৰ কৰে ।

The Origin of Coconut Tree in Assamese নাৰিকল গছৰ সৃষ্টি ৰহস্য

ঋষি বিশ্বামিত্ৰই বহু বছৰ তপস্যাত ব্ৰতি হৈ কঠোৰ সাধনাত যথাসময়ত সিদ্ধিলাভ কৰি যথেস্থ শক্তি আৰু ক্ষমতা লাভ কৰিবলৈ সক্ষম হ'ল। তেওঁ নিজকে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ সমান অসীম শক্তিশালী হোৱা বুলি ভাবিব ধৰিলে আৰু ব্ৰহ্মাৰ সৃষ্টিৰাজীসমুহৰ দোষ-ত্ৰুটি উলিয়াই সেইবোৰ সংশোধন কৰাৰ কথা ভাৱিলে । তেওঁৰ মতে- "বিধাতাই মানৱৰ দেহৰ বাবে সৃষ্টি কৰা উপভোগ্য উদ্ভিদজাত খাদ্যসমুহ নিৰ্ভৰযোগ্য সুষম খাদ্য নহয় । যাৰ ফলত মানুহ আৰু জীৱ অল্পায়ু হয় ।" সেয়ে তেওঁ মানুহৰ দেহৰক্ষা আৰু দীৰ্ঘায়ু লাভৰ বাবে নিজাববীয়াকৈ আহাৰ্য্য নতুন ফল-বৃক্ষ সৃষ্টি কৰাৰ আচনি ল'লে । সেইমতে নিজ তপোবলেৰে প্ৰথমতে এজুপী সুমিষ্ট ফলৰ গছ সৃষ্টি কৰিলে ।

এই কথা জানি বিষ্ণু আৰু মহেশ্বৰ সহ সৃষ্টিকৰ্তা স্বয়ং ব্ৰহ্মা আহি বিশ্বামিত্ৰৰ ওচৰ চাপিলে ।

বিষ্ণুৱে ক'লে -- জীৱৰ কল্যাণৰ হকে আপোনাৰ এনে আচনি অৱশ্যই প্ৰশংসনীয় যদিও সৃষ্টিৰ ভাৰসাম্য ৰক্ষাৰ হেতু পৰিকল্পিত আৰু যথোচিত আৰু নি্ৰ্ভুল ভাৱে ব্ৰহ্মাই জীৱ আৰু উদ্ভিদৰ সৃষ্টি কৰিছে,বিষ্ণুৱে পালন আৰু মহাদেৱে সংহাৰ কৰিছে । এনে নিয়মৰ ব্যতিক্ৰম বা আপুনি ভৱামতে জীৱসমুহৰ দীৰ্ঘায়ু বা অমৰত্ব লাভ কৰা মানে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল জীৱৰ সংখ্যাবৃদ্ধিৰ বাবে খাদ্যাভাৱ হব, কাজিয়া , মৰামৰি কটাকটি আদি অৰাজকতাৰ সৃষ্টি হব। গতিকে হে ঋষিবৰ আপোনাৰ ভ্ৰান্ত ধাৰনা পৰিহাৰ কৰক । সদ্যহতে আপোনাৰ তপোবলেৰে সৃষ্ট এই বৃক্ষজুপীৰ ফল জীৱৰ বাবে উৎকৃষ্ট সুষম ফল হিচাবে গন্য কৰা হব ,পবিত্ৰ ধৰ্ম কাৰ্যত ব্যৱহৃত হব ,ইয়াৰ পানী আৰু ৰসৰ পৰা ওলোৱা দুগ্ধ আৰু তেল পুষ্টিকৰ আৰু ৰোগ নাশক হব । যিয়ে এই ফল বাল্যৰ পৰা বৃদ্ধলৈ নিয়মিত সেৱন কৰিব মগজুৰ বিকাশ হৈ ঋষি বিশ্বামিত্ৰৰ প্ৰতিভা লাভ কৰিব ।

তিনিদেৱৰ বুজনিত ঋষি সন্তষ্ট হল আৰু সৃষ্টিকাৰ্য্যৰ আচনি পৰিহাৰ কৰি ত্ৰিদেৱৰ নামাকৰন মতে এই বৃক্ষজুপীৰ নাম নাৰিকলগছ ৰখা হ'ল আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অৰ্থাত ত্ৰিদেৱৰ সম্মানাৰ্থে তিনিটা চিহ্ন ৰাখি সসন্মানে বিদায় জনালে ..নাৰিকল গছৰ সৃ্ষ্টিৰহস্যৰ ওপৰোক্ত লোক প্ৰৱাদ সচা নে মিছা , বিশ্বাসত লওঁক বা নলওক অহা ২য় ভাগত " নাৰিকলৰ চমৎকাৰিক গুণাগুণ আৰু নানা তথ্য আগবঢ়াবলৈ চেষ্টা কৰিম । নিশ্বয় পঢ়িব।

শ্ৰী যতীন দাস । মালয়বাৰী
কামৰূপ -ম(অসম) মে'২০১৮ইং
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment