Every Assamese Should Learn From A Frog | Boiling Frog Syndrome In Assamese
জ্ঞানৰ সফুঁৰা, short Assamese story, Assamese motivational stories
Every Assamese Should Learn From A Frog | Boiling Frog Syndrome In Assamese
What Is Boiling Frog Syndrome | Assamese motivational stories
বয়লিং ফ্রগ চিনড্ৰমৰ বিষয়ে আপুনি জানেনে। হয়তো বহুতে নাজানে । ভেকুলী এটাক যদি পানীভৰ্তি পাত্ৰ এটাত থৈ সেই পানীক উত্তপ্ত কৰা হয় তেতিয়া ভেকুলীটোৰ শৰীৰে পানীৰ তাপমাত্ৰাৰ সৈতে নিজৰ শৰীৰৰ তাপমাত্ৰাক নিয়ন্ত্ৰিত কৰে। জপিয়াই বাহিৰ অহাৰ পৰিবৰ্তে সি নিজকে সহ্য কৰি ৰাখে। কিন্তু এটা সময় আহে পানীৰ তাপমাত্ৰাক ভেকুলীটোৱে সহ্য কৰিব পৰা সীমাৰ বাহিৰ হৈ যায়।এনেকুৱা অবস্থাত ভেকুলীটোৱে বুজি পায় কিছুসময় পিছত মৃত্যু নিশ্চিত। সেই সময়ত সি পাত্ৰটোৰ পৰা জপিয়াবলৈ চেষ্টা কৰিব খোজে। কিন্তু সি অসফল হৈ ৰয় । কিয়নো সি তাৰ সমস্ত শক্তিক শৰীৰৰ তাপমাত্ৰাক নিয়ন্ত্ৰনত ব্যবহাৰ কৰিছে। লাহে লাহে ভেকুলীটোৱে এটা সময়ত মৰি যায়। তাৰ মৃত্যু কাৰণটো আচলতে গৰম পানী নেকি?Also Read UFO spotted in Assam | UFO in Assam Confession Of A Lady
নহয় নহয়। মৃত্যুৰ কাৰণটো আচলতে বিপদজনক পৰিস্থিতিৰ অস্বীকাৰ কৰি জপিয়াই নিদিয়াৰ সিদ্ধান্ত লোৱাৰ ফল। সঠিক সিদ্ধান্ত সঠিক সময়ত নোলোৱাৰ বাবেই তাৰ মৃত্যু।....
মাজে মাজে ভাবো আমিও সেই ভেকুলীটোৰ দৰেই হৈ গৈছো । সহ্য কৰিছো সকলো , ভাবিছো জীয়াই আছোতো এনেধৰণে। জীয়াই থাকিমতো আগলৈও। জীৱনৰ কষ্টবোৰ মানি লৈছো। সহ্য কৰি গৈছো। হয়তো নিজকে বুজাই বাৰম্বাৰ কৈ আছো।
"ইটজ ওকে "
আমিও কিজানি সেই বয়লিং ফ্রগ চিনড্ৰমতেই আক্রান্ত। যিদিনা সময় আহিব ,সিদিনা আমাৰ ডিশ্বিশ্বন মেকিং ৰ কোনো শক্তিয়ে কাম নকৰিব। নিজৰ মৃত্যু নিজেই চাব লাগিব
( বিঃদ্ৰঃ - তলৰ হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক)