Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Assamese Short Story যৌৱন ডট কম Assamese Story For Girl

assamese short story writing | assamese stroy for girl , assamese story for reationship girl
Assamese Short Story যৌৱন ডট কম Assamese Story For Girl

Assamese Short Story যৌৱন ডট কম Assamese Story For Girl

(1)
'হৃদয়ৰ পৰা বিচৰা মানুহজনক যেতিয়া কোনো নাৰীয়ে বিচাৰি পায় তেতিয়া সেই মানুহজনৰ ওচৰত কোনো আৱেগৰ মূহুর্তত নিসংকোচে সেইনাৰীয়ে নিজৰ দেহ এৰি দিয়ে.. । পূজাৰ নির্মালীৰ দৰে পৱিত্র এই আৱেগ ..' কৰবাত এই কথাষাৰ পঢ়িছিল কংকনাই । আৰু আজি কোনো আৱেগ নথকাকৈ তাই নিজৰ দেহাটো এৰি দিব লগা হ'ল দিপাঙ্কৰৰ ওচৰত । পৃথিৱীৰ আটাইতকৈ ঘৃণা ওপজা মানুহজনৰ স্পর্শ, চুমা, উষ্ণতা, উত্তাপেৰে তাই তাইৰ দেহৰ পৱিত্রতা নষ্ট কৰি পেলালে ।
(২)
প্রায় এবছৰমান আগত ফেচবুক একাউণ্ট খুলিছিল কংকনাই৷ আৰু ফেচবুকতে চিনাকি হৈছিল নৱৰংগৰ সৈতে ৷ তাইৰ বাকী ফ্ৰেণ্ড সমূহতকৈ নৱৰ wall খনে, তাৰ about খিনিয়ে তাইক আকৰ্ষিত কৰিছিল ৷ নৱই পোষ্ট কৰা কবিতা, এক মিনিটৰ গল্প, সৰু সৰু ব্যংগ লেখা সমূহ পঢ়ি তাই কমেন্ট কৰিছিল ৷ প্ৰথমে কমেন্ট তাৰপিছত লাহে লাহে ইনবক্সক কথা পাতিব ল'লে ৷ কম দিনৰ ভিতৰতে দুয়োজন অন্তৰংগ বন্ধু হৈ উঠিল ৷ ইজনে সিজনক নিজৰ জীৱন-শৈশৱ-যৌৱনৰ বহু অভিঞ্জতা-অনুভৱ কথাৰে ভগাই ল'লে ৷ আৰু লাহে লাহে…… গোপনে গোপনে নিজেই নজনাকে ইজনে সিজনক ভালপাই পেলালে ৷ মৰম-প্ৰেম- আৱেগ-হাঁহি-ধেমালীৰে দুয়োজনে ভালপোৱাৰ শিকলিত বান্ধ খালে নৱ-কংকনাই ৷
(3)
ৰাতি বহু দেৰিলৈ দুয়োজনে ফেচবুকত কথা পাতি থাকে ৷ খং কৰে, অভিমান কৰে আৰু মনাইও লয় ৷ ৰাতিৰ নিজানত কেতিয়াবা আৱেগৰ তাড়নাত দুয়ো নষ্ট হৈ উঠি নীলা নীলা দুষ্ট কথা পাতে ! আৰু তেনেকৈয়ে এদিন কংকনাই তাইৰ দেহৰ গোপন ফটো নৱৰ ইনবক্সত প্ৰেৰণ কৰিলে…… ৷ নৱক সুখী কৰিবলৈ !
(4)
এদিন হঠাতে কংকনাই তাইৰ ফেচবুক একাউণ্টো খুলিব পৰা নাই ৷ পাচৱৰ্ড ৰং বুলি দেখাই ৷ নৱক call কৰি জনালে ৷ সিও চেষ্টা কৰি চালে ৷ নাই 'ৰং পাচৱৰ্ড' ৷ কি হ'ল!! একাউণ্টো হেক হ'ল নেকি!!
(5)
ৰাতি নৱৰ ইনবক্সত 'দিপাংকৰ বৰা' নামৰ একাউণ্টোৰ পৰা ফটো এখন পালে ৷ কংকনাৰ ফটো ! তাইৰ দেহৰ গোপন অংশৰ ফটো ৷ নৱক সুখী কৰিবলৈ দিয়া ফটো ! কংকনালৈ দিপাংকৰৰ call ৷ সি তাইৰ দেহৰ সৌন্দৰ্য চাব বিচাৰে realঅত , চুব বিচাৰে তাইৰ দেহৰ খলাবমা বোৰ ৷ তাই তাক লগ কৰিব লাগে ! নহ'লে ফেচবুকৰ ৱালেৱালে, হুৱাটৱাপেৰে বিয়পি যাব তাইৰ নীলা ফটোবোৰ !
(6)
নৱক নজনাকৈ কংকনাই দিপাংকৰক লগ কৰি আহিলে 'hotel BN'ৰ গোপন কক্ষত…… ! নৱৰংগই তাৰ ম'বাইলটো, গলত পিন্ধি থকা ৰূপৰ চেইনডাল বিক্ৰী কৰিব গ্ৰাহক বিচাৰি আছে ৷ যেনেতেনে 10,000টকা হ'লেও যোগাৰ কৰিব লাগিব ! দিপাংকৰৰ bank a/cঅত ভৰাই দিব লাগিব ৷ নহ'লে তাৰ কংকনাৰ ফটোবোৰ ফেচবুকে ফেচবুকে বিয়পি পৰিব………

-bn.rupam

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog