Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Assamese Vutor Golpo ভাৰাঘৰ In Assamese Language

Assamese horror story | Assamese Vutor Golpo , Assamese Story For Youth
Assamese Vutor Golpo ভাৰাঘৰ In Assamese Language

Assamese Vutor Golpo ভাৰাঘৰ In Assamese Language

মই তেতিয়া পঞ্চম শ্ৰেণীত পঢ়ি আছিলো । আমি বাইদেউ , মই আৰু মোৰ মা পুৰণি ঘৰটো সলনি কৰি ডিব্ৰুগড়ৰ এটা ভাৰাঘৰলৈ আহিছো । দুদিন পাৰ হৈছে। নতুন ঠাই নতুন মানুহ নতুন সকলো। তিনি দিনৰ দিনাখন এক অদ্ভুত ঘটনা এটা ঘটিল আমাৰ লগত। সন্ধিয়া সময়ত মই আৰু বা খিৰিকীৰ কাষৰ টেবুলত পঢ়ি আছিলো । পঢ়ি থকাৰ মাজত হঠাৎ মোৰ চকু খিৰিকীখনলৈ গল। দেখিলো মোৰ পৰা কিছু দূৰত প্ৰায় সাত আঠ বছৰৰ ছোৱালী আমাৰ ফালে চাই থিয় হৈ আছে।পিন্ধনত এটা বগা ফ্ৰক যেন মুখমণ্ডল ভাব অস্পষ্ট। । কোনো প্ৰতিক্ৰিয়া নাই। যেন এটা মাটিৰ মুৰ্তিহে। আন্ধাৰ বাবে মুখনি অস্পষ্ট হৈ পৰিছে। বাইদেৱে লগে লগে দুৱাৰ খুলি চাই দেখে যে তাত কোনো নাই। অথচ মই কৈ থাকিলো সেইজনী চোন তাতেই আছে। মই দুৱাৰলৈ গৈ চালো সঁচাকৈ নাই তাত কোনো। কিন্তু খিৰিকীৰে চালে তাই আকৌ সেই একে ঠাইতে আহে আৰু আমালৈ চাই থাকে । কি আচৰিত দৃশ্য আছিল। কি ভয়ানক। এতিয়াও সৰ্বশৰীৰ মোৰ কপি উঠিছে।নোমবোৰ থিয় হৈ পৰিছে। ভয়তে বা আৰু মই ঘৰৰ বাহিৰলে দৈৰি আহিলো আমি খত্নেকৰ কাৰণে ভাবিছিলো মালিকৰ ঘৰৰ বনকৰা ছোৱালীজনীয়ে আমাৰ লগত ধেমালি কৰিছে কিন্তু বাহিৰত আহি দেখো তাই হাতত কিতাপ লৈ পঢ়াত ব্যস্ত । আমি তেতিয়া বুজিবলে আৰু বাকী নাথাকিল সেয়া কি আছিল । সেই ঘটনাটো হোৱাৰ পিছত আৰু বহুত অদ্ভুত অদ্ভুত কাণ্ড ঘটিবলৈ ধৰিলে আমাৰ লগত । ৰাতি প্ৰায়েই তিনিমান বজাত আমাৰ ঘৰৰ ওপৰত খোজ কঢ়াৰ শব্দ ,ঘৰৰ কাষত চেন্দেলৰ শব্দ , কতিয়াবা হঠাৎ এক অদ্ভুত শব্দ কাণত পৰে। আমাৰ জীৱনটোও ভয়ানক হৈ পৰিছিল। ভয়ে ভয়ে দিন কটাইছিলো, প্ৰতিটো সময় ভগৱানৰ প্ৰাথ্না বাহিৰে আমাৰ একো উপাই নাছিল ।এদিন এজন বেজে আহি কিবা কিবি কৰি গ'ল আমাৰ ঘৰৰ চৌপাশটৌ তেতিয়া পৰা ভুতৰ অটপালি অলপ কমিল । 

এদিন কথাৰ মাজতে এজনে কলে আমি থকা ঘৰৰ মালিকৰ ঘৰত আগতে বন কৰা ছোৱালী এজনী আছিল তাইক এবাৰ এটা বলীয়া কুকুৰে কামুৰিছিল তেতিয়া পৰা তাইও বলীয়াৰ দৰে আচৰণ কৰিবলৈ ললে তাইক উপযুক্ত চিকিৎসা নকৰাৰ বাবে তাইৰ মৃত্যু হ'ল। হয়তো তাইৰ আত্মাই শাত্নি নাপালে । মই আৰু বাই দেখা সেই ছোৱালীজনী তাইয়ে আছিল। কিন্তু আমাৰ পৰা কি বিছাৰিলে সেয়া আজিও প্ৰশ্ন হৈ থাকিল। 
-Nandini Boruah
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog