Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

2 Min Assamese Story | Assamese Story For Girl | এটি গল্প

Two minute assamese story assamese story for all people , some best assamese story for all age man
Saraswati Puja Assamese Golp | Story Assanese.png

2 Min Assamese Story | Assamese Story For Girl | এটি গল্প

অ' বৰদেউতা ৰেখা নাই ? সুৰভিয়ে আহি ৰেখা ৰ দেউতাকক দূৰৈৰ পৰাই চিঞৰি সুধিলে ! অ ' আছে আছে ৰূমটোৰ ভিতৰতে সোমাই কিবা কৰি আছে তাই ! সুধিলোঁ কি হৈছে একো নকলে মুখ খন ফুলাই গোটাই ৰঙালাউ টোৰ দৰে হৈ আছে ! সোধচোন গৈ কি হৈছে তোমাক কব চাগে ! মাকৰ গালি খালে অলপ কাপোৰৰ হৈ ! সেয়ে লেঠা লাগিল চাগে ! মূৰে গাই কাপোৰ লৈ ৰেখা শুই আছে ! 

কাপোৰ খন আঁতৰাই দি সুৰভিয়ে তাইক ক'লে ! এই কেইটা বাজিল গ'ম পাইছ নাই ? চ'ক খাই উঠিল তাই ! হাহা মইহে সুৰভিয়ে কি ভাবি আছ ? পূজাত নোযোৱা ? ৰেখাই এটা বেলেগ আবেগত কৈ উঠিল নাযাও ! ঘৰতেই পূজা কৰিম ! তোমালোক যোৱাগৈ তাই বিসাদ মনৰে কথাটো ক'লে ! সুৰভিৰ মনটো বেয়া লাগি গ'ল !

সৰুৰে পৰাই একেখন গাওঁত ডাঙৰ হৈ একে স্কুলৰ পৰাই পাঁচ কৰি নতুনকৈ ওচৰতে থকা কলেজখনত নাম লাগাইছিল দোয়োজনে ! সদায় একেলগে কলেজ যায় ! ৰেখাৰ লগত তাই থাকি ভাল পাই বেস্ট বান্ধবী জনী নগলে তাইৰ কেনে লাগিৱ ! এটা কথা কওঁনে ? ৰেখাই সুৰভিৰ মুখৰ ফালে চালে ! তই পূজাত কিয় নোযোৱা হৈছা মই জানো ! তোৰ কাপোৰ নায় হয়নে ? 

ৰেখাই লগলগ কৈ উঠিল সৈই কাৰণে নহয় দেই , এনেই যাৱ মন নাই ! তোক মই সকলোতকৈ ভাল বন্ধু বুলি ভাবো সেয়ে মোৰ তাত এজোৰ নতুন কাপোৰ আছে সেইজোৰ তই পিন্ধিৱ লাগিৱ ! নহলে তই নগলে ময়ো পূজাত নাযাও ! অ কৈ দিলো ! সুৰভিৰ বন্ধুত্বৰ বান্ধোনত তাইৰ সচাকৈ হৃদয় বলিন হ'ল ! যাম দে বুলি মিচিকিয়া হাঁহি এটা ফুটি উঠিল তাইৰ মুখত ! 

সুৰভিয়ে কলে তই নগলে একো ভাল নালাগিৱ , জানাইচোন শিখা,পাহি, কৰবী, দিপ্তী হতে আমাক পাট্ৰাই নিদিয়ে ! অ অ বুলি কৈ ৰেখাই চুলিখিনি বান্ধি ল'লে ! আনন্দ মনে পূজা যাম বুলি দোয়োটাই কাপোৰ পিন্ধিলে ! ৰেখাই সুৰভিক ক'লে চাদৰৰ লোচটো এনেকৈ মাৰিলে আৰু ভাললাগিল হয় ৰেখাৰ মতেই পিন্ধিলে তাই ! মোবাইলটো পাহৰি গলো বুলি সুৰভিয়ে বাটত মনত পেলেলা ! ৰেখাই কলে বাদ দিয়া আজি পূজাৰ দিনা কথা নাপাতিলেও হৱ ! হাহা সেইটো নহয় অ ফটো দুকপি মান উঠিৱ পাৰিলো হয় বুলি সুৰভিয়ে অলপ ৰোমাণ্টিক সুৰত কৈ দিলে ! 

হাঁহি হাঁহি আগবাঢ়ি গৈ থাকিল কলেজ অভিমুখে ! ৰাস্তাৰে বাইক লৈ গৈ থকা ল'ৰা বোৰে ঘুৰি চাই মাত লগাই সৰস্বতী দুজনী চালিয়া আছিল বে ! সুৰভিয়ে হাহিতে মুখত ৰুমালৰ সোপা দিয়ে ! ৰেখাই পাগল এইবিলাক এনেকৈ কয় ! সকলোৰে মনত আনন্দ ধল নামি আহিছে ! সুন্দৰী দিবস বুলি ! ৰেখা সুৰভি কলেজৰ চৌহদ পাইছিল হে ৰাশি , কৰবী ' দীপা দৌৰি আহিল সিহঁতৰ কাষলৈ ! মজা লাগিছে দেই সুৰভি তোক আজি আৰু কোনে পাই ! কেতিয়া লৈছিলা অ কাপোৰজোৰ ? 

আজিকালি এই জোৰ কাপোৰ ইমান চলিছে ! নানান প্ৰস্নৰ সন্মুখীন হ'ল সুৰভি ! ৰেখাও আছে তাত ! বা ৰেখা তোৰ এইযোৰ কাপোৰ আকৌ কেতিয়া ললি ? পুৰণা হলেও বেয়া লগা নাই সচাকৈ কৰবিয়ে কাপোৰ জোৰ তাইৰ লাৰি লাৰি ক'লে ! ৰেখা ই একো নকও টেই দিপ্তিয়ে কৈ উঠিল এই জোৰ কাপোৰ যোৱাবাৰ সুৰভিয়ে পিন্ধি আহিছিল চোন ! তাইৰ নহয় নেকি ? 

পাহিয়ে কলে বেলেগৰ কাপোৰ পিন্ধাটো বেয়া নহয় কিন্তু সূৰভিৰ কিবা যদি বেমাৰ আছে তাইৰতাত যাৱ ! হাঁহি গিজগিজনী উঠিল গোটেই ঠাইখিনেতে ! ৰেখাই লাজত ৰঙা চিগা পৰি গ'ল ! কথাৰ মাজতে সুৰভিয়ে ৰেখাকচালে তাই নাই ! মূহৰ্ততে তাই অন্তধ্যান হ'ল ! সুৰভি অকলে অকলে ঘৰ আহিল ! ঘৰ আহি আকৌ ৰেখাক বিচনাতে পালে ! কাপোৰ খন লৈ তাই শুই আছে !!

-Ishant
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog