Assamese Gay Story | Gay Marriage In Assam
সমকামী বিয়া Gay Story In Assamese | Gay Marriage In Assam
This Homosexual Assamese Story Is Fictitious.
খালী চিটটো দেখি ৰাহুল তাত বহিল। কাষত আছিল অন্য এজন পুৰুষ। প্রথম মানুহজনে হাহিমুখে কলে,
-ৰাহুলে নাক কোচাই উত্তৰ দিলে,
পুলকে গাত গা লগাই বহিল । ৰাহুল অলপ দুৰলৈ গল ,
-ছিঃ ছিঃ অসভ্য! অন্য পুৰুষৰ গাত গা লগাবলৈ লাজ নালাগে নে?
-অসভ্য, ! দুৰত বহ...
-পুলকে অলপ ব্যৱধান মেন্টেইন কৰি বহিল । কিছুসময় পিছত আকৌ কলে ,
--তুমি খুব ধুনীয়া ৰাহুল। তোমাৰ হোৱাটচএপ নাম্বাৰটো দিবা নেকি ?'
-কি ফাল্টু হে! অন্য পুৰুষৰ নাম্বাৰ বিছাৰিবলৈ তোমাৰ লাজ নালাগেনে ?
-অন্য কোনো মতলব নাইতো? কেইদিনমান পিছত যদি প্রপোজ কৰি নিদিয়াতো ?
--আৰে নিদিও , দিয়া নাম্বাৰটো ..
-আচ্ছা ...' বুলি কৈ ৰাহুলে নিজৰ নাম্বাৰটো পুলকক দিলে ।
-ৰাতি পুলকে ৰাহুলক ফোন কৰিলে । ৰাহুলে ফোন ৰিচিভ কৰোতেই পুলকে নিজৰ পৰিচয় দি কলে,
--হাই ৰাহুল কি কৰিছা?'
ৰাহুলে ফুচফুচাই কলে,
-ইমান ৰাতি তুমি ফোন কৰিছা কিয়? মায়ে যদি গম পায় যে মই ৰাতি অন্য লৰাৰ সৈতে কথা পাতিছো তেন্তে মোক গালি পাৰিব ।
--কিয় গালি দিব ? আমি বন্ধুহে।
-না, না, মায়ে বেলেগ ভাবিব । ভাবিব মই প্রেম কৰিছো ।
--তেন্তে মাৰ ভাবনাটো সঁচা কৰি দিয়া...
--মানে মই তোমাৰ প্রেমত পৰিছো ।
-হোৱাট ! তোমাক মই এইবাবে ফোন নাম্বাৰ দিয়া নাই ... Bye ...
ৰাহল কলেজ যোৱাৰ বাবে ৰেডি হৈছে । তেতিয়া মাকে আহি কলে ,
-ৰাহুল , সাবধানে কলেজত যাবা। আৰু লৰাৰ সৈতে বেছি হলি গলি নকৰিবা ।আজিকালিৰ লৰাবোৰ বহুত বেয়া।
--আচ্ছা মা, ঠিকে আছে।' বুলি কৈ ৰাহুল ঘৰৰ পৰা বাহিৰলৈ আহিল। কলেজৰ কাষ পাঁওতে পুলকক দেখা পালে। পুলকে কলে ,
-ৰাহুল তুমি মোক কষ্ট দিছা?
-আচ্ছা তোমাৰ ঠিকনাটো দিয়া।মই তোমাৰ ঘৰলৈ প্ৰস্তাব লৈ যাম ।'
-ৰাহুলে ঠিকনা দি কলেজত সোমাই গল। তেতিয়া এজনী ছোৱালী পুলকৰ কাষলৈ খৰধৰকৈ আহিল । ছোৱালীজনীক চিনি পালে সি । সমকামী আইনখন গৃহীত হোৱাৰ আগেয়ে এই ছোৱালীজনীৰ পিছত বহুদিন ঘুৰিছিল সি। কিন্তু কোনো পাত্তা নাপালে । আজি হঠাৎ তাই আহিল যে। অবাক হৈ সি প্রশ্ন কৰিলে ,
-হুমম, চাই আছিলো তোমাৰ প্রেমলীলা।
--তুমি তো পাত্তা নিদিয়া, এতিয়া আকৌ কিয়...
