Assamese Motivational Story of Bear Grylls | Inspirational Story In Assamese

HIGH MOTIVATION STROY ABOUT Bear Grylls Assamese motivational story of Bear Grylls | inspirational story in assamese
Assamese Motivational Story | Bear Grylls New Photo

Assamese Motivational Story of Bear Grylls | Inspirational Story In Assamese

লৰাটোৰ বয়স ৮-বছৰ , এদিন মাউন্ট এভাৰেষ্টৰ ফটো দেখুৱাই দেউতাকে লৰাজন সুধিছিল , "এই চুড়াত উঠিব পাৰিবা নে তুমি?" লৰাটোৱে সিদিনা কৈছিল "পাৰিম "!

স্কুল জীবন শেষত লৰাজনে বৃটিছ আৰ্মিৰ এয়াৰ ডিভিজনত যোগ দিয়ে । মনৰ ভিতৰতে হিমালয়ৰ সর্বোচ্চ শৃঙ্গ থিয় হৈ বিজয়ৰ চিৎকাৰ দিয়াৰ ইচ্ছা লৰাজনৰ তেতিয়াও ক্ষান্ত হোৱা নাই । কিন্তু ইয়াৰ মাজতে এদিন দুর্ঘটনা ঘটিল । জাম্বিয়াত ফ্রি ফল পেৰাচ্যুতিং কৰাৰ সময়ত মাৰাত্মক আঘাত পাই , ৰাজহাড় তিনিটা কশেৰুকা ভাঙি যায় । ডাক্তৰৰ মতে আজীৱন পংগু হৈ পৰিব সি । হুইলচেয়াৰত কটাব লাগিব বাকী জীবন ।তেনেদৰে আৰ্মিৰ চাকৰিটোও গুচি গল। আগত থাকিল বাকী জীবন পঙ্গুত্বৰ অভিশাপ লৈ কাটোৱাৰ প্রতীক্ষা।

কিন্তু অদম্য ইচ্ছাশক্তিৰ এই লৰাজনে ১ বছৰৰ ভিতৰত হুইলচেয়াৰ পৰা উঠি খোজ কাঢ়িবলৈ চেষ্টা কৰিলে। এদিন খোজকাঢ়িব পৰা হ'ল । লাহে লাহে দৌৰিবলৈ আৰম্ভ কৰিলে। ডাক্তৰৰ সকলো ভবিষ্যত বাণী মিচা বুলি প্রমাণ কৰে লৰাজনে । এনেদৰে সুস্থ হোৱাৰ মাত্ৰ ৬ মাহৰ মুৰত ২৩ বছৰীয়া লৰাজনে মাউন্ট এভাৰেষ্ট জয় কৰিলে ।জানেনে আমি সকলোৱে লৰাজনক চিনি পাওঁ Man Vs Wild অনুষ্ঠানৰ জৰিয়তে বিশ্বত জনপ্ৰিয় হৈ পৰা এই লৰাজনৰ নাম "বেয়াৰ গ্রীলচ "। তেও দেখুৱাই দিছে অদম্য ইচ্ছেশক্তিই যথেষ্ঠ জীবনটো সলনি কৰাৰ বাবে । লগতে ইস্পিত কঠিন সংকল্প আৰু দৃঢ়তা|...

 মই আপুনি কি কৰিছো ? জীবনত এটা দুটা ধুমুহা আহিছে , আৰু আমি পাতল পাখি এটাৰ দৰে উৰিছো ।কিছুমানে চাকৰি পোৱা নাই , অথবা ব্যৱসায় কৰি কৰি সৰ্বক্লান্ত হৈ গৈছে , কিচুমানৰ গাৰ্লফ্ৰেণ্ডে এৰি গৈছে নতুবা পত্নীয়ে ডিভোর্স দিছে ,কিচুমানে প্ৰতিতো মুহুৰ্তত ব্যৰ্থতাৰ সন্মুখীন হৈ আছে নতুবা কিছুমানে চুইচাইডৰ কথা ভাবি থাকে। সুখী হব শিকা নাই।

বচ এইখিনিতেই হাৰি গল আপুনি ?এজন মানুহে হুইলচেয়াৰ পৰা উঠি ৬ মাহৰ মুৰত মাউন্টএভাৰেষ্ট জয় কৰিছে । আৰু আপুনি বুদ্ধিমান ঠান্ডা মগজুৰে নিজৰ সমস্যাৰ সমাধান কৰি ৰৈ যাব খোজা জীবনটোত এবাৰো গতি দিব নোৱাৰিলে নে? 

U can do it.. আপুনিয়েই পাৰিব ।যিদৰে জুইত হাতখন সোমালে আপুনিয়েই আতৰাই দিবলৈ শিকিছে, যিদৰে কষ্ট লৈয়ো হাঁহিব শিকিছে, যিদৰে পোষ্টটো পঢ়ি আপোনাৰ মনত এক শক্তি অনুভৱ কৰিব শিকিছে । প্রয়োজন মাত্ৰ অদম্য ইচ্ছাশক্তি। প্ৰয়োজন মাত্ৰ প্রতিনিয়ত হাবি বন, এডাল গছৰ পৰা সিডাললৈ , সাগৰ , আকাশ তলত প্ৰচন্ড ৰ'দত ঘুৰি ফুৰা কশেৰুকা ভাঙি যোৱা এই মানুহজনৰ দৰে আপোনাৰ মনৰ লুকাই থকা মানুহজনক উলিয়াই লৈ অনাটো ।

চ্যালুট !এশবাৰ চ্যালুট পৃথিৱীক এটা সুন্দৰ জীৱন উপহাৰ দিয়া বাবে

(ভাবানুবাদ)

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog