Assamese Story After Break Up | Assamese Sad Story| Assamese Feelings

Assamese Story After Break Up | Assamese Sad Story , Story in assamese, Emotional Assamese Story, Axomiya dukhor golpo
Sad Story In Assamese | Very Sad Assamese Story | Dukhor Premor golpo

Assamese Story After Break Up | Assamese Sad Story| Assamese Feelings

দুপৰ নিশা গাৰু এটা সাবটি অৱধাৰিতভাৱে , মই ব্যস্ত হৈ আছিলো কিছুমান কথা ভাবি.! টোপনি ভঙাত মই গম পালো সেয়া সপোন আছিল ! 

সময় অসময় নাই, প্ৰতিদিনে তাই মোৰ দস্তুৰমত ওচৰলৈ আহে! এয়া কেৱল অনুভৱ ! সপোনৰ আৱেশখিনি ভাঙিবৰ বাবে মই ইফালে সিফালে চাওঁ..! বহুদিন হীনমন্যতাত ভুগিছো মই ..! কিমান কি যে ঘটি আছে নিজক ষ্টেবল কৰিব পৰা নাই এতিয়ালৈকে ..!

 দুবাৰ মান ঘনকৈ উশাহ লোৱাৰ বাহিৰে একোকে কৰিব পৰা নাই..! অকলশৰীয়া বিছনাখনত ইচ্ছামতে ভৰি মেলি দিওঁ..! মাজনিশা টিভিৰ ৰি'মট অন কৰোঁ..! কেতিয়াবা বিছনাখনৰ ওপৰৰ কাঠ চিটত ,গাৰুটো হেলান দি কথাবোৰ ভাবি থাকোঁ..! এৰা ধৰা কিবা এটা কৰিব লাগিব , নহলে জীৱনৰ ওপৰত দয়া মমতা নোহোৱা হ'ব এদিন ..! মনৰ ভিতৰৰ সোণৰ সজাটো খালী হৈ পৰি থাকে..! কিয় ইমান নীৰৱ.? কষ্টৰ চাৱনি, মই এজন দৰ্শক ..! 

যি টি আওঁৰাই থাকোঁ..! পুতলাৰ দৰে হাত ভৰি নাচি বাগি থাকে এবাৰ লাৰি দিলেই ..! কেতিয়াবা সামান্য ওঁঠটো কঁপি উঠে, তাই হেনো ভাল নাপাই ..! মনটো বেয়া লাগি যায়..! তাকে লৈ খং, ক্ষোভ অভিমান উঠে সেইসকলৰ ওচৰত হে যিয়ে আহি দিল খুশ্ কৰে..! ভালপোৱাৰ প্ৰতিক্ৰিয়া এয়েই নেকি.? শান্তভাৱে কথাবোৰ ভাবোঁ..! মুখত সহজ হাঁহিৰ আভাস মোৰ..! 

বুকু কঁপি যায়, মূৰ লৰাই ময়েই জগৰীয়া ভাবোঁ..! মুখ মেলি ৰওঁ এয়াই নেকি ভালপোৱা..! মোৰ উদ্বিগ্ন মনত তাই আকৌ সোমাই আহে উশাহ হৈ, মই অনুমান কৰোঁ..! মোৰ গা গৰম হয়..! তাইক দূৰ কৰাৰ অভ্যাস মোৰ কোনোদিনে ন'হল..! ভাবৰ বুৰবুৰণি, কিমান যে ভাল পাওঁ তাইক..! 

গা শিৰ্ শিৰাই যোৱা অনুভৱ তথাপিও তাই মোৰ নহয়...! 

ইশান্ত প্ৰিয়ম গোস্বামী