-পাত্তা নাপাবাও কোনোদিনে।মোৰ বিয়া হৈ গৈছে।বাই' বুলি কৈয়ে দিপ্তী আতৰি গল।
পুলকে তাৰ পৰিয়ালৰ সৈতে ৰাহুলৰ ঘৰলৈ আহিছে বিয়াৰ প্ৰস্তাব লৈ । দুয়ো পৰিবাৰ বিয়াত ৰাজি । কিন্তু সমস্যা হল, কোন হব স্বামী? দুইজনেই তো পুৰুষ! এজনেটো স্বামীৰ ঘৰত থাকিব লাগিব। সিদ্ধান্ত হল, যিজনে বেছি যৌতুক দিব তেঁও হব স্বামী। অবশেষত পুলকে বেছি যৌতুকেৰে ৰাহুলক বিয়া কৰিলে।
-পুলকে তাৰ ঘৈণীয়েকক (উপযুক্ত শব্দ বিচাৰি পোৱা নাই ) কলে,
--হেৰা , মই কামলৈ যাও , তুমি বাহিৰত নোলাবা। দুষ্ট লৰাবোৰে তোমাৰ বেয়াকৈ চাব । মই অহাৰ সময়ত তোমালৈ কিবা লৈ আনিম ।'
স্বামীক সাবটি ধৰি ৰাহুলে কলে ,
--বোৱাৰী , মোৰ বাবে একাপ চাহ লৈ আনাচোন....
-কিছুসময় পিছত শহুৰেকৰ বাবে চাহ লৈ আনিলে । শহুৰেকে চাহ খাই খাই কলে
শহুৰেকৰ কথাত ৰাহুলে লাজ পালে । মনে মনে কলে,
-ছিঃ দেউতা , এইবোৰ কি কয় নেকি?'
-মনৰ কথাটো প্রকাশ নকৰি ৰাহুলে উত্তৰ দিলে ,
--দেউতা , সেইবোৰ আপোনাৰ লৰাটোৱে বুজিব ...'
ৰাতি পুলকে তাৰ ঘৈনীয়েকৰ বাবে চাৰ্ট পেন্ট, ৰাতি পিন্ধিবলৈ লুঙি কিনি আনিলে, লগতে এটা গেঞ্জিও। নীলা লুঙিৰ সৈতে বগা গেঞ্জিটোত ঘৈনীয়েকক ধুনীয়া লাগিব। পুলকে নিজ হাতে ৰাহুলক পিন্ধাই দি কলে
-বাহ্, খুব ধুনীয়া লাগিছে মোৰ ঘৈনীজনীক ।'
-ৰাহুলে লাজ পাই কিছুসময় মনে মনে থাকিল। তাৰপিছত লাহে লাহে কলে ,
--, শুনক না...' দেউতাই কৈছে নাতি নাতিনীৰ মুখ চাব খোজে বোলে । বিয়াৰ ইমান দিন হ'ল আমাৰ কোনো বাচ্ছা হোৱা নাই।
-হুমম, খুব দুশ্চিন্তাৰ বিষয়। কালি তোমাক ডাক্তৰৰ তাত লৈ যাব লাগিব ...
--আচ্ছা...'
পিছদিনা সিহত ডাক্তৰৰ তাত গল। ডাক্তৰক বুজাই দিলে নিজৰ সমস্যাৰ কথা। বিয়াৰ ইমানদিন পিছত বাচ্চা জন্ম হোৱা নাই। সমস্যাৰ কথা শুনি ডাক্তৰে কলে , সমলিঙ্গৰ মিলনত বাচ্চা জন্ম নহয় যে সেয়া আপোনালোকে জানেনে ?'
-তেতিয়াহলে আমাৰ দেশত সমকামী আইন কিয় পাচ হৈছে ...?'ৰাহুলে কৌতূহলেৰে সুধিলে।
--জনসংখ্যা কমোৱাৰ বাবে । জন্ম নিয়ন্ত্রণৰ বাবে ।
-এনেদৰে চলি থাকিলেতো কোনো পৰিয়ালত পৰবৰ্তী বংশধৰ নাহিব। মোৰ দেউতাৰ সম্পত্তিবোৰ মোৰ নামত মই নাথাকিলে সেই সম্পত্তি মালিক কোন হব তেন্তে ?
--চিন্তা নকৰিবা । সম্পত্তিবোৰ চৰকাৰৰ নামত থাকিব ।
--তেন্তে সমকামী বিয়া কৰিছা কিয়?
-পুলকৰ কথা শুনি ৰাহুলে খঙত চিঞৰি উঠিল আৰু কলে ,
--কি কলি তই? আৰু বিয়া কৰিবি ? তোৰো এদিন মোৰো এদিন । বল, ঘৰত বল..' বুলি কানত ধৰি টানি টানি ৰাহুলে পুলকক ঘৰলৈ লৈ আহিল । ৰাহুলৰ গাত পুলকতকৈ বেছি শক্তি আছে । হেচি ধৰিলে পুলকে সহজে লৰচৰ কৰিব নোৱাৰে । ঘৰ পায়েই পুলকে ঘৈনীয়েকক বুজাবলৈ ধৰিলে ,
- শুনা , তাত আমাৰ দুয়োৰে লাভ। তুমিও এজনী ছোৱালী বিয়া কৰা , ময়ো এজনী ছোৱালী বিয়া কৰো । তাৰ পিছত আমাৰ বাচ্ছা হব ...'
--না, না... হিন্দুৰ এবাৰেই বিয়া হয়। মই ইমান পাপ কৰিব নোৱাৰো । মই নমৰা পর্যন্ত তুমিও আৰু বিয়া কৰিব নোৱাৰিবা।'
ঘৈনীয়েকৰ এনে কথা শুনি তাৰ সকলো আশা গনেশগুৰিৰ ফ্লাই অভাৰৰ তলৰ হৰেনৰ চাহ দোকানৰ কেটলিটোৰ পৰা ওলাই থকা ধোৱাৰ দৰে ফুচচচচচচচচচ হৈ উৰি গল
। হায়! এইবোৰ কি হৈ গল! কোনো ছোৱালীক বিয়া কৰিলে তাইক অন্তত শাসন কৰিবলৈ পাৰি। মাজে মাজে গালি পাৰিলেও সমস্যা নাই । কিন্তু এই জীবটোক বিয়া কৰি একো এটা কব নোৱৰা হৈছো। উল্টাকৈ মোক হে মাৰে।। সেইদিনা পৰা পুলকে তাৰ ঘৈনীয়েকৰ মৃত্যুকামনা কৰিবলৈ ধৰিলে । ঘৈণীয়েকৰ মৃত্যু পিছত সি এজনী ছোৱালী বিয়া কৰিব তাৰ পিছত বংশধৰ হব। সম্পত্তিবোৰ পুলকে তাৰ লৰা ছোৱালীৰ নামত ৰাখি যাব পাৰিব ।
কিন্তু দিন পাৰ হল , ৰাতি পাৰ হল, বছৰ পাৰ হল, যুগো পাৰ হল । ২০৫৭ চন আহিল । তাৰ পিছতো পুলকৰ ঘৈনীয়েক ৰাহুলৰ মৃত্যু নহল । বৰং পুলকে নিজেই এদিন শয্যাশায়ী হল। মৃত্যু শয্যাত শুই সি তাৰ ঘৈণীয়েকক কলে ,
-হেৰা ,আমিতো কোনো বংশধৰ ৰাখি যাবলৈ নোৱাৰিলো। মোৰ মৃত্যুৰ পিছত তুমি এজনী ছোৱালীক বিয়া কৰি সংসাৰ কৰিবা , তাৰপিছত তোমাৰ লৰা ছোৱালী হলে, আমাৰ সম্পত্তিবোৰ সিহঁতৰ নামত লিখি দিবা।'
কাষত কান্দি কান্দি ৰাহুলে কলে
--ছিঃ, তুমি মোৰ স্বামী। তুমি মৰি গলে মই আজীবন বগা ছাৰ্ট পিন্ধি বিধবা হৈ থাকিম । তাৰপিছতো বিয়া নকৰো।'
ঘৈনীয়েকৰ এনেকুৱা কথা শুনি পুলকৰ আত্মা দেহৰ বাহিৰ হৈ গ'ল ...
(সমাপ্ত)