Assamese Story For Middle-Class Family| 90 's Assamese Story
Wednesday, February 10, 2021
Assamese Story For Middle-Class Family| 90 's Assamese Story
কেৰাচিন তেলৰ চাকিটো ফুক মাৰি নুমাই দিলে নিৰলাই ..! গিৰিয়েক উপেন্দ্ৰনাথ আগৰ পৰাই শুই আছিল..! এন্ধাৰৰ মাজতো দুয়োজনে দুয়োজনৰ চকুলৈ চোৱা-চুই কৰিলে..! আমাৰ যে কেতিয়া সুখৰ দিন আহিব স্তব্ধতাৰ মাজতেই নিৰলাই হঠাৎ কৈ উঠিল..! উপেন্দ্ৰনাথ শইকীয়াই লাহেকৈ হাঁহি ক'লে _মোৰ ওপৰত বিশ্বাস ৰাখা ধৈৰ্য ধৰা , মোৰো এনেকুৱা দিন কটাবলৈ ইচ্ছা নাই..! মই প্ৰাণপণে চেষ্টা কৰি আছোঁ সুখৰ দিন আনিবলৈ ..! নিৰলাই উশাহ সলাই লাহেকৈ ক'লে , মোক ৰাজকন্যাৰ দৰে সুখ নালাগে..! ধন দৌলত উটি ভাঁহি ফুৰাৰ হাবিয়াসো নাই..! নিলয় আৰু ৰিতৃশাৰে এখন সুখৰ সংসাৰ হলেই হ'ব মোৰ সেয়াই সুখ..! উপেন্দ্ৰনাথৰ দিনটোৰ দুখ ভাগৰ কষ্ট হঠাৎ কৰবাত লুকাই গ'ল..! মনতে ভাবিলে কত জনমৰ পূৰ্ণতাৰ ফলত সি নিৰলাক স্ত্ৰী হিচাপে পাইছে..! তাইক এবাৰ লাৰি চালে সি ..! তাই ঘোৰ টোপনিত লালকাল হৈ আছে
Also Read
লাইটৰ চুইছটো বন্ধ কৰি আৰ্কিতাই সুমিতক ঠেলি দিলে..! সি ভৰি কোঁচাই শুই থাকিল..! এসপ্তাহ হ'ল সিহঁতৰ মাত বোল নাই ..! এজনেও এজনক সন্তুষ্ট কৰিব পৰা নাই..! সুমিতে ঘৰত ভাত নাখাই তাই ৰন্ধা ..! ধাবাত গৈ ডিনাৰ কৰে..! মূহুৰ্তবোৰ অশান্তিৰে ভৰি পৰে..! সিহঁতৰ পুৰণি কল্পনা মিলি নাহে..! কিনিম কিনিম বুলিও কিনিব পৰা নাই এখন গাড়ী ..! পছন্দ কৰা মতে জীৱনৰ দিন নাযায়..! এয়াই যেন জীৱনজুৰি যান্ত্ৰণা
-ইশান্ত প্ৰিয়ম