The Assamese Story Onuvob | সোৱৰণীৰ একাঁজলি মধুৰ বিষাদ
Assamese Story And Poem, Assamese Onuvob
The Assamese Story Onuvob | সোৱৰণীৰ একাঁজলি মধুৰ বিষাদ
Love Letters Assamese Axomiya Onuvob Story For Assamese
সোৱৰণীৰ একাঁজলি মধুৰ বিষাদ বুকুত লৈ আজি আন্ধাৰত স্পৰ্শ কৰি চাওঁ মোৰ এৰি অহা মৰম-ভালপোৱা । তুমি জনাই পাহী তোমাৰ বুকুত আশাৰ বীজ সিঁচি ,এদিন ময়ে দিছিলোঁ সপোনৰ অলেখ কঠিয়া।স্বপ্নময় পৃথিৱীৰ মই এজন হৃদয়হীন প্ৰেমিকা । নিসংগতাৰ মালা গাঠি আজি মই হৈ পৰিছো দেবদাস । নিজক বুজাবলৈ বহুত কষ্ট হয় জানা । উজাগৰী নিশাৰ প্ৰতিটো পলে নিস্তব্ধতাৰ কেনভাচত মোক কাণে কাণে কৈ যায় মৃত্যু যে মোৰ সমাগত । সপোন ৰচিবলৈ আজি মোৰ সতে আছে মাথো কেৱল চকুপানী ।
পাহী, তোমাক লৈ মই বহুত আশা কৰিছিলো অ । কিয়....কিয় তুমি মোক প্ৰতাৰণাৰ নাওঁত এৰি জোনাকৰ বুকুত হেৰাবাই দিলা মোৰ আশা কল্পনা । নীলা চিঞাঁহীৰে লিখা প্ৰতিখন চিঠিয়েই মোক দি গল মৃত্যুৰ বতৰা । মৃত্যু পথৰ সহযাত্ৰী হৈ মই আজি এজন দিশভ্ৰষ্ট পথিক । তুমি মোক এৰি যোৱাৰ পৰাই মোৰ মনৰ অব্যাপ্ত হেপাঁহবোৰেইচোন নাইকিয়া হৈ গল । ভাবিছিলো তোমাক লৈ এখন সুখৰ ঘৰ পাতিম, তাজমহলৰ কম্পিত সৌধ নিৰ্মাণ কৰিম কিন্তু মই কৰা সপোনবোৰ আশাবোৰ তেনেই নিস্ফল হৈ ৰল ।
মোক দিশহাৰা কৰিলা ? তুমিহীনতাৰ যন্ত্ৰণাবোৰেই মোৰ এতিয়া শেষ জীৱনৰ ভৰষা । ৰৈ থাকিম মোৰ সমাধিত এটা ছাঁ হৈ । দুৰৰ পৰাই চাই থাকিম মাথো তোমাক ....!
সীমনাত ''মনোৰঞ্জন কলিতা
Join the conversation