Assamese Whatsapp Status Story | Romantic Assamese Whatsapp Status
assamese whatsapp status in love , Assamese whatsapp Status Story | Romantic Assamese Whatsapp Status
Assamese WhatsApp Status Story | Romantic Assamese Whatsapp Status
হেৰাই যাবলৈ দিয়া
হেৰাই যাবলৈ দিয়া মোক পুৱাৰ মিঠা ৰ'দজাকত, আহিনৰ বা বলা কোমল কঁহুৱাৰ আঁৰত, সমগ্ৰ শৰতৰ সুষমা লৈ মই শেৱালি হৈ ফুলিম, নিয়ৰ হৈ তোমাৰ বুকুত এটোপ এটোপ কৈ সৰিম, নিয়ৰ সিক্ত দুৱৰিডৰাত শেৱালি পাহিৰে আলপনা আঁকিম ৷তুমি আহিবা দুভৰি নিয়ৰত তিয়াই আলফুলে, কুঁৱলিৰ আঁচলেৰে ঢাকি থম মনৰ সমস্ত অসুখ,শৰতৰ সন্ধিয়া হেৰাই যাবলৈ দিয়া ৰং সনা আকাশৰ বুকুত,জুনুকা বজাই উৰা শৰালি জাকে সুৰ তুলিব আকলুৱা হেঁপাহৰ,আকাশ চুমিব খোজা পাহাৰ বোৰৰ সেউজীয়া গা ভৰাই আকাশৰ নীলাভ
Also Read
সাজে ভালপোৱাৰ পোহাৰ মেলিব,মোৰ চকু জুৰি ওমলিব সমস্ত জীৱনৰ সুখ,,,মচি দিম আলফুলে তোমাৰ বুকুৰ পৰা অনুৰাগৰ দুখৰ অসুখ ৷ শেৱালি হৈ ফুলিম নিয়ৰ হৈ সৰিম কপাহ কোমল ডাৱৰ হৈ তোমাৰ বুকুত উমলিম ৷
Binita Bora Dev Choudhury
Join the conversation