Most Dangerous Android Game In Assamese মমো চেলেঞ্জ
android games for assamese, most viral assamese games
Most Dangerous Android Game In Assamese মমো চেলেঞ্জ
There are so many android games for us, some of them are not for all. momo challenge was one of the most viral game in world history. After some reports found the game was banned for the people. This article reflects the dark side of this game.
ব্লুহোৱেলৰ কবলৰ পৰা বিশ্ববাসী মুক্ত হোৱাৰ কেইমাহ মানহে হ'ল। কিন্তু আকৌ চানি ধৰিছে অন্য এক চেলেঞ্জিং গেমে। গেমটোৰ নাম ম'মো চেলেঞ্জ। ভয়ংকৰ ছবি লগতে ইয়াৰ ভয়ানক চেলেঞ্জৰ বাবে এই খেলটোৰ নাম ম'মো চেলেঞ্জ ৰখা হৈছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।
কি হয় এই গেমটোত ? Strategy of momo challenge game .
গেমটোত whatsapp ৰ জৰিয়তে কিছুমান অসাধাৰণ কাম কৰিবলৈ কোৱা হয়। যদি নকৰে তেন্তে পৰিয়ালক হত্যা পৰ্যন্ত ভাবুকি প্ৰদান কৰা হয়। কৈশোৰ অৱস্থাৰ ল'ৰা-ছোৱালীৰ মনত এইবোৰে বিৰুপ প্ৰভাৱ পেলোৱাটো স্বাভাৱিক আৰু সেয়ে ভয়ানক চেলেঞ্জবোৰ মানি লবলৈ তেওঁলোক সহজে বাধ্য হৈ পৰে। ইন্টাৰনেটত এতিয়ালৈকে ইয়াৰ বহুতো ফটো ভাইৰেল হৈছে।
কেনেদৰে আপোনালৈ আহিব পাৰে মমো চেলেঞ্জ?
মমো চেলেঞ্জত whatsapp ত এক অচিন নম্বৰৰ পৰা মেছেজ আহে।য'ত কোৱা হয় এই নাম্বাৰটো মমো নামত চেভ কৰক।নাম্বাৰটো চেভ কৰিলেই dp খনত এখন ফটো আহে। ইয়াৰ মানে সিহঁতে এয়া বুজে যে অপুনি এই গেমটোত জইন কৰিলে। তলত ফটোখন দিয়া হৈছে।
উল্লেখযোগ্য যে এইখন ছবি অংকন কৰিছিল জাপানৰ মেদৰি ডি অ'শ্বি নামৰ চিত্ৰশিল্পীগৰাকীয়ে ।কিন্তু তদন্তৰ অন্তত গম পোৱা গ'ল চিত্ৰশিল্পী গৰাকীৰ এই গেমৰ সৈতে কোনো সম্পৰ্ক নাই।
এনেদৰে আৰম্ভণি হয় গেমটো। আপোনাক এটা চেলেঞ্জ দিয়া হয়, সেয়া পুৰ কৰিলে পুনৰ এটা। লাহে লাহে চেলেঞ্জবোৰ কঠিন হৈ গৈ থাকে। যদি আপুনি কোনোবাটো চেলেঞ্জ অগ্ৰাহ্য কৰে তেন্তে ধমকি দিয়া হয়। সাধাৰণতে সৰু বয়সৰ ল'ৰা-ছোৱালীৰ মনত ভয় যদি সৃষ্টি হৈছে বুলি সিহডঁতে গম পায় তেন্তে ব্লেকমেইলিঙৰ কৰা আৰম্ভ কৰে। ইয়াৰ পিছত তেওলোকক এনেকুৱা কিছুমান কাম কৰিবলৈ বাধ্য কৰোৱা হয় য'ত নেকি মৃত্যু পৰ্যন্ত হোৱাৰ আশংকা থাকে।
এই লিখাখিনি কাৰ বাবে?
হয়তো আপুনি ভাবিছে এইবোৰ সাধাৰণ কথা নেখেলিলেই হ'ল । কিয়নো আপোনাৰ দৰে ময়ো বুজো , ইয়াৰ পৰা দূৰত থকাটো ভাল। কিন্তু কৈশোৰৰ অনুসন্ধিৎসু মনে সেয়া নুবুজে।
আপুনি আপোনাৰ সন্তান বা আপোনাতকৈ বয়সত সৰু সকলৰ বাবে কি কৰিব পাৰে?
তলত কেইটামান টিপছ দিছো ।
১.তেওঁলোকে ব্যৱহাৰ কৰা ছ'চিয়েল নেটৱৰ্কিং একাউণ্টত নজৰ ৰাখক, যাতে কোনো অচিনাকিয়ে প্ৰৰোচিত কৰিব নোৱাৰে।
২.মোবাইলত সদায় মোবাইল এন্টিভাইৰাছ ব্যৱহাৰ কৰক।
৩. তেওঁলোককো এইবিষয়ে জনাঁওক। যাতে সষ্টম হৈ থাকিব পাৰে।
৪.প্ৰায়ে তেওঁলোকক মানসিক অৱস্থাটোৰ বুজ লওঁক। ফ্ৰি হওক তেওঁলোকৰ সৈতে। যাতে তেওঁলোকে যিকোনো বিষয় আপোনাৰ সৈতে বিনা দ্বিধাই উত্থাপন কৰিব পাৰে।
অসমতো বিয়পি পৰিছে নেকি ?
অসমত মমো চেলেঞ্জ আহিছেনে সেয়া তথ্য আমাৰ হাতত নাই কিন্তু আমাৰ হাতত পৰা এখন ফটো যত এজন অসমীয়াৰ সৈতে মমোৰ বাৰ্তালাপ দেখুওৱা হৈছে ফটোখনে বেচ আমোদ দিছে। ফটোখন সঁচা নে ইডিট কৰা সেয়া তথ্য নাই যদিওবা ফটোখন আপোনালৈ আগবঢ়ালো।